এগৰাকী নৱবিবাহিত বোৱাৰীৰ প্ৰেম কাহিনী: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 21, 2020

এগৰাকী নৱবিবাহিত বোৱাৰীৰ প্ৰেম কাহিনী:


 তাই বোৱাৰী হৈ আহিলে ঘৰখনত  | তাইৰ উপস্থিতিত লখিমী শূন্য ঘৰখনত জোনৰ পোহৰ বিৰিঙিছিল | আহত গুৰিৰ তপন বৰুৱাৰ একমাত্র তথা মৰমৰ সন্তান প্রীতমৰ মৰমৰ পত্নী জনী হৈ আহিবৰ দিনাই ঘৰখন যেন পৰিপূৰ্ণ হৈ উঠিছিল |

- দেউতা !

বোৱাৰীৰ মাতত বৰুৱাই মূৰ তুলি চাইছিল |

মমতাই মূৰত ওৰণি খন তুলি বৰুৱাৰ ভৰি দুখন চুইছিল |

- হব আই উঠা |

বৰুৱাই মমতাৰ মূৰত হাতবুলাই আশিৰ্বাদ দি উঠাই দিছিল |

- আইজনী, আজি মই বহুত সুখী জানা, যিদিনা খন প্রীতমৰ মাকে মৃত্যুৰ কোলাত শুই গৈছিল সেইদিনাৰ পৰা আমাৰ এই ঘৰখনত আমি মাত্র দুটা প্রানী | আজি তুমি আহি আমাৰ মুখৰ হাঁহি ঘূৰাই দিলা|

- দেউতা মই সদায় আপোনাৰ মৰমৰ বোৱাৰী জনী হৈ থাকিব চেষ্টা কৰিম |

কথা খিনি কৈ তাই ঘৰত সোমাই গৈছিল |


              আজি প্রীতম আৰু মমতাৰ প্রথম নিশা | তাই অধীৰ আগ্রহৰে প্রীতমলৈ বাত চাইছে | তাইৰ দেখোন আজি কিবা লাজ লাগিছে |

মা-হালধীৰ গোন্ধ এতিয়াওঁ তাইৰ নাকত লাগি আছে | তাই গাৰুটো সাৱতি শুই আছিলে |

তেনেতে তাই অনুভৱ কৰিছিল ,বিচনা খনত প্রীতম আহি বহাৰ | তাইৰ তাৰ মুখলৈ চাৱলৈ লাজ লাগিছিল |

- মমতা !

- হু |

- তোমাৰ লগত মোৰ দুটা মান কথা আছে |

তাই ভাৱিলে আজি নো প্রীতমৰ কি কথা আছে | থাকিব ও পাৰে সিহতৰ ভৱিষ্যতৰ কিছুমান পৰিকল্পনা ,চুক্তি | তাই উঠি বহিছিল |

- কোৱা !

- কথা খিনি কোৱাৰ আগত তোমাক কওঁ ,এই কথা খিনি যাতে তৃতীয় ব্যক্তি কোনেওঁ গম নাপায় |

প্রীতমৰ কথা খিনি শুনি তাইৰ বুকুখন কপি উঠিছিল,কি কথা কব খুজিছে সি ! তথাপি তাই সন্মতি জনালে |

- হব বাৰু |

- প্রথম কথা হ'ল মই তোমাক দেউতাৰ সন্মতিত হে বিয়া পাতিছো | 

- মানে,,,,,,,,,,

- মানে হ'ল তোমাক মই বাধ্যত পৰি বিয়া পাতিছো |

কথা খিনি শুনাৰ লগে লগে তাইৰ চকুৰ পতা ডাঙৰ হৈ গৈছিল | কি বুজাব বিচাৰিছে প্রীতমে |

- মই কাৰোবাক কথা দি থৈছো যে মই তোমাক বিয়া হে পাতিছো,সমাজক দেখাই পতি পত্নী হৈ থাকিম | কিন্তু আমাৰ মাজত কোনো ধৰনৰ দৈহিক সম্পৰ্ক নাথাকিব | মই যি প্রতিজ্ঞা কৰিছো সেয়া ভংগ কৰিব নোৱাৰো | গতিকে তুমি এইখন বিচনাত শুৱা,মই কাষৰ খনত শুম | এতিয়া তুমি শুৱা ,শুভৰাত্রী |


         প্রীতমৰ কথা খিনি শুনাৰ পাছত তাইৰ দুচকুৰে মাত্র চকুপানী নিগৰি আহিছিল | কোনে বাৰু আশা কৰিব এনে এটি অভিশপ্ত ফুলসয্যা নিশা | তাই কান্দি কান্দি গাৰুটো সাৱতি শুই থাকিল |


তেনেকে সময় বোৰ গৈ থাকিল | এফালে মিছাকৈ পত্নীৰ অভিনয়,আনফালে এজনী হাঁহি মুখীয়া বোৱাৰী | লাহে লাহে তাই সহজ হব চেষ্টা কৰিলে,তাইৰ ভাগ্যই সেয়া গতিকে তাকে মানি লব | 

এদিনা খনৰ কথা | 

- বোৱাৰী

- দেউতা

- তোমাক আজি কথা এটা কওঁ বেয়া নাপাবা |

- নাপাওঁ ,কওঁক,,,,,

- মোক এটি নাতি পোৱালী লাগে !

তাইৰ বুকুখন কপি উঠিছিল |

- কিমান দিন আৰু থাকিম কোৱাচোন ! জীৱনৰ বিয়লি বেলাত নাতি পোৱালীৰ লগত উমলিবলৈ বৰ মন গৈছে |

তাই ওলাই আহিব লোৱা কান্দোনটি মুখত হেচি ধৰি বন্ধ কৰি ঘৰলৈ দৌৰ দিলে |

তাই আজি নিৰুপায় কি কৰিব তাই | ভগবান তুল্য এজন শহুৰৰ ইচ্ছা তাই কেনেকে পূৰণ কৰিব পাৰিব |তাই আজি ৰাতি প্রীতমৰ লগত আলোচনা কৰিব |


                  ৰাতি প্রীতমে বিচনা খনত পৰিব লৈছিল তেনেতে মমতাই তাক মাত লগাইছিল |

- প্রীতম তোমাৰ লগত মোৰ কথা অলপ আছে |

- কি কথা কোৱা !

- আজি দেউতাই মোৰ পৰা নাতি পোৱালী এটা বিচাৰিছে ! মই কি কৰো কোৱা ! তোমাক কথা এটা কওঁ যদি বেয়া নোপোৱা |

- কোৱা,কিন্তু শুনা মই প্রতিজ্ঞা ভংগ কৰিব নোৱাৰো |

- নালাগে তুমি প্রতিজ্ঞা ভংগ কৰিব | তুমি এটা কাম কৰা প্রীতম | তুমি তোমাৰ সেই প্রেয়সী জনীক ঘৰত লৈ আহা,দেউতাক মই সন্মত কৰাম | আৰু কথা দিছো তোমাক মই এইখন ঘৰৰ পৰা গুছি যাম |


         তাই দেখিছিল ,প্রীতমে খিৰিকি খন খুলি দিছিল ! ৰাতিৰ আন্ধাৰৰ মাজত বাহিৰত জোনাকী পৰুৱাৰ সভা বহিছিল |

- চোৱা প্রীতম মিছা অভিনয় আৰু কিমান কৰিম | আৰু এটা কথা মই আৰু ক'তো বিয়াত নবহো | তোমাৰ এজন ভাল শুভকাংখী হৈ থাকিম |

সি এটা শব্দ ও কব পৰা নাছিলে |

- কথাষাৰ তুমি  ভাৱিবা, শুভৰাত্রী |

তাইৰ সিদ্ধান্ত জনাই |তাই গাৰুটো সাৱতি শুই গৈছিল |


             


                 আজি ৰাতিপুৱাঁ শুই উঠিয়ে তাই তাইৰ কাপোৰ বোৰ এটা বেগত ভৰাইছিল | তেনেতে প্রীতম ৰুমত সোমাই আহিছিল |

- মমতা

তাই কাপোৰ বোৰ জাপি কৈছিল !

- হু !

- ক'ত যোৱা তুমি ?

- যাম কৰবাত,মিছা অভিনয় আৰু কিমান কৰিম |

- দেউতাক এৰি তুমি যাৱ পাৰিবা ?

- উপায় নাই প্রীতম,দেউতাক তুমি কবা , " দেউতা মমতাই এজন ডেকা ল'ৰাই পলাই গ'ল " তেতিয়া দেউতাই মোক ঘৃনা কৰিব | আৰু তুমি তাইক আনিব পাৰিবা | মই সদায় তুমি আৰু দেউতা সুখী হোৱাটো বিচাৰিম প্রীতম |

 সি নিশ্চুপ বিচনা খনত বহি পৰিছিল | কি কৰিব সি কিবা উপায় | এটা সময়ত তাই বেগটো হাতত লৈছিল |তাই প্রীতমৰ ভৰিখন চুই আশিৰ্বাদ লৈছিল |

- আহো,মন গ'লে দেখা কৰিব যাবা |

সি মাতিব খুজিওঁ মাতিব পৰা নাছিলে |

তাই চাদৰৰ আচলৰে মুখ খন হেচি দৌৰি যোৱাৰ দৰে ওলাই গৈছিল |


               বহু সময় হ'ল ! আজি বোৱাৰীয়েকক নেদেখি বৰুৱাই বোৱাৰীয়েকক বিচাৰিব ধৰিলে ! কিন্তু ক'তো নাপালে | সাদৰী বোৱাৰী জনী ক'ত গ'ল বাৰু | শেষত সিহতৰ ৰুমত সোমাই গ'ল ! প্রীতম বিচনাত শুই আছিলে |

- প্রীতম !

সি বিচনাৰ পৰা উঠি বহিছিল |

- বোৱাৰী ক'ত গ'ল !

সি মাত দিব পৰা নাছিলে |

- তই নামাত যে ,ক' বোৱাৰী ক'ত গ'ল |

- মোক খং কৰি ঘৰত গুছি গ'ল !আৰু উভতি নাহে হেনো |

- কি !

তেনেতে সংজ্ঞাহীন হৈ বৰুৱা মাটিতে ধলি পৰিল | 

- দেউতা,দেউতা !

সি দেউতাকক মেডিকেলত ভৰ্ত্তি কৰালে |

সি মমতাক ফোন লগালে |

- হেল্ল'

- মমতা

- উম কোৱা 

- দেউতা মেডিকেলত !

- কি ! কি হ'ল দেউতাৰ !

- তুমি ঘৰত গুছি যোৱা শুনি দেউতা সংজ্ঞাহীন হ'ল |

- ৰবা মই গৈ আছো |


           কিছু সময় পাছত ডাক্তৰৰ ট্রীটমেন্টৰ পাছত বৰুৱা কিছু সুস্থ হৈ উঠিল | বাহিৰত প্রীতমে মমতাৰ বাবে ৰৈ আছিলে |

- আহিলা

- উম, দেউতা ক'ত আছে |

কথা খিনি সুধিয়ে তাই ভিতৰলৈ যাৱলৈ লৈছিল | তেনেতে প্রীতমে প্রথম বাৰৰ বাবে মমতাৰ হাত খন খামোছি ধৰিলে |

- মমতা | মই ভুল কৰিছো |

- কি ভুল !

- তোমাক বঞ্চিত কৰি,নিজৰ জন্মদাতাক বঞ্চিত কৰি |পৃথিৱীত এজনী ছোৱালাৰ বাবে কৰা প্রতিজ্ঞাতকৈ নিজৰ জন্মদাতা বহু ওপৰত | " পিতা স্বৰ্গ,পিতা ধৰ্ম " | আৰু প্রেম মানে বিবাহ নহয় | মোক ক্ষমা কৰিবা নে মমতা |

- মই তোমাক ক্ষমা নকৰি কাক কৰিম বাৰু | 

- তুমি সদায় মোৰ লগত থাকিবা নে ?

- সদায় মই তোমাৰ প্রীতম ব'লা দেউতাক এতিয়া ঘৰত লৈ যাওঁ |

- উম ব'লা |


           একমাত্র মমতাৰ সিদ্ধান্তৰ বাবে সিহতৰ ঘৰ খন আজি সুখৰ হৈ পৰিল |

- মমতা

- কোৱা

- আজি আমাৰ ফুলশয্যা নিশা |

- মই তোমাৰ লগত নাথাকো |

- কি !

- কি হ'ল চকু ডাঙৰ হৈ গ'ল যে,আহা এতিয়া বিচনাত |

প্রীতমে আনন্দতে মমতাক ডাঙি লৈ ঘূৰাই দিলে,মমতাৰ মুখেৰে অনাবিল প্রশান্তিৰ হাঁহি ওলাই আহিলে |

বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages