মই বেশ্যা নহয়,ৰাইজ আপোনালোকে ভুল বুজিছে | মোক বিশ্বাস কৰক |
ঘৰৰ বাৰাণ্ডাৰ খুটাত বান্ধি ৰখা অৰ্ধ উলংগ মহিলাজনীয়ে কান্দি কান্দি কৈছিল |
কিন্তু তাইৰ কথা উপস্থিত ৰাইজে শুনিৱ বিচৰা নাছিল | কোনোবাই কৈছিল " ঐ তাইক পুলিছত গতাই দে " কোনোবাই কৈছিল " তাই আমাৰ গাঁৱৰ সন্মান শেষ কৰি দিলে | মুঠৰ এপৰত নানা মুনিৰ নানা মত |
তাৰ মাজতে গাঁৱৰ মহিলা সকলৰ নিৰ্মম আক্ৰমন তাইৰ ওপৰত | কোনোবাই আকৌ তাইৰ অৰ্দ্ধ বস্ত্ৰ খন গুছাই তাইক সম্পূৰ্ণ উলংগ কৰিব বিচাৰিছে | তাই আকৌ লজ্বাৰ ভয়ত চিঞঁৰি উঠিছে |
- ৰাইজ ,মই বেশ্যা নহয় | মোক নামাৰিব | মোৰ বস্ত্ৰহৰণ নকৰিব |
সঁচাই কৌৰৱ বংশই দ্রোপদীৰ বস্ত্ৰহৰণ কৰিব চেষ্টা কৰিছিল ৰাজসভাত | কিন্তু আজি এচাম কৌৰৱ ৰূপী মহিলাৰ এজনী মহিলাৰ বস্ত্ৰ হৰণ কৰা চেষ্টা | বাৰাণ্ডাৰ আন এটা খুটাত বান্ধি ৰখা হৈছিল এজন অচিনাকী অৰ্দ্ধ উলংগ পুৰুষ |
তাৰ ওপৰত নিৰ্যাতন চলিছিল আকৌ এচাম পুৰুষে | অৱশেষত গাঁৱৰ এচাম সচেতন ব্যক্তি আহি পাইছিল | তেওঁলোকে সিহতৰ গাৰ বান্ধ সমূহ খুলি দিছিল | পৰিস্থিতি নিয়ন্ত্রনৰ হকে গাঁৱৰ ৰাইজক দাবী ধমকি দিছিল |
গাঁৱৰ গাওঁবুঢ়া ৰমাকান্ত আহি পাইছিল | আৰু কাঞ্চন মানে মহিলা জনীক সুধিছিল |
- কাঞ্চন ,এইবোৰ কি হৈছে ? ছিঃছিঃ আজি নিজে লাজ পাইছো |
কাঞ্চনে তলমূৰ কৰি কৈছিল |
- মই বেশ্যা নহয় খুড়া |
ৰমাকান্তই তাইক কৈছিল |
- মই বুজিছো কাঞ্চন | আজি আমাৰ গাঁৱৰ এজনী বোৱাৰীক লৈ এনে পৰিস্থিতিৰ উদ্ভৱ হোৱাত নিজে লজ্বাবোধ কৰিছো | কিয় এনে হ'ল মোক বুজাই কছোন |
ইতিমধ্যে পৰিস্থিতি কাহ পৰি জীন যোৱা অৱস্থা |
- শুনক খুড়া |
কাঞ্চনে আৰম্ভ কৰিছিল |
কালি আমাৰ মাইনা আৰু নেইনা ( মানে সিহতৰ কাষৰ মানুহ ঘৰৰ ছোৱালী ) ৰ মাজত উমলি থাকোতে কাজিয়া হৈছিল | সিহত সৰু ছোৱালী সিহতৰ মাজত কিবা লগাতো স্বাভাবিক | কিন্তু নেইনাৰ মাকে তাক লৈ মোৰ লগত কাজিয়া কৰিব আহিছিল |
- ঐ কাঞ্চন ,কাঞ্চন
কাঞ্চন ভিতৰত কিবা কামত ব্যস্ত হৈ আছিল | তেনেতে নেইনাৰ মাকৰ মাতত হাতখন চাদৰৰ আছলত মছি মছি বাহিৰত ওলাই আহিছিল |
- কি হ'ল বাইদেউ ?
- কি হ'ল বাইদেউ নহয় মাইনাক ভালকৈ ৰাখিবি | নহ'লে কোনোবা দিনা মুছৰি মাৰিম |
- বাইদেউ কি কথা কৈছে | কি হ'ল ?
- কি হ'ল মানে তাই আমাৰ নেইনাক মাৰি কি কৰিছে চা |
এই সাধাৰণ কথাটোক লৈ কাঞ্চন আৰু নেইনাৰ মাকৰ বহুত বাক-বিতণ্ডা হৈছিল | অবশেষত দুয়োখন ঘৰৰ মাজৰ সম্পৰ্ক শেষ হৈছিল |
কাঞ্চনৰ স্বামী নিৰজ গাড়ী ড্রাইভাৰ | আজি নিজৰ কামৰ বাবে সি গুৱাহাটী যাৱলৈ ওলাল |
- কাঞ্চন , আজি মই ঘূৰি আহিব নোৱাৰিম | তুমি মাইনাৰ লগতে থাকিবা |
আগতেওঁ নিৰজ এনেকে বাহিৰত গ'লে তাইৰ অকলে থকা অভ্যাস আছে |
তাই তাৰ চাৰ্টৰ বুটাম কেইটা দিছিলে |
- হব , তুমি কেবল ভালকৈ যাবা,স্পীডত গাড়ী নচলাবা | আৰু খোৱা লোৱা সময় মতে কৰিবা |
সি তাইক দুয়োখন হাতেৰে সাৱতি মৰমত কৈছিল |
- হব মাই ডিয়েৰ | মই আহো,,,,,
সি গুৱাহাটী গ'ল গৈ | কাঞ্চন আৰু নিৰজৰ সম্পৰ্ক গাঁৱৰ বহুত বোৱাৰীৰ ইৰ্ষাৰ বিষয় | কেতিয়াওঁ সিহতৰ মাজত হাই-কাজিয়া নাই |
নিৰজ নহ'লে কাঞ্চনৰ ৰাতিটো উদাস উদাস লাগে | তথাপি কামৰ খাতিৰত যাৱ লাগিব |উপায় নাই | দিনৰ পাছত সন্ধিয়া নামি আহিছিল | গাঁৱৰ প্রতিটো ঘৰত বিজুলি বাতিৰ পোহৰ জ্বলিছিল |মাইনা পঢ়া পাতিত বহিছিল | কাঞ্চনে সন্ধিয়া হোৱাৰ লগে লগে তুলসীতলত বন্তি গছি জ্বলাই ,আজিওঁ তাই বন্তি গছি জ্বলালে | ধূপ-ধূনাৰ সুগন্ধত ঘৰখনত বৃন্দাবনৰ সুগন্ধি চৰিছিল | তাই খোৱাৰ যোগাৰ কৰিবলৈ পাকঘৰত সোমাইছিল |
তেনেতে বাহিৰত |
- নবৌ,মাত এষাৰ লগাবচোন |
বাহিৰত কাৰোবাৰ মাত শুনি মাইনাই মাকক কৈছিল |
- মা,কোনোবা আহিছে |
- গৈছো ৰবা |
কাঞ্চনে পাকঘৰৰ পৰা ওলাই আহিছিল | তাকে সন্ধিয়াখন কোন আহিল বাৰু |তাই দৰ্জাখন খুলিদিছিল | লাইটৰ পোহৰত দেখিলে নিৰজৰ সম্পৰ্কীয় মাহিয়েকৰ ল'ৰা অৰূপ |
- অৰূপ,এই সন্ধিয়া কৰ পৰা ওলালা |
- নকবা,নবৌ | অফিচৰ কামত এইফালে আহিব লগা হ'ল | উভতি যোৱা গাড়ী নাপালো | ভাৱিলো আপোনালোকৰ তাত ৰাতিটো থাকি দিওঁ |
অৰূপৰ কথা শুনি কাঞ্চনে ভাৱিছিল | এইফালে নিৰজ ঘৰত নাই | অন্য ফালে অৰূপে বিপদত পৰিছে | কি কৰা যায় বাৰু এতিয়া | নিশাৰ অতিথি | তাই ৰাখিব নোৱাৰো বুলি ক'লে কি কব বাৰু | মানুহে কয় বিপদৰ বন্ধু হেনো আছল বন্ধু |
- নবৌ কি ভাৱিছে,যদি অসুবিধা হয় নাথাকো বাৰু |
অৰূপৰ মাতত তাইৰ ভাৱনা ভংগ হ'ল |
- নাই ,নাই কিয় তেনেকে কৈছা ! আহা আহা ভিতৰত আহা |
- নবৌ নিৰজ দা ক'ত ?
-অহ,তেওঁ আজি ৰাতিপুৱাঁই গুৱাহাটী গৈছে | আজি উভতি নাহে !
কথাটো শুনি অৰূপৰ ভাল নালাগিল |
- চেহেঃ ভাৱিছিলো দাদাক লগপাম | কিন্তু নবৌ দাদাৰ অনুপস্থিতিত ,,,,,
তাই বুজিছিল অৰূপে কি কব বিচাৰিছিল |
- নাই নাই একো নাই | তুমি বহা মই চাহ কৰো |
তাই অৰূপৰ বাবে চাহ কৰিবলৈ পাকঘৰত সোমাল | তাই ভাবিলে অৰূপ অহা কথাটো একেলগে নিৰজক জনাওঁ | তাই নিৰজলৈ ফোন লগালে |
- হেল্ল' কাঞ্চন কোৱা
- কথা এটা হ'ল !
নিৰজৰ বুকু কপি উঠিল | সি ভাৱিছিল ঘৰত কিবা হ'ল নেকি !
- কি কথা ?
- মানে আমাৰ ঘৰত অৰূপ আহিছে,ৰাতি থাকিব মই এতিয়া কি কৰো কোৱা ?
তাইৰ কথা শুনি নিৰজে কৈছিল |
- কি কৰো মানে ! তাক থাকিব দিয়া | তাৰ ঘৰত গ'লে আমাক কিমান সন্মান কৰে | আমাৰ নিচিনা মানুহৰ ঘৰত আহিছে যে |
নিৰজৰ কথা খিনি শুনি তাইৰ মুখেৰে হাঁহি বাগৰিল | এয়া প্রশান্তিৰ হাঁহি | সিহতৰ মাজত থকা বিশ্বাসৰ হাঁহি |
- কাঞ্চন , অৰূপক ফোনটো দিয়াছোন |
তাই নিৰজে বিচৰতাত অৰূপক ফোনটো দিলে |
- অৰূপ দাদাই ফোন কৰিছে | কথা পাতিব |
অৰূপে ফোনটো লৈছিল |
- ঐ বদমাছ ,আহিব আৰু সময় নাপালি ?
নিৰজে অৰূপক কৈছিল |
- মানে দাদা কামৰ বাবে,,,,
- হাৰে বুজিছো বুজিছো | শুন মই ৰাতিপুৱাঁ গৈ পাম তই থাকিবি কিন্তু |
ইটো সিটো বহুতো কথা পতাৰ পাছত ফোনটো ৰাখিছিল |
কিন্তু কাঞ্চন হতৰ ঘৰত এটাই সমশ্যা | এটা কোঠাতে দুখন বিচনা | এটা আলহি বহা কোঠা | আনটো পাকঘৰ | সিহতৰ সৰু ঘৰ খনৰ বাবে সেয়াই যথেষ্ট | কিন্ত আজি উপায় নাই অতিথি দেৱ ভৱ |
ইতিমধ্যে ৰাতি দহবাজিছিল | তাই অৰূপক ভাত দিলে |
- অৰূপ আজি খালি ভাত খোৱা | বিশেষ বনাৱ নোৱাৰিলো | কালি দাদা আহিলে ভালকৈ এসাজ খাবা |
অৰূপে হাঁহি মাৰি কৈছিল |
- হব নবৌ | মই এনেকে নিৰামিষ খাই ভালপাওঁ | মানুহ সুস্থ হৈ থাকে |
সিহতৰ খোৱা শেষ | কাঞ্চনে অৰূপে শুৱা বিচনাখন ঠিক কৰি দিলে | সি নিজৰ ডিউটিত অহা হেতুকে একো কাপোৰ লগত অনা নাছিল |
- অৰূপ এই গামোছা খন সলাই লোৱা |
সি অকমান সংকোচ কৰিছিল | ডেকা ল'ৰা |
- নবৌ নালাগে দিয়ক |মোৰ মানে গামোছা পিন্ধা অভ্যাস নাই |
তাই বুজি পাইছিল সি লাজ কৰিছিল |
- একো লাজ কৰিব নালাগে,তুমি মোৰ ভাইটিৰ দৰে |
শেষত লাজ লাজকৈ গামোছা খন পিন্ধি লৈছিল | তাই দেখিছিল অৰূপ খুব শান্ত ল'ৰা | কিছু সময় পাছত সিহত শুলে |
আজি সিহতৰ ঘৰৰ লাইট জ্বলাই থলে | কাৰন এজন ডেকা ল'ৰা ঘৰত আছে | মানুহে ভুল বুজিব ও পাৰে | কিন্তু নিৰজে তাইক কেতিয়াওঁ ভুল নুবুজে | কাৰন সেই বিশ্বাসঘাটকতা তাই কৰা নাই | তাইৰ নিচিনা দেখনিয়াৰ বোৱাৰী এজনীৰ কাষত বহুতো আহিব বিচাৰে | কিন্তু তাই সেই সুযোগ কেতিয়াওঁ নিদিয়ে |
ইতিমধ্যে সিহতৰ ঘৰত যে আজি নিৰজ নাই নেইনাৰ মাকে গম পাইছিল | কিন্তু আজি সিহতৰ ঘৰত এজন ডেকা ল'ৰা আহিছে সিহতে গম পাই সিহতৰ ঘৰলৈ আহিল | বাহৰ বেৰৰ ফাকেৰে জুমি জুমি চাইছিল সিহতৰ ঘৰৰ ভিতৰলৈ | মাইনা মাকৰ বুকুৰ মাজত টোপনি গৈছিল | এইফালে দিনটোৰ ব্যস্ততাৰ পাছত অৰূপৰ চিলমিল টোপনি আহিছিল | সেই ৰাতিয়ে নেইনাৰ মাকে গাঁৱৰ দুজনী মানক খৱৰ দিলে |
আজি নিৰজ ঘৰত নাই | কাঞ্চনে এজন ডেকা ল'ৰা মাতি ঘৰত ৰাখিছে | সেই কথা বিয়পি পৰাৰ লগে লগে গাঁৱৰ মানুহবোৰ ওলাই আহিছিল |
- ঐ দৰ্জা খোল | ঐ কাঞ্চন |
কাঞ্চন টোপনিৰ পৰা জাপ মাৰি উঠিছিল |
- নবৌ বাহিৰত কি হ'ল | বহুত মানুহ যেন লাগিছে |
অৰূপে ও টোপনিৰ পৰা সাৰ পাইছিল | আৰু তাৰ ভয় লাগিছিল | অচিনাকী ঠাই ,বাকি মানুহৰ অচিনাকী |
- ঐ খেল খেলি থাকিবি নে দৰ্জা ভাগিব লাগিব |
কাঞ্চনে একো বুজি নাপালে কি হ'ল |তাই ভয় ও খালে | তাই বিচনাৰ পৰা নামি চুলিটাৰি বান্ধি ল'লে আৰু ভয় ভয় কৈ দৰ্জা খন খুলিলে | তাই দেখিছিল গাঁৱৰ ডেকা - বুঢ়াৰে সিহতৰ চোতাল ভৰিছিল |
- কি হ'ল
তাইৰ মুখৰ পৰা শব্দটো ওলোৱাৰ লগে লগে গাঁৱৰ মহিলা সকলে তাইক চোচৰাই লৈ গ'ল | ডেকা বোৰ ভিতৰত সোমাই আহিল | আৰু অৰূপক বিচনাৰ পৰা উঠাই বাহিৰত নিলে | সি ভয়ংৰৰ পৰিস্থিতিৰ মুখামুখি হৈ বহুত ভয় খালে |
সিহতৰ ওপৰত চলিল শাৰিৰীক অত্যাচাৰ |
- ৰাইজ,মই বেশ্যা নহয় | এইজন আমাৰ সম্পৰ্কীয় ল'ৰা | সি বিপদত পৰাত আমাৰ ঘৰত আছে | তাপ লগত মোৰ একো বেয়া সম্পৰ্ক নাই |
কিন্তু নাই মানুহে তাইৰ কথা নুশুনিলে | কোনোবাই তাইৰ চাদৰ খন খুলি পেলালে | কোনোবাই আকৌ তাইৰ ব্লাউজ তানি ফালিলে | বাৰাণ্ডাৰ খুতাত সিহতক বান্ধি থলে |
তাই কথা খিনি কৈ হুকহুকাই কান্দিলে | ৰমা গাওঁবুঢ়াই কথা খিনি বুজি পালে | ৰমাই তাইৰ দেহত চাদৰৰ আছল খন ধাকি দিলে | আৰু অৰূপক নিজৰ কাষত আনিলে |
- ৰাইজ,কাৰোবাৰ ব্যক্তিগত প্রতিশোধৰ বাবে আজি কাঞ্চনক বদনামী কৰাৰ চেষ্টা কৰা হ'ল | এইখন সমাজৰ কি হ'ল বাৰু ? মানুহবোৰ শিক্ষীত হৈছে সঁচা ,কিন্তু কিতাপৰ কলা আখৰ কেইটা পঢ়ি শিক্ষীত হোৱাকে শিক্ষীত নকয় | শিক্ষীত হবলৈ মানুহক জ্ঞান,ধৈৰ্য্যৰ প্রয়োজন |আজি উপলব্ধী কৰিলো বিপদত পৰা বন্ধুক সহায় কৰিবলৈ ভয় লগা হ'ল দেখোন | তাৰমানে সঁচাই উপকাৰী মানুহক অজগৰে খাই |
গাওঁবুঢ়াৰ কথাত ৰাইজৰ ভুল ভাগিল | ৰাইজে বুজি পালে প্রকৃত দোষী কোন |
- দোষীক আমি গাঁৱৰ পৰা এলাগী কৰিম |
গাঁৱৰ জ্যেষ্ঠ পদুম মহাজনে ঘোষনা কৰিলে |
- ৰাইজ মোক এটা প্রশ্নৰ উত্তৰ দিয়ক মোৰ হেৰুৱা সন্মান উভতি আহিব নে ? এইজন অতিথিৰ সন্মান ঘূৰাই দিব পাৰিব ? মই বাৰে বাৰে কৈছিলো মই বেশ্যা নহয় | কিন্তু তাৰ পাছত ও,,,,,,
কাঞ্চনে কান্দি কান্দি কোৱা কথা কেইটাত পদুম মহাজনে ক'লে |
- হব আইজনী আমি বুজি পালো | তুমি চিন্তা নকৰিবা দোষীক আমি উচিত সাস্তি দিম | এতিয়া আমি সকলো যাওঁ | বোপা তুমি ও চিন্তা নকৰিবা | আমি তোমাক ভুল বুজা নাই |
মানুহবোৰ ঘৰাঘৰি গ'ল | অৰূপে কাঞ্চনৰ চকুলৈ চাইছিল |
- নবৌ
- অৰূপ মই সঁচাই লজ্বাবোধ কৰিলো |
সি কাঞ্চনক বুজাইছিল |
- নকৰিব নবৌ এয়াই আমাৰ ঠেক মনোভাৱৰ সমাজ | আচল দোষীক ধৰিব নোৱাৰি দুৰ্বলক দোষী সজাই | মই সুখী কাৰন ৰাইজে এটা শিক্ষা লাভ কৰিলে |
কাঞ্চনে আচৰিত হৈছিল সঁচাই অৰূপ আচৰিত ল'ৰা | নিজৰ সন্মানৰ কথা চিন্তা নকৰি ৰাইজৰ কথা চিন্তা কৰিলে |
লাজ-অপমানেৰে সিহত আকৌ নিদ্রাদেৱীৰ কোলাত পৰিল ।
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰ ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment