ঘৰুৱা বিধানেৰে পাওক এই ৰোগৰ পৰা প্ৰতিকাৰ: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, December 17, 2020

ঘৰুৱা বিধানেৰে পাওক এই ৰোগৰ পৰা প্ৰতিকাৰ:

ছাইনাছ হৈছে হাড়ৰ মাজৰ ফাকেৰে সুৰুঙা, বিশেষকৈ মূৰৰ লাওখোলাত আৰু তাৰ ভিতৰত থকা খোৰোঙৰ দৰে ঠাই। নাকৰ ওপৰ ভাগত তেনে ছাইনাছ আছে আৰু এই ছাইনাছবোৰত প্ৰদাহৰ সৃষ্টি হয় আৰু তাত মিউকাছৰ (শ্লেষ্মাজাতীয় বস্তু) চামনিয়ে লাগি ধৰে। বীজাণুৰ দ্বাৰা আক্ৰান্ত হৈও এইবোৰ হয়, বিজলুৱা বস্তু জমা হয়।
ৰোগৰ ৰক্ষণ:::
মূৰ বিষায়, নাকৰ ওপৰ ভাগত অসুবিধা লাগে আৰু সেই খোৰোঙৰ ঠাইত বিজলুৱা মলি জমা হয় আৰু সেইবোৰ মাজে মাজে নাকেৰে ওলাই আহে। কাৰোবাৰ কেতিয়াবা অসুখ দীৰ্ঘস্থায়ী হৈ থাকে।
বিধান :
1 .মূৰৰ বিষত নাকেৰে নহৰুৰ ৰস টানিলে মূৰৰ বিষ নোহোৱা হ’ব। 
2.এগিলাচ গৰম পানীত ১ চামুচ নেমুটেঙাৰ ৰস, ১ চামুচ আদাৰ ৰস, ১ চামুচ মৌ মিহলাই অলপ অলপকৈ খালে যি কোনো মূৰৰ বিষ যাব।
3. কুমলীয়া জিকাৰ গুটিৰ ৰস চেপি নাকৰ দুইটা ফুটাত 2/3 টোপালকৈ কেইদিনমান দিলে সুফল পোৱা যায় ।

4. বিশুদ্ধ বৈদিক ঘিউ অলপ গৰম কৰি লৈ 2 টোপালকৈ নাকৰ ফুটাত ৰাতি শুৱাৰ সময়ত কিছুদিন দিলে উপশম পোৱা যায় ।

5. 2 টোপাল সৰিয়হৰ তেল ৰাতি শুৱাৰ সময়ত নাকত দিব ভিতৰলৈ যোৱাকৈ । এমাহমান দিলে ভাল ফল পোৱা যায় ।

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages