ভগৱান বিষ্ণু এদিন গৰুড় পক্ষীত বহি কৈলাশ পৰ্বতত গৈছিল ।
কৈলাশৰ গুহাৰ ভিতৰত বিষ্ণুক এৰি থৈ গৰুড় বাহিৰত আহিল । বাহিৰত এটা সুন্দৰ মৰমিয়াল চৰাই দেখা পাই চাব ধৰিলে । সেই সময়তে যম দেৱতা কৈলাশলৈ আহিল । যম দেৱতাইও সেই সৰু চৰাইটোক ঘূৰি ঘূৰি চাই কৈলাশৰ ভিতৰলৈ গুচি গল ।
তেতিয়া গৰুড় পক্ষীয়ে বুজি পালে যে এই চৰাইটোৰ মৃত্যু নিকট আহিছে আৰু সেইবাবেই যমে এইদৰে বাৰে বাৰে ঘূৰি চাইছে ।
ইমান সুন্দৰ চৰাইটোক ইমান সহজতে আৰু মৰিব দিব পাৰিনে।
এইবুলি ভাবি গৰুড় পক্ষীয়ে এটা বুদ্ধি কৰিলে । চৰাইটোক ধৰি লৈ বহুত দূৰলৈ লৈ গৈ এখন পাহাৰৰ গুহাত লুকাই থৈ আহিল ।
যমে যেতিয়া বাহিৰত ওলাই আহি চৰাইটো চাব ধৰিলে তেতিয়া গৰুড় পক্ষীয়ে কলে যে ইমান ধুনীয়া চৰাইটোক ইমান সোনকালে মৰিব দিব নোৱাৰি । সেইবাবে মই তাক ইয়াৰ পৰা লাখ কিলোমিটাৰ দূৰত লুকাই থৈছোঁ ।
তাৰ পিছত যমে কলে যে :
হে গৰুড় ,
মইও তাকেই ভাবি আছিলোঁ ভিতৰত যোৱাৰ সময়ত যে এই চৰাইটোৰ মৃত্যু লেখা আছে ইয়াৰ পৰা লাখ কিলোমিটাৰ দূৰত এই সময়তে সৰ্পৰ মুখত । এতিয়া ইমান কম সময়তে এই চৰাইটোৱে ইমান দূৰত কিদৰে যাব পাৰিব ।
এতিয়া মই নিশ্চিত হৈছোঁ যে চৰাইটো নিশ্চয় মৃত্যু মুখত পৰিছে ।
তেতিয়া গৰুড় পক্ষীয়ে বুজি পালে যে মৃত্যুক কোনেও ৰখাব নোৱাৰে ।
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ।আপোনালোকেও যদি কোনো বিশেষ লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment