এগৰাকী সৈনিকৰ হৃদয়স্পৰ্শী কাহিনী - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 10, 2020

এগৰাকী সৈনিকৰ হৃদয়স্পৰ্শী কাহিনী

 

বীভৎস মুখৰ ওখ মানুহজন বাচখনৰ ভিতৰলৈ সোমাই আহিল।তেওঁৰ বাবে নিৰ্দিষ্ট কৰি ৰখা ছিটটোত তেওঁ আহি বহিল।তেওঁৰ কাষৰ ছিটটোত এগৰাকী সুন্দৰী যুৱতী।মানুহজন বহাৰ লগে লগে যুৱতীগৰাকী প্ৰতিবাদমুখৰ হৈ উঠিল- 'মই এনে মানুহৰ কাষত নবহোঁ,মোৰ ভয় লাগে,মোৰ ঘৃণ লাগে।'কৰুণ হুমুনিয়াহ পেলাই মানুহজনে তন্ময়তাৰে যুৱতী গৰাকীৰ মুখলৈ চাই ৰ'ল।


খন্তেকতে যুৱতী গৰাকীয়ে পৰিৱেশটো উত্তাল কৰি পেলালে।বাচৰ পৰিচালকজন আহি যুৱতী গৰাকীক বুজালে- 'সকলোৱে আগতীয়াকৈ আসন বুকিং কৰি ৰাখিছে,তেনেস্থলত আমি এতিয়া আসণ সলনি কৰিব নোৱাৰোঁ।' যুৱতীগৰাকী নাচোৰবান্দা- 'মুঠতে মই এনে মানুহৰ লগত বহিব নোৱাৰোঁ।' ক্ৰমশঃ পৰিস্থিতি বেয়াৰ ফালে ঢাল খালে।ড্ৰাইভাৰ আৰু পৰিচালকক দুয়ো বাচৰ যাত্ৰীসকলক বুজাবলৈ চেষ্টা কৰিলে-'অনুগ্ৰহ কৰি কোনোবা এজনে যদি ছিটটো সলাই লয়,তেহে আমি সোনকালে যাব পাৰিম।' বাচৰ এজন যাত্ৰীও বীভৎস মুখৰ মানুহজনৰ লগত বহিবলৈ মান্তি নহ'ল।


শেষত আদবয়সীয়া বাচৰ পৰিচালকজন বীভৎস মানুহজনৰ কাষ চাপি আহিল- 'ছাৰ, আপুনি মোৰ ছিটটোতে বহক,মই ঠিয় হৈয়েই যাব পাৰিম,মাথোঁ অনুগ্ৰহ কৰি আপুনি বহক।'ছীটটো এৰি ওখ বীভৎসমুখৰ মানুহজন ঠিয় হ'ল,খুউব নম্ৰভাৱে তেওঁ কৈ গ'ল-'মই আৰ্মিত আছিলোঁ,সীমান্তত বোমা ফাটি মোৰ মুখখন জ্বলি গৈছিল।এই ছোৱালীজনী অথবা আপোনালোক কোনেও যেতিয়া মোৰ লগত বহিবলৈ মান্তি হোৱা নাছিল মোৰ বুকুত বিষাদৰ জুই জ্বলিছিল।অন্তৰখন ক্ষণিক সময়ৰ বাবে হ'লেও ভাগি পৰিছিল।মনতে ভাবিছিলোঁ নিজৰ জীৱনৰ কথা তিলমাণো চিন্তা নকৰাকৈ আমি আপোনালোকৰ নিচিনা মানুহক ৰক্ষা কৰিবৰ বাবেই সীমান্তত যুদ্ধ কৰোঁ নেকি?পাহৰি থাকোঁ নিজকে কাৰোবাৰ সন্তান বুলি,কাৰোবাৰ স্বামী বুলি,কাৰোবাৰ পিতৃ বুলি!'বাচখনৰ পৰিচালকজনক সাৱটি সৈনিকজন উচুপি উঠিল-'আচলতে মই একো ভুল কৰা নাছিলোঁ,মোৰ মুখখন জ্বলি যোৱাৰ বাবে এই সময়ত মোৰ কোনো আক্ষেপ নাই,আপোনাৰ নিচিনা মানুহৰ বাবেই মই সীমান্তত জ্বলিব পাৰোঁ,মৰিব পাৰোঁ,মাৰিব পাৰোঁ।'


এজাক ভয়ংকৰ ধুমুহাই জোকাৰি গৈছিল বাচৰ ভিতৰভাগ।প্ৰতিজন যাত্ৰী শিৰনত কৰি ঠিয় দিছিল।নিৰ্লোভ ভাস্কৰ্যৰ দৰে জিলিকি উঠিছিল সৈনিকৰ বাৰুদৰ মুখ।

(এটা ভীডিঅ'ৰ আঁত ধৰি)



বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য নিশান্ত বৰদলৈৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰ ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages