তিতাবৰত বাঘৰ আতংক,এজনৰ কথমপি প্ৰাণৰক্ষা - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 2, 2020

তিতাবৰত বাঘৰ আতংক,এজনৰ কথমপি প্ৰাণৰক্ষা


 তিতাবৰ মহকুমাৰ অন্তৰ্গত পথাৰ শ্যাম গাওঁৰ নিবাসী তথা চাইপ্ৰে শ্যাম উচ্ছ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চানু শ্যামক আজি দিনৰ ভাগত এটা নাহৰফুটুকী বাঘে আক্ৰমন কৰি গুৰুতৰ ভাবে আহত কৰে।

উল্লেখ্য যে, দুপৰীয়া নিজৰ বাৰীত বাঁহ কটিবলৈ যাওতে হঠাৎ বাঘটোৱে আক্ৰমন কৰে।বাঘটোৱে প্ৰথম অৱস্থাত লোকজনৰ মুখত আক্ৰমন কৰে আৰু ইয়াৰ পিছত ডিঙীত কামুৰিবলৈ লোৱাত লোকজনৰ হাতত থকা দা খনেৰে কোব মাৰি দিয়াত বাঘটো লৰ মাৰে আৰু কথমপি তেওঁৰ প্ৰাণ ৰক্ষা পৰে।আহত লোক জনক ততাতৈয়াকৈ তিতাবৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু বৰ্তমান তেওঁৰ অৱস্থা সংকতমুক্ত বুলি জানিব পৰা গৈছে।

এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ আতংকৰ শৃষ্টি কৰিছে।সময় থাকোতেই বন বিভাগে বাঘটোক পিঞ্জৰাবদ্ধ নকৰিলে অনাগত দিনত যিকোনো অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাটো প্ৰায় নিশ্চিত।

No comments:

Post a Comment

Advertisement

Pages