এজনী ন-কইনা তাই | এখন নতুন ঘৰ | এবুকু সপোন লৈ সংসাৰ নামৰ গছ ডালৰ তাই ও হৈ আহিছে আজি ঠেঙুলীৰ পাত হৈ | নিজৰ ঘৰৰ সম্পূৰ্ণ নীতি নিয়মৰ বিপৰিতে এখন ঘৰ | এখন আভিজাত্য ঘৰৰ ছোৱালী তাই | ঘৰখনৰ প্রত্যকৰে মৰমত ডাঙৰ হৈছে তাই | হয় মই সুকন্যাৰ কথা কৈ আছো |
আদৰৰ ছোৱালী জনী আজি বোৱাৰী হ'ল গাওঁৰ ল'ৰা অলকৰ লগত | গুৱাহাটীতে চিনাকী সিহঁতৰ | সহজ সৰল অলকৰ লগত তাইৰ প্রেম হৈছিল | আৰু তাৰ ফলস্বৰূপে আজি দুমাহ আগত সিহঁতৰ বিবাহ হ'ল | ন-কইনা গুছি যোৱাৰ পাছত তাই আজি আকৌ অলকৰ ঘৰত প্রথম আহিছিল |কাৰন সিহঁত নিজ নিজ কৰ্মত ব্যস্ত সেয়েহে সিহঁতে গুৱাহাটীতে থাকে |
অলকৰ ঘৰ খন আজি তাইৰ নিজৰ ঘৰ | কাৰন তাই অলকৰ পত্নী | বিয়াৰ ন-কইনা হৈ যেতিয়া তাই এইখন ঘৰত সোমাইছিল তেতিয়া অলকৰ ঘৰ খনৰ মানুহ বোৰ তাইৰ খুব ভাল লাগিছিল | প্রত্যকে তাইক আদৰ কৰিছিল | কিন্তু যেতিয়া আজি তাই আহি সিহঁতৰ ঘৰ পালে তেতিয়াই তাইৰ মাহেকীয়া হ'ল | উপায় নাই এয়া প্রকৃতিৰ নিয়ম | মহিলাৰ ক্ষেত্রত ভগবানে এই নিয়মতো প্রযোজ্য কৰিলে | কিন্তু তাইৰ ভাল নালাগিল আজি ইমান দিনৰ মূৰত ঘৰখনত আহিছে ,কিন্তু আহিয়ে তেনে হব পালেনে !
- অলক শুনাছোন কথা এটা কওঁ
- কোৱা
- মোৰ মানে মাহেকীয়া হ'ল !
- কি ! সকলোঁ শেষ কৰিলা !
- সকলোঁ শেষ কৰিলোঁ মানে ?
- আমাৰ গাওঁত এইবোৰ বহুত নিয়ম ,মায়ে তোমাক বুজাই দিব | তুমি মাত্র ইয়াৰ পৰা লৰচৰ নহ'বা |
কথা খিনি কৈ অলক আতৰি গ'ল | কিন্তু সুকন্যাই বুজি নাপালে অলকে কি নিয়মৰ কথা ক'লে | তাই মাত্র সিহঁতৰ কোঠাৰ বিচনা খনতে বহি থাকিল | বিয়াৰ আগত অলকে এই কোঠা দুটা বনাইছিল | কাৰন কেতিয়াবা সিহঁতে আহিব তেতিয়াতো সিহঁতৰ কাৰনে এটা সম্পূৰ্ণ নিজা কোঠাৰ প্রয়োজন হব | অলকে যিহেতু তাইক ইয়াৰ পৰা লৰচৰ হবলৈ মানা কৰিলে তাই তাৰ পৰা লৰচৰ নহ'ল | তেনেতে সিহঁতৰ ৰুমত অলকৰ মাক সোমায় আহিল | মাকে বাহিৰৰ পৰাই কথা খিনি কৈ কৈ সোমায় আহিছিল |
- হয়নে বোৱাৰী তোমাৰ হেনো মাহেকীয়া হ'ল !
আহিয়ে দেখিলে সুকন্যা ৰুমটোৰ একমাত্র বিচনা খনত বহি আছিল |
- মা !
- ছিঃ ছিঃ এইবোৰ কি কৰিছা তুমি ? নাপায় এইবোৰ পাপে চুব | অলকৰ বিপদ হব |
শাহুমাকে কথা খিনি সুকন্যাই বুজি নাপালে |
- কিন্তু মা !
- হে হৰি ! তুমি এই বিচনা খন কিয় স্পৰ্শ কৰিছা ?
- কিয় মা ?
- কাৰন তুমি অশুচি ! মহিলাৰ যেতিয়া মাহেকীয়া হয় তেতিয়া মহিলাৰ দেহ অপবিত্র হয় |
সুকন্যা আচৰিত | অলকৰ মাকে এইবোৰ কি কৈছে ! তাইটো তাইৰ ঘৰ খনত এনেই এটা সংস্কাৰ দেখা নাই | হয়, এই সময়ত তাইক ঘৰত মাকে ভাত বনাব নিদিয়ে | কিন্তু স্পৰ্শ কৰাত,বা অশুচি বুলি আজিলৈ কোৱা নাই | সহজ সৰল সুকন্যাই অলকৰ মাকক সুধিলে
-তেন্তে কি কৰিম মা এতিয়া ?
- তুমি বিচনা খনৰ যিমান বোৰ কাপোৰ আছিল সকলোঁ উঠুৱা |
সুকন্যা আচৰিত হ'ল |
- কিন্তু কিয় মা ?
- কাৰন তুমি চাৰিদন মাটিত বিচনা পাৰি থাকিব লাগিব |
মাটিত বিচনা পাৰি ! সুকন্যা ৰ বুকু কপি উঠিল | যিজনী ছোৱালীয়ে সদায় অত্যাধুনীক বিচনাত শুই ডাঙৰ হ'ল তাই আজি শুৱ লাগিব মাটিত |
- কিয় মা ?
- কাৰন তুমি অশুছি !তুমি এই কেইদিন কাকো স্পৰ্শ নকৰিবা | নিজৰ বিচনাতে থাকিবা, তুমি ভাত খোৱা কাহি বাতি বোৰ নিজে ধুই আনিবা |
- তাৰমানে !
- এতিয়া বিচনাৰ কাপোৰ বোৰ উঠাই মাটিত বিচনা পাৰা |
এয়া কেনেকুৱা নিয়ম ! সুকন্যা আচৰিত ,কিন্তু তাই শাহুমায়ে দিয়া আদেশ মতে কৰি গ'ল | কোনো ধৰনৰ প্রতিবাদ তাই নকৰিলে |তাই কিছু সময় পাছত দেখিলে অলকৰ মাকে হাতত পানী ৰ পাত্র এটা আনি বিচনা খনত চতিয়ালে | সুকন্যাই একো বুজা নাই সেয়েহে তাই জানিৱলৈ সুধিলে |
- মা এয়া কি কৰিছে ?
- এয়া সোণ ,ৰূপ,গংগা,তুলসীৰ পানী চতিয়াইছোঁ
- কিয় মা ?
- কাৰন বিচনা খনত তুমি বহাৰ লগে লগে অশুচি হ'ল | সেয়েহে এতিয়া পবিত্র কৰিছোঁ |
কথা খিনি কৈ অলকৰ মাক ওলাই গ'ল | সুকন্যাৰ মনত আঘাট লাগিল | তাই বুজা নাছিল যে মহিলাৰ মাহেকীয়া সমশ্যা যে ইমান ঘৃননীয়,এলাগী |
কিন্তু উপায় নাই | তাই শাহুয়েকৰ নিৰ্দেশমৰ্মে মাটিতে সময় কতালে | নিশা আহি যেতিয়া শাহুয়েকে তাইক দূৰৰ পৰা ভাত দিছিল তাইৰ নিজকে নিজে অনুভৱ হৈছিল যেন তাই গৃহস্থৰ কুকুৰ হে | কিন্তু কুকুৰকে আজিকালি গৰাকীয়ে বহুত মৰমত ভাত দিয়ে ! কিন্তু তাইক | তাই ভাত নাখালে কাহি খন আতৰাই থলে |
নিশা আহাৰ গ্রহন কৰি অলক যেতিয়া সিহঁতৰ কোঠা ত আহিছিল | তেতিয়া সুকন্যাই তাক সুধিছিল |
- অলক ভাত খালা ?
- উম খালোঁ |
- তুমি ক'ত শুৱা ?
- বিচনা খনত |
- মই কিয় তাত শুৱ নোৱাৰো অলক ?
- এয়া মা হতৰ পূৰনা ৰিতি নীতি | তাৰমানে এতিয়া মই তোমাক স্পৰ্শ কৰিব নাপায় | আৰু স্পৰ্শ কৰিলে গা ধুৱ লাগিব | হব তুমি এতিয়া শুৱা,মাত্র চাৰি দিন হে !
কথা খিনি কৈ অলক শুই গৈছিল । কিন্তু তাই নুশুলে মাটিৰ বিচনাত বহি তাই চকুলো তুকিলে ।
কাহানিও এনেকে থাকি পোৱা নাছিলে । আজি ইমান দিন তাই ভাত নাখালে সি ও নাখায় , তাই নুশুলে সি ও নুশুৱে । কিন্তু আজি অলকে তাইক এবাৰ নুসুধিলে - সুকন্যা ভাত খালা নে ? তাত থাকিবলৈ তোমাৰ কষ্ট হ'ব নেকি ! ইমান সলনি নে এদিনতে ।ৰাতি তাই বহি বহি চিলমিল টোপনি গৈছিল ।
ৰাতিপুৱা সুকন্যাই শুনিৱ পাইছিল এজনী মহিলাৰ লগত অলকৰ মাকৰ কথোপকথন ।
- বাইদেউ অলক আৰু বোৱাৰী কালি ঘৰলৈ আহিছে হেনো !
- অহ আহিছে !
- বোৱাৰীক দেখা নাই যে
- সেইজনী কালি আহিয়ে মৰিছে !
- মৰিছে মানে
- অসুবিধা আকৌ ।
এইবোৰ কথা শুনি তাই চিধাই বাথৰুম গৈছিল । তাই গা ধুই আহি নতুন কাপোৰ পিন্ধিছিল । বেগত কাপোৰ ভৰাইছিল । অলকে দেখি তাইক সুধিছিল ।
- কি কৰা সুকন্যা
- মই গুৱাহাটিলৈ যাওঁ
- কি কথা কৈছা নাপায় ।
- থোৱা তোমালোকৰ এই নাপায় শব্দটো । কি পায় কি নাপায় মই জানো ।
- সুকন্যা
- তুমি শিক্ষীত হ'লে কি হ'ব ,তোমাৰ শিক্ষা অৰ্থহীন ।
- তুমি এইবোৰ !
- মোক মা হতে যৌতুকত সকলো দিয়াৰ পাছটো মই আজি মাটিত থাকিব লগা হল ।
- কিন্তু
- তুমি মোক কালি এবাৰ ও নুসুধিলা মই ভাত খাইছো নে, মাটিত মোৰ কষ্ট হ'ব নেকি !
- আচলতে নীতি নিয়ম বোৰ,,,
- নীতি নিয়ম ৰ ভিতৰত কথা পাতিব নোৱাৰাটো পৰে নেকি ?
- নহয় মানে !
- শুনা মই মাক ভুল নিদিও , কাৰন মা হত তাহানিৰ মানুহ , শিক্ষা ৰ ক্ষেত্ৰত পিছপৰা !
তেনেতে অলকৰ মাকে আহি কথা খিনি শুনি আছিলে ।
- কিন্তু আজিৰ সমাজত এইবোৰ ৰ কাৰনে দায়ী তোমাৰ দৰে শিক্ষীত অন্ধ বিশ্বাসী বোৰ ।
- সুকন্যা
- শুনা যদি হে মহিলাৰ ৰিতুস্ৰাৱ নহ'ল হেতেন তেন্তে এজনী মহিলাৰ গৰ্ভৱতীৰ আগজাননী পালা হেতেন নে !
অলকে শুনি গৈছিল নিৰৱে ।
- শুনা এয়া একো বেয়া বস্তু নহয় , এয়া মহিলাৰ দেহৰ কেঁচা তেজ । এটোপাল ৰক্ত শৰীৰত জমা হ'বলৈ কিমান দিন লাগে জানানে ? ৰিতুস্ৰাৱ ৰ সময়ত মহিলাক কতো যাত্ৰা কৰিব নিদিয়াৰ উদ্দেশ্য হ'ল যাতে গাড়ী মটৰৰ ঠেকেচাত অত্যাধিক ৰক্তক্ষৰণ নহয় । মাহেকিয়া সময়ত মহিলা জনীক বেলেগে স্পৰ্শ নকৰাৰ কাৰন হ'ল যাতে অইনৰ দেহত লাগি অহা কোনো ভাইৰাছ বা বেক্টেৰিয়াই ৰক্তক্ষৰণ হৈ থকা মহিলা জনীক আক্ৰমন কৰিব নোৱাৰে ,কাৰন সেই সময়ত সেই মহিলা জনী অধিক দুৰ্বল হৈ থাকে ।
- তুমি মোক ক্ষমা কৰি দিয়া সুকন্যা
- আৰু শুনা গাঁৱত মানুহে যে কয় সিটো নাপায় ্ কথাটো হয় , কিন্তু কিহৰ বাবে নাপায় কিয় নাপায় প্ৰকৃত সত্য খিনি তেওঁ লোকে নাজানে ।
কথাবোৰ শুনি অলকৰ মাক কোঠাত সোমায় আহিছিল ।
- বোৱাৰী মোক ক্ষমা কৰি দিবা , আজিৰ পৰা মই এই ভুল ধাৰণা বোৰ আতৰাম ।
-মা
কথা খিনি কৈ অলকৰ মাক ওলাই গ'ল । সেই সুযোগতে অলকে সুকন্যাক সাৱতি ধৰিব খুজিলে ।
- এইটো কিন্তু একেবাৰে নাপায়,কিয় তুমি নিজে বুজি লবা
কথা খিনি কৈ সুকন্যাই এটা দুষ্ট হাহি এৰি আতৰি আহিল । কথা খিনি বুজি পায় অলকে এটা লাজকুৰীয়া হাহি এৰিলে ।
(গল্পটোত ব্যৱহৃত ছবিত জনপ্ৰিয় অভিনেত্ৰী ইতি ফুকনক দেখিবলৈ পোৱা গৈছে)
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment