গোটেই জীৱনটো আহাৰ খাই অহাৰ পিচতো দুটামান সাধাৰন নিয়মৰ অভাৱত আমাৰ শৰীৰত হোৱা ৰোগৰ প্ৰধান কাৰন হৈ পৰে॥
যেনে:--
🍉কোনো কাৰনতে দৌৰাদৌৰিকৈ
ভোজন নকৰিব।
🍅খাদ্য খোৱাৰ মাজত বা শেষত ঠান্ডা পানী বা ফ্ৰিজৰ পানী খালে পাচনক্ৰিয়াত বাধা হৈ বিভিন্ন ৰোগ হব পাৰে। কুহুমীয়া গৰম পানী খাব।
🍓খাদ্য ভালকৈ চোবালে পানী কমকৈ খালেও হয়। জঠৰাগ্নিত আহাৰ হজম হোৱাৰ পিচত অৰ্থাত এক দেৰ ঘন্টা পিচত কুহুমীয়া গৰম পানী খোৱাতো ভাল।
☑আহাৰ খাই উঠি এটুকুৰা আদা নাইবা শিলিখা খালে সোনকালে হজম হয় ।
🍐ভাত খোৱাৰ আগত/পিচত চাহ খোৱাতো খুবেই বেয়া অভ্যাস। 🚫খোৱাৰ পিচত চিগাৰেট /ভাং নিচাদ্ৰব্য আদি খোৱা অত্যন্ত ক্ষতিকাৰক ।
🍌খাই উঠি কেতিয়াও গা ধুব নালাগে। এনে কৰিলে দেহৰ জঠৰাগ্নিৰ তাপমাত্ৰা কমি যোৱাৰ ফলত হজম নহৈ গেচ হোৱাৰ লগতে বহুতো বেমাৰ হব পাৰে।
☑ অভোকত কেতিয়াও আহাৰ নাখাব ।
🍆ভাত মাটিত বহি খোৱাতো উত্তম।
থিয় হৈ পানী বা খাদ্য খোৱাতো অনুচিত ।
🍒দিনৰ খাদ্য খাই উঠি ২০/৩০মিনিত বাওঁফালে কাতি হৈ শুই বা বহি জিৰনি লব।
বজ্ৰাসনত বহাতো অতি উত্তম ।
✅ৰাতি সোনকালে খাই (১০ বজাৰ আগত) কিচু 🚶খোজ কঢ়াতো ভাল। খোৱাৰ পিচত লগে লগে শোৱা আৰু মাজৰাতিৰ পিচত গুৰুপাক ভোজন কৰাতো ক্ষতিকৰ।
ৰাতি পাতল বা লঘুপাক আহাৰ খোৱাতো মংগল ।
☑ নিশাৰ আহাৰ খোৱাৰ ১ৰ পৰা দেৰ ঘন্টা পিচত শোৱাটো নানা ৰোগৰ বাবে হিতকাৰক ।
🍜ৰাতি দৈ খোৱাতো দেহৰ বাবে ক্ষতিকাৰক আৰু ভাত খোৱাৰ ঠিক পিচতে ফল খাব নালাগে। ফলাহাৰ কৰিলে লগে লগে পানী নাখাব ।
✅টেঙা, তিতা , ক্ষাৰ একে সাজতে নাখাব।
💥নিৰামিষ আহাৰ খুবেই উত্তম।💥 আমিষ খোৱাসকলে প্ৰতিদিনে মাছ মাংস নোখোৱাতো ভাল।
❌খোৱাৰ সময়ত অধিক কথা পতা , কাজিয়া,তৰ্ক,অশান্তি,দূ:চিন্তা ইত্যাদি কৰি আহাৰ খালে বদ হজমৰ লগতে দেহলৈ নানা ৰোগ আহে ।
☑ আহাৰক ভগৱানক প্ৰসাদ বুলি ভাবি নাইবা খোৱাৰ সময়ত ইষ্টদেৱক সোৱৰন কৰি খোৱাতো দেহৰ বাবে অত্যন্ত হিতকাৰী।
☑সম্পুৰ্ন পেট পুৰাই আহাৰ খোৱাতো দেহৰ বাবে ক্ষতিকৰ ।
আহাৰৰ অন্তত পোক পৰুৱা চৰাই চিৰিকতিলৈ এগৰাহ অন্ন এৰাতো পূণ্যৰ কাম।
👈 দেহা থাকিলেহে বেহা👉
দেহটো থিক সকলো থিক
সেয়ে নিজে বা পৰিয়ালৰ আন সদস্যকো পৰামৰ্শ দিবলৈ অনুৰোধ জনালো॥
আপোনাৰ স্বাস্থ্য সুৰক্ষাৰ অৰ্থে
শ্ৰী যতীন দাস । মালয়বাৰী
কামৰুপ মহানগৰ(অসম)জুলাই/২০১৭
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য যতীন দাসৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰ ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment