কমখৰছত এখন সুন্দৰ উজ্জ্বল ছাল পাবলৈ ঘৰুৱা যত্ন : - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 21, 2020

কমখৰছত এখন সুন্দৰ উজ্জ্বল ছাল পাবলৈ ঘৰুৱা যত্ন :

 


প্ৰত্যেকগৰাকী মহিলাই এখন সুন্দৰ উজ্জ্বল ছালৰ অধিকাৰী হ'ব বিচাৰে৷কিন্ত ঘৰতে কমখৰছতে ই কেনেকৈ সম্ভৱ?

 

আপোনাৰ পাকঘৰত সদায় ব্যবহৃত বস্তুৰ পৰাই আপুনি এখন সুন্দৰ আৰু উজ্জ্বল ছালৰ অধিকাৰী হ'ব পাৰে৷ইয়াৰ বাবে আপোনাক লাগিব বেচন,গৰু গাখীৰ,হালধি গুড়ি আৰু পিঠাগুড়ি৷এই সকলোবোৰ বস্তু আমাৰ পাকঘৰত সহজে উপলব্ধ৷গৰু গাখীৰ আৰু হালধিখিনি কেছা ব্যৱহাৰ কৰিব পাৰিলে বেছি ভাল৷গৰু গাখীৰৰ সলনি আপুনি আমোল তাজাও ব্যৱহাৰ কৰিব পাৰে৷

  প্ৰথমে বেচনখিনি সৰু পাত্ৰ এটাত লৈ তাত গাখীৰ আৰু অলপ হালধি গুড়ি দি আঙুলিৰে লৰাই লৰাই ভালদৰে মিলাই লব৷হালধি সামান্য দিলেই হ'ব৷এটা কথা মন কৰিব যাতে মিশ্ৰন খিনি বেছি ডাঠ নহয়৷

 এতিয়া মুখখন পানীৰে ধুই মিশ্ৰন খিনি লাহে লাহে আঙুলিৰে গোটেই মুখত লগাব৷এনেকৈ ১৫/২০ মিনিট মান ৰখাৰ পাছত অলপ শুকাই যাব৷তেতিয়া আপুনি পুনৰ গাখীৰত কপাহ এটুকুৰা তিয়াই মুখখনত মুখখনত লাহে লাহে হেচি হেচি মুখখন ভিজাই দিব৷

এতিয়া আঙুলিৰ আগকেইটাৰে লাহে লাহে ঘূৰাই ঘূৰাই গোটেইমুখখন ঘহিব৷বেছি শুকান যেন অনুভৱ হলে আঙুলিকেইটা গাখীৰত মাজে মাজে আকৌ ডুবাই লব৷এনেদৰে গোটেই মুখখন ঘহাঁৰ পাছত পানীৰে ধুই দিব৷সপ্তাহত এদিন বা দুদিন চাফা কৰোঁতে পিঠাগুড়ি দি চাফা কৰিব পাৰে৷

তেতিয়া মুখখন খহতা হৈ থাকিলে নিমজ হৈ যাব৷পানীৰে ধুই চাফা কৰাৰ পাছত চাফা কাপোৰ এখনেৰে মুখখন মচি ভাল ক্ৰীম লগাব৷এনেদৰে কৰিলে চাব আপুনি এখন সুন্দৰ-উজ্জ্বল ছালৰ অধিকাৰী হৈ পৰিব৷

সৌন্দৰ্য্য সন্দৰ্ভত আৰু অধিক পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.ৰূপচৰ্চা.in



বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰিজুৱানা শইকীয়াই আমালৈ প্ৰেৰণ কৰিছে।
আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages