গুঁইক লৈ আমাৰ কলাবাৰীৰ(গহপুৰ) ফালে ঢেৰ কাহিনী। শনিবাৰ-মঙ্গলবাৰে হেনো গুঁইৰ জ্বৰ উঠি থাকে, গুঁয়ে মানুহক কামুৰি যদি মানুহজনতকৈ আগত পানীত জপিয়াই দিয়ে তেনেহ'লে হেনো মানুহজনৰ মৃত্যু নিশ্চিত হয়। ঠিক তেনেদৰে মানুহজন যদি আগত পানীত জপিয়াই দিয়ে তেনে গুঁইটোৰ মৃত্যু নিশ্চিত হ'ব। আচলতে কথাবোৰৰ অলপো যুক্তিযুক্ততা নাই, চমুকৈ ক'বলৈ গ'লে সকলো মিছা।
গুঁই আটাইতকৈ ডাঙৰ জেঠীজাতীয় অবিষাক্ত জীৱ। উত্তৰ-পূব ভাৰতত গুঁইৰ তিনিটা প্ৰজাতি পোৱা যায়। ইয়াৰ কামোৰত মানুহৰ একো অপকাৰ নহয়। ইয়াৰ লেলাৱতীত বেক্টেৰিয়া থাকে, কিয়নো গুঁয়ে কেঁচা-গেলা সকলো ভক্ষণ কৰে। গুঁই সমগ্ৰ মানৱজাতিৰ বাবে উপকাৰী এবিধ জীৱ। কিছুমানে গুঁইৰ মাংসত বেমাৰ প্ৰতিৰোধক থাকে বুলি ভাবে, সেয়া শুদ্ধ নহয়।
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য নিশান্ত বৰদলৈৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰ ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment