অখিল গগৈলৈ এখন চিঠি… - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 11, 2020

অখিল গগৈলৈ এখন চিঠি…

 

অখিল ককাই তোলৈ এখন চিঠি লিখিছো। তই পঢ়িবলৈ পাবিনে নাই নাজানো...

ককাই,.....

ভালে আছনে নুসোধো, কিনো সুধিম তোৰ কুশল বাতৰি!!  মানুহে তোক কয়, 

তই এটা জাতিদ্ৰোহী..
তই বোলে মাওবাদীও..
তোৰ নাম দিছে আকৌ অখিলোদ্দিনো..

এৰা ,হয় তই জাতিদ্ৰোহী...ইমানকৈ আন্দোলন কৰ,.. মানুহক লৈ সমদল কৰ..নদীবান্ধ বন্ধ কৰক, অবৈধ টোলগেট বন্ধ কৰক...বাঘজানৰ তেলৰ খাদ বন্ধ কৰক, আৰু কিবাকিবি আছিলে তোৰ শ্লোগানবোৰ..। নতুনকৈ নকওঁ। কাকনো কম। তোক এই জাতিটোৰ মানুহবোৰে ঘিণ কৰে হেনো। তই আকৌ দুৰ্নীতিবোৰত মাত মাত যে...ইয়াত বেলেগে অংক কৰে মাত মাতি তোৰ হেনো পকেট গৰম হ'ল!! কিমান গৰম হল বাৰু পকেট!! তই চাগে তোৰ ঘৰতো বাতানুকুল ৰূম সাজি দালান বনাই ললি। কবলৈহে মন যায় তোক ৰাজনীতিবিদনো নহলি কিয়!! আৰামত চলি থাকিব পাৰিলিহেতেন হেৰৌ গোটেই জীৱনৰ কাৰণে ঘটি। ডাঙৰ নেতাৰ কথা বাদেই দিলো, আমাৰ গাঁও ভুইৰ লিতিকাই বোৰৰো হাতখৰচ ওলাই থাকে , তই আকৌ ৰ'দে বৰষুণে চিঞৰি মৰ সেই দুখীয়া নিচলা, খাবলৈ নোপোৱা মানুহখিনিক লৈ। অলপ ষ্টেণ্ডাৰ্ড মেইনটেন কৰিবি, কিহৰ ফটা চেন্দেল
যোৰ চোচৰাই জধলা বেগটো লৈ আন্দোলন কৰি ফুৰ!!! 

কি পালি তই ককাই এই নিৰ্ল্লজ জাতিটোৰ বাবে চিঞৰি চিঞৰি, এই জাতি ,এই মানুহবোৰ বৰ বেইমান অ' বৰ বেইমান।  কোনোবাই কোনোবাই মন্তব্য দিছে তই হেনো জেলত বৰ সুখত আছ খাই বৈ, থাকি ভাল পাইছ। হয় আকৌ জেলত বৰ সুখ লাগে কাৰাবন্দী হৈ..জেলৰ ফ্ৰী দানা পানী খাই। তোৰ কোনো জীৱন নাই, তোক গিনিপিগ ৰ দৰে পৰীক্ষাগাৰত পৰীক্ষা কৰি আছে। পৰীক্ষাবোৰ সমাপ্ত হলেই মানুহৰ মাজলৈ মেলি দিব নতুন প্ৰডাক্ট........।

ককাই তোৰ সুস্থতা কামনা কৰিব নোৱাৰো এনেকৈ....এনেকৈ এজন মানুহৰ কষ্টও চাই থাকিব নোৱাৰো। কিনো পালি মানুহৰ বাবে মাত মাতি.......

প্ৰথমে হ'লি তই মাওবাদী..তাৰপিচত তই হেনো কোনোবা মানুহক শিলগুটি মাৰিলি...তাৰপিচত তোৰ ওপৰত কেচ হ'ল তই বোলে কৰবাত বেংক নে ডাকঘৰ জ্বলালি...!!! এইবাৰ আকৌ তোৰ কৰ'ণা হ'ল। ভালেই হল দে এইবাৰ পজিটিভ হলে নিগেটিভ হ'ব, নিগেটিভ হ'লে পজিটিভ!! কৰ'ণা হৈছে, এইবাৰ কোনো তোৰ ওচৰ নাচাপে, আনকি কাৰাবন্দীত তিলতিলকৈ শেষ হোৱা মৃতদেহটো কোনেও নেদেখাকৈ কাউৰী কুকুৰক খোৱাব.....।

এদিন আমিয়ে তোক কমৰেড নাম দিম দে...তোৰ নামত দিন এটাও উদযাপন কৰিম.......কিন্তু তেতিয়ালৈ তই জীয়াই নাথাকিবি।
✍পূৰ্ণিমা

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা পূৰ্ণিমা কছাৰীৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰ ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages