সময় পুৱা ৮ মান বাজিছে । হিল্লোলে গা ধূৱলৈ বাথৰুমত সোমাব লওঁতে চকুত পৰিল । ঘৰটোৰ প্ৰতিটো কোঠাৰ পৰ্দাবোৰ নতুন । এনেতে প্ৰভা খৰধৰকৈ হিল্লোলৰ ওচৰেৰে পাৰ হৈ যাব লওতে সি মাত লগালে ।
-আজি দেখিছোঁ তোমাৰ গাত তৰণি নাই, কথাটো কি??
- লৰাটো ঘৰলৈ আহিব । আৰু সি আহি পুৰণা পৰ্দাবোৰ দেখি ভাল নাপাব বুলি হে নতুন পৰ্দা লগালো ।
প্ৰভাই আকৌ ব্যস্ত হৈ পৰিল সিহঁতৰ বিচনাখন ঠিক কৰাত ।
-ঘৰৰ লৰা ঘৰলৈ আহিব তাত আৰু বেয়া পাবলৈ কিনো আছে??
-আপুনিও যে আৰু । সি ইমান দিনৰ মূৰত ঘৰলৈ আহিব । ঘৰখন যদি পৰি পাতিকৈ নথও কি বুলি ভাবিব ।
হিল্লোলৰ উত্তৰলৈ বাট নাচাই তাই ৰান্ধনী শাললৈ গুচি গল ।
-সি ইমান দিনৰ পাছত ঘৰলৈ আহিলেও ন কইনা লৈ নাহে দিয়া বুলি কৈ হিল্লোলেও বাথৰুমত সোমাল । ৰান্ধনী শালত প্ৰভাই ইটো সিটো কাম কৰি আছে । মনত উৎসাহৰ জোৱাৰ । হঠাতে ওচৰতে থকা মবাইলটো বাজি উঠিল । তাই মবাইলটো চাই ৰিচিভ কৰিলে -
-হেল্লো, বাবা......???
-কি তই আহি পালি??? এয়াৰপোৰ্ট??? ৰহ মই দেউতাৰাক পঠিয়াই দিও ।
খৰধৰকৈ প্ৰভা সিহঁতৰ বেদ ৰুমলৈ সোমাই আহিব লওতে হিল্লোলে হাতত ঘড়ীটো পিন্ধি পিন্ধি ওলাই আহিল ।
-হেৰি, বাবা আহি এয়াৰপোৰ্ট পালেহি ।
-অ সি পালেহিয়ে নেকি?
-উম, আপুনি সোনকাল যাওঁক । নহলে তাৰ খং উঠিব ।
-বাৰু বাৰু মই আহিছো ।
হিল্লোলে আহি তাৰ চাৰিচকীয়া বাহনখনৰ ওচৰ পালে ।প্ৰভাই ঘৰৰ পৰা ওলাই আহি মাত লগালে ।
-হেৰি, শুনকচোন ।
-আকৌ কি হল??
-বাবাক তাত একো খুৱাই নানিব । মই তাৰ কাৰণে কিবাকিবি বনাই থৈছো ।
-তুমি কি কোৱা হে প্ৰভা । সি ইমান দূৰৰ পৰা ঘৰলৈ আহিব । তাৰ যদি ভোক লাগে তোমাৰ খাদ্য বস্তুক আশা কৰি সি কি ভোকত মৰিব নেকি?? তোমালোক মাইকী মানুহবোৰৰ লগত নোৱাৰিছো আৰু ।
কথা কেইটা কৈ হিল্লোল গুচি গল।
-হৈছে হৈছে কথাৰ ফুটনি মাৰাৰ আগতে ভাবি চাব আমি মাইকী মানুহবোৰ নহলে আপোনালোকৰ কি অৱস্থা হলহেঁতেন । কথা কেইটা কৈ প্ৰভাও ঘৰৰ ভিতৰলৈ গল ।
জালুকবাৰী এয়াৰপোৰ্ট । দুই তিনিটা মান বেগ লৈ ৰৈ আছে জোনাক। মাজে মাজে হাতৰ ঘড়ীটোলৈ চাই । মাজে মাজে মবাইলটো টিপিব লয়। মুখত বিৰক্তিৰ চাপ । কিছু সময় পিছত তাৰ অপেক্ষাৰ অন্ত পেলাই হিল্লোল আহি ওলাল । বেগ কেইটা লৈ সি গাড়ীত বহিল । সিহঁত ঘৰমুৱা হল । আহি আহি এটা সময়ত সিহঁতৰ গাড়ী খন গাঁৱত সোমাল । গাৱঁৰ সেউজীয়াবোৰৰ মাজত জোনাক হেৰাই গল । সি আত্মা বিভোল হৈ পৰিল । হঠাতে সি উচপ খাই উঠিল ।
-দেউতা গাড়ী ৰখোৱা প্লিজ ।
(গাঁৱত প্ৰৱেশ কৰিয়ে কি কথাই আমনি কৰিলে জোনাকক??)
ক্ৰমশঃ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিন ( ৰাণী)ৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰ ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment