২০২০ বৰ্ষটো যেন কালিকা লাগিছে বলীউডত,ইজনৰ পিছত সিজন বলীউড শিল্পীৰ মৃত্যুৰ বাতৰিৰ পিছতে শেহতীয়াকৈ আৰ্য্য বেনাৰ্জী নামৰ অভিনেত্ৰী গৰাকীৰ ৰহস্যজনক মৃত্যুৰ বাতৰিয়ে পুনৰ জোকাৰি গল সমগ্ৰ বলীউড জগৎ খনক। ৩৩ বছৰীয়া মোহময়ী অভিনেত্ৰী গৰাকীৰ মৃতদেহ কলকতা স্থিত তেওঁৰ এটা এপাৰ্টমেণ্টৰ পৰা উদ্ধাৰ হয়।উল্লেখ্য যে, আৰক্ষীয়ে এপাৰ্টমেণ্টটোৰ দুৱাৰ ভাঙি অভিনেত্ৰী গৰাকীৰ মৃতদেহ বাহিৰলৈ উলিয়াই।
অভিনেত্ৰী গৰাকীৰ সম্পূৰ্ণ নাম দেবদত বেনাৰ্জী আছিল আৰু তেওঁ এটা পোহনীয়া কুকুৰৰ সৈতে অকলশৰে এপাৰ্টমেণ্টটোত বাস কৰিছিল।মৃত্যুৰ পৰত তেওঁ নিজৰ কোঠালীটো ভিতৰ ফালৰ পৰা বন্ধ কৰি ৰাখিছিল,আৰু যেতিয়া প্ৰতিবেশীয়ে দোৱাৰত ধকিয়াইও কোনো সুদোত্তৰ নেপাইছিল তেতিয়া তেওঁলৈ ফোন লগোৱা হৈছিল।কিন্তু ইয়াৰ পিছটো অভিনেত্ৰী গৰাকীৰ ফালৰ পৰা কোনো প্ৰতিক্ৰিয়া নপোৱাত আৰক্ষীক বিষয়টো অবগত কৰা হয়।
আৰক্ষীয়ে এপাৰ্টমেণ্টটোৰ পৰা কিছু ঔষধ আৰু সুৰাৰ বটলো উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে।অভিনেত্ৰী গৰাকীৰ মৃতদেহ ইতিমধ্যে মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে।আপোনালোকক জনাই দিব বিছাৰো যে বলীউডৰ হিট ছবি "দাৰ্টী পিক্চাৰ" আৰু "লভ ছেক্স এণ্ড ধ'খা"ত দেখিবলৈ পোৱা গৈছিল মৃত অভিনেত্ৰী গৰাকীক।তেওঁৰ মৃত্যু প্ৰকৃততে স্বাভাৱিক নে এক পৰিকল্পিত হত্যাকাণ্ড সেয়া অনাগত দিনতহে জানিব পৰা যাব।
No comments:
Post a Comment