মই এইচ্ আই ভী পজিটিভ ! - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, December 1, 2020

মই এইচ্ আই ভী পজিটিভ !


যোৱানিশা তাই ঢুকাল। শূন্যতাত ওলমি থকা তাই, শেষ নিশালৈকে মোৰ শৰ্য্যাসংগিনী আছিল। তাই মোৰ পত্নী, মোৰ বুকুৰ এফাল। তাইৰ বিৰুদ্ধে কোনোবাই 'টু' শব্দ এটা উচ্চাৰণ কৰিলেও মই সিংহৰ দৰে গৰজি উঠিছিলোঁ। এতিয়া তাই চেঁচা, শ্মশানৰ অতিথি।


মৰাশ হ'লেও তাইৰ সৰ্বদেহত মোৰ অাজন্ম অধিকাৰ। ৰচীডালৰ পৰা মনালিছাক এৰুৱাই অানিলোঁ। তাইৰ ডিঙিত ৰচীয়ে চেপা এটা বীভৎস দাগ। অালফুলকৈ তাইক চোতালত শুৱাই, বগা কাপোৰখনেৰে তাইৰ দেহটো ঢাকি পেলালোঁ। মোৰ পত্নীৰ মৃত্যুত হিয়া উজাৰি কন্দিবলৈ মোৰ বাহিৰে কোনো নাই! অামি দুয়ো দুয়োৰে বাবে সকলো অাছিলোঁ। তাইৰ অসংযত দীঘল চুলিখিনি অাঁচুৰি পেলালোঁ। সেন্দূৰৰ টেমাটো অানি তাইৰ শিৰত অাঁকি পেলালোঁ মোৰ অদৃশ্য ছবি! এই যেন তাই হাঁহিব! হেজাৰটা মৃত্যুৱেও দাহ কৰিব নোৱাৰে মোৰ মনালিছাৰ নিৰপৰাধী হাঁহি।


তগৰ জোপাৰ কাষৰ সমান ঠাই টুকুৰাতে তাইৰ চিতাখন সাজিলোঁ। মনালিছাই এই ঠাই টুকুৰাতে বহি পুৱা হাঁহ পোৱালি চৰাইছিল। জোনাকৰ ৰাতিবোৰত এই ঠাই টুকুৰাতে তাই মোৰ কোলাত মূৰ থৈ জোনাকী আকাশখন চাইছিল। খহি পৰা চাদৰখন তাইৰ গাত ধুনীয়াকৈ মেৰিয়াই দিলোঁ। বেলি উঠাৰ মধুৰ ক্ষণতেই তাইক চিতাত তুলি দিলোঁ। এইখিনি সময় মনালিছাৰ খুবেই প্ৰিয়। ক'লীয়া ধোঁৱা এজাকে বুৰাই পেলালে অামাৰ ঘৰৰ চৌপাশ!


দিহিংপৰীয়া মোৰ গাঁও। গোটেই পৃথিৱীখনৰ সৈতে যুদ্ধ কৰি মই তাইক অাপোন কৰি লৈছিলোঁ। তাইক দিবলৈ মোৰ একোৱেই নাছিল। শূন্য দুহাতেৰে মোৰ পদূলিত তাইক অাদৰিছিলোঁ। হাতৰ মুঠিৰ পৰা হেৰুওৱা কিছুমান সপোনৰ স্মৃতি তাইৰ দুহাতত সঁপি দিছিলোঁ। মোৰ সৰু পঁজাটোত তাই প্ৰাণ খুলি হাঁহিছিল। জীৱন্ত মনালিছাৰ হাঁহিত দাউ-দাউকৈ জ্বলিছিল দুখ। পিতাইৰ এবিঘা মাটি সেউজীয়া হৈছিল মনালিছাৰ হাঁহিত। তাই মোৰ শূন্য দুহাতত খামুচি ধৰিছিল- "কিয়নো ইমানকৈ চিন্তা কৰি থাকা?"


অামাৰ যুগ্ম জীৱনলৈ কাল অমানিশা নামি অাহিছিল। ডাক্তৰে মোৰ পত্নীৰ হাতত গুজি দিছিল মোৰ মৃত্যুৰ দলিল। মোৰ প্ৰতি অাকস্মিকভাৱে মনালিছাৰ অাদৰ-যত্ন বাঢ়ি গৈছিল। বহু পলমকৈ মই গম পাইছিলোঁ মোৰ জীৱনৰ সেই অপ্ৰিয় সত্য। মই এইচ্ আই ভী পজিটিভ। কিন্তু ই কেনেকৈ সম্ভৱ হ'ব পাৰে!! মনালিছাই অাছিল মোৰ জীৱনৰ প্ৰথম অাৰু শেষ নাৰী। তেনেহ'লে মনালিছা…… নাই,নাই মই অাৰু ভাৱিব নোৱাৰিলোঁ। ডাক্তৰী পৰীক্ষাৰ অন্তত ওলাই পৰিল কেনেকৈ মৃত্যুদূতৰূপী দূষিত চিৰিঞ্জে মোৰ দেহলৈ কঢ়িয়াই অানিলে সেই মাৰাত্মক ব্যাধি। অাৰু মনালিছা? তায়োটো একে পথৰ যাত্ৰী। মনালিছাৰ দুবাহুত ধৰি মই হুৰাহুৰে কান্দিছিলোঁ। অকল মোৰ বাবেই তাইৰ হেঁপাহী ঘৰখন ধূলি-ধোঁৱাৰ সৈতে মিলি গ'ল। মোৰ জীৱনৰ দুখবোৰ কাঢ়ি লৈ তায়ো মোৰ সৈতে মৰিবলৈ ওলাল। মোৰ মূৰটো বুকুৰ মাজলৈ নি তাই দৃঢ়প্ৰত্যয়েৰে কৈছিল- "তুমি নাজানা, তোমাৰ সৈতে মৰিবলৈ ওলাই আজি মই কিমান সুখী!"


অামি দুয়ো সকলোৰে ঘৃণাৰ পাত্ৰ হৈ উঠিলোঁ। অামাৰ স্পৰ্শও হৈ উঠিব কাৰোবাৰ মৃত্যুৰ কাৰণ। প্ৰথম অৱস্থাত অামাৰ প্ৰতি থকা সমাজখনৰ ভুল ধাৰণাবোৰ অাঁতৰাবলৈ চেষ্টা কৰিলোঁ। অামাৰ স্পৰ্শ হাঁহি-কান্দোন কাৰোৰে মৃত্যুৰ কাৰণ হৈ উঠিব নোৱাৰে। চিনাকি মানুহবোৰৰ ৰুক্ষ ব্যৱহাৰে মোক ভাৰাক্ৰান্ত কৰি তোলে। মোক বিদ্ৰোহী কৰি তোলে। মোৰ বিদ্ৰোহী সত্ত্বাই মূৰ দাঙিবলৈ নৌপাওঁতেই মনালিছাই হাঁহে- "কিয়নো তুমি একেবোৰ কথাকে চিন্তা কৰি থাকা, মই অাছোঁ নহয়।"


মই ক'ৰবালৈ ওলাই গ'লে ৰাস্তাটো জনশূন্য হৈ উঠে। মোক দেখিলে পদূলিলৈ ওলাই অহা বৰুৱা ছাৰকো বহুদিন লগ পোৱা নাই। বিজুলী মাহীয়ে অাজিকালি অাবেলি অামাক চাহ খাবলৈ নামাতে। গাখীৰৰ গোৱালটোৱে অামাক গাখীৰ নিদিয়ে। তিনিঅালিৰ ৰত্ন দোকানীয়ে দোকানৰ মালকেইটা টেবুলতে ৰাখে। অাগৰ দৰেই মোৰ হাতত হাত লগাই পইচা নলয়। মেট্ৰিকত অাটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক লৈ গাঁৱলৈ ঘূৰি অহাৰ দিনা মানুহবোৰে মোক কান্ধত উঠাই নামঘৰলৈ লৈ আহিছিল। অাজি সেইবোৰ মানুহে মোলৈ নাচায়, নামাতে। গোটেই পৃথিৱীখনে যেন মোৰ বিৰুদ্ধে যুদ্ধ ঘোষনা কৰিছে। মই পগলাৰ দৰে ঘৰলৈ দৌৰোঁ, মনালিছাৰ বুকুত সোমাই সৰু ল'ৰাৰ দৰে উচুপি উঠোঁ। বুকুখন পাতত পাতত লাগে।


দিহিঙপাৰৰ ৰাতিপুৱাটোতেই মোৰ শেষ সিদ্ধান্তটোৰ কথা মনালিছাক জনাইছিলোঁ……

:মণি, মই অাৰু জীয়াই থাকিব নোখোজোঁ!

:কি???

:অ' মণি মই মৰিব খোজোঁ!

:মোক কাৰ হাতত থৈ যাম বুলি ভাবিছা?

:প্লিজ্ মণি, ধেমালি নকৰিবা। 

:মই ধেমালি কৰা নাই। বৰঞ্চ অাচৰিত হৈছো, তুমি মোক অকলে এৰি থৈ যোৱাৰ কথা কেনেকৈ ভাবিব পাৰিলা!!!


দিহিঙৰ পাৰতেই অামি দুয়ো এক সিদ্ধান্তত উপনীত হৈছিলোঁ। মই ৰত্ন দোকানীৰ পৰা দুডাল ৰচী আৰু এখন বগা কাপোৰ কিনি অানিছিলোঁ। সন্ধিয়াৰ গোসাঁই থাপনাত অামি একেলগে মৃত্যুৰ অাৰধনা কৰিছিলোঁ। পুৱতি নিশালৈকে তাই মোৰ বুকুত শুই অাছিল। বাৰান্দাৰ মাৰলিডালত ময়েই তাইক ৰচীডাল বান্ধি দিছিলোঁ। শেষবাৰৰ বাবে মই তাইৰ কপালত এটা চুমা অাঁকিছিলোঁ। তাই মোৰ হাতদুখনত খামুচি ধৰিছিল……"দুখ নকৰিবা, মই তোমাৰ বাবে ৰৈ থাকিম!"


পিৰালিৰ কাষতে মনালিছাই ৰোঁৱা গোলাপজোপা উঠাই অানি তাইৰ মৰিশালিটোৰ কাষতে ৰুলোঁ। পদূলিমুখৰ কৃষ্ণচূড়া জোপাৰ পৰা ৰঙা পাহিবোৰ চিঙি অানি তাইৰ মৰিশালিত ছটিয়াই দিলোঁ। দুডাল ধূপকাঠি জ্বলাই দিলোঁ। মনালিছাই ন কইনাৰ সাজত পিন্ধা কাপোৰযোৰ অানি তাইৰ মৰিশালিটোৰ কাষতে থ'লো। অামাৰ সপোনৰ কঁহুৱালৈ গোঁঠা সৰু সৰু চোলা দুটা আনি তাইৰ মৰিশালিত মেলি দিলোঁ। মৰিশালিৰ জয়াল সাজতো মনালিছাক ধুনীয়া দেখি।


দৰাচলতে অামি দুয়ো একেলগে গুচি যোৱাৰ কথা আছিল। মইহে অকণমান দেৰিকৈ যোৱাৰ সিদ্ধান্ত ল'লোঁ। অন্ততঃ অাজিৰ এই সময়খিনিত মই পৃথিৱীৰ কোনো এজন মানুহকেই বিশ্বাস নকৰোঁ। এখন বেলেগ পৃথিৱীৰ বাসিন্দা হৈয়ো মোৰ মৰমী মনালিছাৰ মৃতদেহ কাউৰী-কুকুৰে খোৱাটো কেনেকৈ সহ্য কৰিম। মৰাশ হ'লেও তাই মোৰ পত্নী, মোৰ বুকুৰ এফাল। মোৰ পত্নীৰ মৃতদেহ সৎকাৰৰ বাবেই মই এদিন ৰৈ দিব লগা হ'ল।


অাজি, মোৰ মৃত্যু দিন!


বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য নিশান্ত বৰদলৈৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰ ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages