এটা জীৰ্ণ সৰু পঁজাৰ সন্মুখত তাই ৰ'ল। তাইৰ দৰেই ময়ো বেৰৰ জলঙাৰে ভিতৰলৈ জুমি চালোঁ। এটা অস্ফূট গেঙনি শুনাৰ বাহিৰে পোহৰৰ সঁচ নথকা কোঠাটোত মোৰ একো দৃষ্টিগোচৰ নহ'ল। বুজি উঠিলোঁ এই সময়ত কোঠাৰ ভিতৰলৈ যোৱা নিষিদ্ধ। তাই মোক হাতত ধৰি তাৰ পৰা আঁতৰাই আনিলে-
:তুমি বেয়া নাপাবা, তোমাক তেওঁৰ লগত আজি সাক্ষাৎ কৰাই দিব নোৱাৰিলোঁ। তুমি নাজানা, মই আজি তোমাক এগৰাকী…!
'বেশ্যা', মই তাইৰ মুখৰ পৰা শব্দটো কাঢ়ি আনিলোঁ। কপালৰ ৰেখাবোৰ থূপ পাতিলে, নাকটো কোঁচ খাই গ'ল।
মোৰ পৰা এই অপ্ৰত্যাশিত শব্দটো তাই আশা কৰা নাছিল-
:তুমি নাজানা, তাইৰ কথা। কিন্তু মই ভালকৈ জানো, তাই নিজক ভাঙি ভাঙি আনক গঢ়িছে। এখন ঘৰ সাজিছে য'ত তাইৰ বাহিৰে সকলো সুখী। আচৰিত কথা কি জানানে? তাইৰ কেঁচা তেজেৰে গঢ়া সেই ঘৰখনত, তাই এদিনো থাকিবলৈ নাপাই বা নাযায়। এই যে আনৰ সুখৰ বাবে নিজক শেষ কৰি কথাটো তুমি সৰু কথা বুলি নাভাবিবা। তুমি কেতিয়াও অনুভৱ কৰিব নোৱাৰা, আন্ধাৰৰ মাজতো মই দেখিছোঁ, তাইৰ বুকুৰ পৰা টোপাটোপে তেজ সৰিছে। জলক্ জপককৈ তাইৰ দেহৰ মঙহৰ টুকুৰাবোৰ খহি পৰিছে। টিঙনা ওলোৱা হাড়কেইডাল পোনাই লৈছে। পুনৰ এটা ৰাতিৰ বাবে নিজক গঢ়ি তুলিছে। কিয় জানা- তাইলৈ কোনোবাই আশাৰে কৰুণভাৱে চাই আছে। আৰু তাই! তাই কাকো দুখীকৈ দেখিব নোৱাৰে। যি মানুহে মানুহক ভাল পাব জানে তেওঁ নিজক লৈ কেতিয়াও এটা সীমা নিৰ্দ্ধাৰণ কৰি নলয়। তেওঁৰ বাবে তেওঁ ভালপোৱা মানুহখিনিয়েই শ্ৰেষ্ঠ সম্পদ। তেওঁলোকৰ সুখত তেওঁ সুখী, দুখত দুখী। আজি যাক তুমি 'বেশ্যা' আখ্যা দিছা, তেওঁৰ এই জীৱনটোৰ বাবে তোমালোকৰ নিচিনা মানুহেই কিবা নহয় কিবা প্ৰকাৰে জগৰীয়া। তুমিয়েই কোৱাচোন, তুমি আজিলৈকে কেইজনক সুখী কৰিব পাৰিছা? কেইজনক আশা দিব পাৰিছা?
মোৰ পৰা তাই কোনো উত্তৰ আশা কৰা নাছিল। আচলতে কিবা এটা ক'ব পৰাকৈ মই যোগ্য হৈ থকা নাছিলোঁ। মোৰ চকুলৈ এপলক নোচোৱাকৈয়ে তাই আঁতৰি গৈছিল। 'মানুহ' হ'ব নোৱাৰাৰ দুখত মই অস্থিৰ-নিঃসংগ।
মোৰ মূৰত থাউকতে আকাশখন ভাগি পৰিল। অকণমান আগলৈকে যাৰ অস্ফূট গেঙনিত নাক কোঁচাইছিলোঁ, যাৰ কথা শুনোতে পাপৰ অংশ গাত মেৰিয়াই লোৱাৰ দৰে লাগিছিল- তেওঁক এতিয়া পূজা কৰিবলৈ মন গৈছিল। মই সিদ্ধান্ত লৈছিলোঁ, অন্ততঃ তেওঁক এবাৰ মানুহৰ দৰে লগ কৰিম।
সেইদিনা আৰু টোপনি নাহিল। কাণত ভাঁহি থাকিল, জীৱনৰ এটা ধূসৰ অস্ফূট গেঙনি। হে ঈশ্বৰ, তুমি মোক ক্ষমা কৰি দিবা!
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য নিশান্ত বৰদলৈৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰ ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment