তিতাবৰত ৰেলৰ খুন্দাত প্ৰকাণ্ড নাহৰফুটুকীৰ মৃত্যু - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 21, 2020

তিতাবৰত ৰেলৰ খুন্দাত প্ৰকাণ্ড নাহৰফুটুকীৰ মৃত্যু

 


আজি পোৱাৰ ভাগতে তিতবৰ মহকুমাৰ মেলামাটি কছাৰী গওঁ স্থিত ৰেলক্ৰছিংৰ পৰা সাতশ মিতাৰ নিলগত এজনী প্ৰকাণ্ড নাহৰফুটুকী বাঘ ৰেলে খুন্দিওৱাৰ ফলত মৃত্যু হয়।

মৃত বাঘজনী এজনী গাভিনী ভাঘ বুলি সন্দেহ প্ৰকাশ কৰিছে বিভিন্ন জনে।বাঘ জনীৰ মৃত্যুৰ বাতৰি বনজুইৰ দৰে বিয়পি পৰাত ঘটনাস্থলীত মৃত বাঘ চাবলৈ অঞ্চলবসী ৰাইজৰ ধৌ বলে।
বিভিন্ন জনে বাঘটোৰ দেহৰ পৰা নোম ছিঙি নিয়ে আৰু কোনো কোনোএ ভাঘজনীৰ নখ আৰু জিভা কাটি নিয়া বুলি জানিব পৰা গৈছে।ইতিমধ্যে ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈ বাঘটোৰ মৃতদেহ বনবিভাগে চমজি লয়।

বাঘজনীৰ বয়স প্ৰায় ৫ বছৰ হব বুলি অনুমান কৰাৰ লগতে বাঘজনী গাভিনী আছিল নে নাই সেয়া মৰনোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব বুলি মন্তব্য আগ বঢ়াইছে বন বিভাগৰ লোকে।

উল্লেখ্য যে পূৰ্বৰে পৰা অঞ্চলটোত বাঘৰ সন্ত্ৰাস অব্যাহত আছিল,তেনে স্থলত এই প্ৰকাণ্ড নাহাৰফুটুকি জনীৰ মৃতদেহ দেখি তীব্ৰ আতংকত ভুগিছে স্থানীয় বাসী ৰাইজ।




চাওক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন-


No comments:

Post a Comment

Advertisement

Pages