তিতাবৰত পোহনীয়া কুকুৰৰ স্মৃতিত সমাধি নিৰ্মাণ: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 10, 2020

তিতাবৰত পোহনীয়া কুকুৰৰ স্মৃতিত সমাধি নিৰ্মাণ:

তিতাবৰত এজনী পুহনীয়া কুকুৰৰ স্মৃতিত নিৰ্মান কৰা হল সমাধি।"বন্তী" নামৰ লেব্ৰাদ'ৰ প্ৰজাতিৰ মৃত কুকুৰ জনীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে সম্পূৰ্ণ বৈদিক প্ৰথাৰে অনুষ্ঠিত কৰা হল আদ্য শ্ৰাদ্ধৰ।যোৱা ৪ ডিচেম্বৰত জ্বৰ আৰু নিম'নিয়াত আক্ৰান্ত হৈ মৃত্যু হোৱা কুকুৰ জনীৰ গৰাকী ভিগুৰাম কৰ্মকাৰ  তথা তেওঁৰ পৰিয়ালটো দুখত ভাগি পৰে আৰু ৭ দিন লঘোনে থাকি আজি কুকুৰ জনীৰ আদ্যশ্ৰাদ্ধ সম্পন্ন কৰে।ভিগুৰাম কৰ্মকাৰৰ ঘৰ হৈছে তিতাবৰ চামগুৰিত আৰু তেওঁ এখন চৰকাৰী বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী।তেওঁ জনোৱা মতে, প্ৰায় দুটা বছৰৰ পূৰ্বে গোলাঘাট পৰা লেবাৰদৰ প্ৰজাতিৰ কুকুৰ জনী দুমাহৰ বয়সতে পুহিবৰ বাবে আনিছিল।আৰু পিছলৈ কুকৰজনী তেওঁলোকৰ তেজৰ সম্পৰ্কৰ কোনো পৰিয়ালৰ সদস্যৰ দৰে হৈ পৰে।

সেয়ে কুকুৰ জনীৰ মৃত্যুত তেওঁ যথেষ্ট দুখ প্ৰকাশ কৰিছে আৰু স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে এটি সমাধিও নিৰ্মান কৰি উলিয়াইছে।ইয়াৰ দ্বাৰা ভিগুৰাম কৰ্মকাৰ নামৰ ব্যক্তি গৰাকীয়ে পশু প্ৰেমৰ এক সুন্দৰ নিদৰ্শন ডাঙী ধৰিছে।

No comments:

Post a Comment

Advertisement

Pages