ভৃগু ঋষি ব্ৰহ্মা পুত্ৰ আছিল । অৰ্থাৎ ভৃগু ঋষিৰ মূৰত ব্ৰহ্মাৰ আশীৰ্বাদ আছিল বা ভৃগু ঋষি জ্ঞানী আছিল । ( Religious Studies )
ভৃগু ঋষিয়ে আশ্ৰম পাতি বাস কৰিছিল আৰু খুব কষ্ট কৰি খেতি-বাৰী কৰিছিল লগতে ধৰ্ম কৰ্মও কৰিছিল ।
কষ্টৰ বলতেই ভৃগু ঋষিয়ে যথেষ্ট খ্যাতি পাইছিল । খ্যাতি হল ভৃগুৰ পত্নী । খ্যাতি হল দক্ষৰ জীয়েক । দক্ষতা থাকিলে খ্যাতি পোৱা যায় ।
ভৃগু ঋষিও খুব দক্ষ আছিল । যাৰ বাবে খ্যাতি পাইছিল।
এই দক্ষ আৰু খ্যাতিৰ বলত ভৃগু ঋষিৰ ঘৰত লক্ষ্মীৰ আগমন হল ।
ইয়াৰ লগতে ভগৱানে ভৃগুক দুটা সন্তান ধাতা আৰু বিধাতাক দিলে ।
ধাতাৰ বিয়া হল আয়টিৰ লগত আৰু বিধাতাৰ বিয়া হল নীতি নামৰ স্ত্ৰীৰ লগত ।
অৰ্থাৎ ধাতাৰ দ্বাৰা আহিব পাৰে , কিন্তু বিধাতাৰ লিখন কোনেও খন্দাব নোৱাৰে । বিধাতাই নীতি অনুসৰি লৈ যাব পাৰে। এটা সময়ত ভৃগুই নিজৰ খ্যাতিৰ দুৰূপযোগ কৰিলে । সাগৰ মন্থনৰ সময়ত ভৃগুই নিজৰ খ্যাতিৰ দ্বাৰা মৃত্য হোৱা অসুৰ বিলাকক জীয়াই তুলিছিল ।
এই দুৰূপযোগ কৰাৰ বাবে ভৃগু ঋষিয়ে নিজৰ খ্যাতি হেৰুৱাই পেলালে ।
খ্যাতি হেৰুৱাই পেলোৱাৰ পিছত দুৰ্ভাগ্যই ভৃগুৰ লগ দিলে । দুৰ্ভাগ্য লগ দিয়া মানে ভৃগুৰ আন এজনী পুত্ৰী জন্ম হল , নাম আছিল দুৰ্ভাগ্য ।
দুৰ্ভাগ্য হল লক্ষ্মীৰ ভনীয়েক ।
ভৃগুৰ ঘৰত দুৰ্ভাগ্য অহাৰ পিছত লাহে লাহে লক্ষ্মীও গুচি গল ।
লক্ষ্মী বিষ্ণুৰ লগত বিয়া হৈ গল । অৰ্থাৎ ভগৱানে নীতি অনুসৰি সমস্ত ধন (লক্ষ্মী) নিজৰ হাতলৈ লৈ গল । ( Religious Studies )
ভৃগু ঋষিৰ সন্তান ধাতা ( যিয়ে দিব পাৰে )ৰ বিয়া হল আয়টিৰ লগত । আয়টিৰ পৰা প্ৰাণ নামৰ সন্তান পালে , প্ৰাণৰ পৰা জন্ম হল ধোতিমান আৰু ধোতিমানৰ পৰা বৰ্তমান জন্ম হল ।
বৰ্তমান মানে এই সময়ত যি চলি আছে ।
ধাতাই আয় বা উপাৰ্জন দিব পাৰে ।
কিন্তু বিধাতাৰ বিয়া হৈছিল নীতিৰ লগত । অৰ্থাৎ যিকোনো কাম কৰি আয় ঘটিব পৰিলেও নীতিয়ে হিচাপ কৰিব ।
হিচাপত ভগৱানৰ নীতি চলে ।
ভৃগু ঋষিয়ে কিদৰে কষ্টৰ বলত খ্যাতি পাইছিল । খ্যাতিৰ দ্বাৰা কিদৰে লক্ষ্মীক (ধন) পাইছিল । পিছত সেই খ্যাতিৰ দুৰূপযোগ কৰাৰ বাবে সকলো নাম-যশ হৈ খ্যাতি হেৰুৱাই পেলাইছিল ।
সেই খ্যাতি হেৰুৱাই এটা সময়ত লক্ষ্মী ( ধন) হেৰুৱাইছিল । লক্ষ্মীক হেৰুৱাৰ পিছত কিদৰে দুৰ্ভাগ্যক পাইছিল ।
এইখিনি হল ধৰ্মৰ কথা আৰু লক্ষ্মীৰ আচল ৰহস্য । এইবোৰ কথা share কৰিলে বহুতৰ দোকান বন্ধ হব বাবে নকৰিব বুলি মই জানো ।
কাৰণ এইখিনি ৰহস্য জানিলে আপুনি হয়তো সত্যৰ পথ বিচাৰিব ।
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
#জয় কৃষ্ণগুৰু#🙏🙏🙏
-আচাৰ্য পংকজ পাঠক
আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Religious Studies )
No comments:
Post a Comment