SI পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ বাবে নীতি-নিৰ্দেশনা: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 21, 2020

SI পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ বাবে নীতি-নিৰ্দেশনা:

অহা ২২ নৱেম্বৰ,২০২০ তাৰিখে অনুষ্ঠিত হ'বলগীয়া আৰক্ষী উপ- পৰিদৰ্শক (ইউ বি) পদৰ লিখিত পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ বাবে   প্ৰয়োজনীয়  নীতি-নিৰ্দেশনা সমূহ তলত দিয়া ধৰনৰ-


১) পৰীক্ষা কেন্দ্ৰৰ প্ৰবেশ দ্বাৰত পৰীক্ষা অনুষ্ঠিত হোৱাৰ নিৰ্দিষ্ট সময়ৰ আঢ়ৈ ঘণ্টাৰ আগতে অৰ্থাৎ পুৱা ৯:৩০ বজাৰ ভিতৰত প্ৰাৰ্থী সকল উপস্থিত হব লাগিব


২) মুখ্য প্ৰবেশ দ্বাৰেৰে কেৱল প্ৰাৰ্থীয়েহে প্ৰবেশ কৰিব পাৰিব।প্ৰাৰ্থীগৰাকীৰ বাহিৰে পৰিয়ালৰ কোনো সদস্য বা বন্ধু-বান্ধব পৰীক্ষা কেন্দ্ৰৰ চৌহদত প্ৰবেশ কৰিব নোৱাৰিব।


৩) পৰীক্ষগৃহৰ ভিতৰত

লৈ কেৱল নিম্ন লিখিত সামগ্ৰী সমূহহে প্ৰাৰ্থীসকলে নিজৰ লগত নিব পাৰিব-

 ক) বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি 'পৰিচয় প্ৰমানপত্ৰ' সমূহৰ যিকোনো এখনৰ মূল কপি।

 খ) প্ৰাৰ্থীয়ে নিজে স্বাখ্যৰ কৰা 'পৰিচয় প্ৰমানপত্ৰ'ৰ এটা ফটোকপি।

 গ) তিনিটা ক'লা চিয়াঁহীৰ 'বল পইণ্ট' কলম,এডাল পেঞ্চিল,ইৰেজাৰ,ফেচ মাস্ক,চছমা (যদি প্ৰাৰ্থী জনে নিয়মিতকৈ ব্যৱহাৰ কৰে),এডমিট কাৰ্ড,প'ষ্টকাৰ্ড আকাৰৰ প্ৰাৰ্থীৰ ফটো।


৪) কোনো পৰিস্থিতিতে প্ৰাৰ্থীয়ে মোবাইল ফোন,স্মাৰ্ট ঘড়ী,কেলকুলেটাৰ,হাতবেগ,গহনা অথবা যিকোনো ধৰনৰ ইলেক্ট্ৰনিক সামগ্ৰী লগত আনিব নোৱাৰিব।কোনো প্ৰাৰ্থীৰ লগত এই সমূহ সামগ্ৰী পালে তেওঁৰ প্ৰাৰ্থীত্ব ততালিকে নাকচ কৰা হব আৰু প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হব।


অধ্যক্ষ,ৰাজ্যিক পৰ্য্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদ, অসম,গুৱাহাটীৰ দ্বাৰা প্ৰকাশিত।

No comments:

Post a Comment

Advertisement

Pages