" কৃষ্ণায় বাসুদেৱায় দৈৱকীনন্দনায়চ্ |
নন্দগোপকুমাৰায় গোৱিন্দায় নমো নমঃ || "
হে কৃষ্ণ, হে বাসুদেৱ, হে দৈৱকীনন্দন হৰি, হে নন্দ গোপৰ কুমাৰ, হে কৃপাময় শ্ৰী গোৱিন্দ তোমাক লক্ষ নমস্কাৰ |
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন পুথিৰ আৰম্ভণিতে এই শ্লোকৰ অৱতাৰণা কৰি গুৰুক স্মৰণ কৰিছে | যিজন পৰম পুৰুষ বা সৰ্বজগতৰ পৰম কাৰণ তত্ব-বস্তু, সেইজনেই দ্বাপৰ যুগত দৈৱকীনন্দন ৰুপে কংসৰ অৱৰুদ্ধ অন্ধকাৰ কাৰাগাৰত কৌটি সুৰ্যময় জ্যোতিৰে শংখ-চক্ৰ-গদা-পদ্ম ধৰি অৱতাৰ গ্ৰহণ কৰিছিল | সেইজনেই বাসুদেৱ | সমস্ত জগত যিজন পৰমেশ্বৰত আছে, লৌকিকভাৱেও সেইজন ঈশ্বৰৰেই বাসুদেৱ পুত্রৰুপে অৱতাৰ হোৱা কাৰণেই, ঈশ্বৰ কৃষ্ণক বাসুদেৱ বোলা হৈছে | দৈৱকীনন্দন হৰিয়ে কপট গৰখীয়া বোৰে নন্দকুমাৰ নামলৈ গকুলত বাস কৰিছিল | সেইজনেই বাসুদেৱ পুত্র কৃষ্ণ, সেইজনেই শ্ৰী গোৱিন্দ পুৰুষ | তেওৰেই চৰণত লক্ষ লক্ষ নমস্কাৰ জনাইছো | কৃষ্ণ.. কৃষ্ণ...
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ কমল লোচন পাঠকৰ গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment