আজি কিছুবছৰ ধৰি এই ৰোগবিধ খুব বেছি বাঢ়িব ধৰিছে । আজিৰ পৰা 15-20 বছৰ আগতে কৰবাত কাঁচিৎ দেখিবলৈ পোৱা গৈছিল । কিন্তু আজিকালি মানুহৰ আধুনিক জীৱনশৈলী , খোৱাৰ বাচ-বিচাৰ নোহোৱা , বিৰোধ ভোজন আদিৰ বাবে এই ৰোগবিধ বাঢ়িব ধৰিছে। এই ৰোগবিধক আয়ুৰ্বেদিক ভাষাত শ্বেত কুষ্ঠ বা বগা কুষ্ঠ ৰোগ বুলিও কোৱা হয় ।
নিয়ম-নীতি মানি যদি তলৰ বিধানখিনি ভালদৰে কৰে , তেন্তে ঠিক হবলৈ দুই-তিনি বছৰ লাগে আৰু সম্পূৰ্ণ আৰোগ্য হৈ যায় ৰোগী ।
নিয়ম-নীতিৰ ভিতৰত বিশেষকৈ বিৰোধ ভোজন ত্যাগ কৰিব লাগিব । বিৰোধ ভোজন মানে হল সেইবোৰ খাদ্য , যিবোৰ পৰস্পৰ বিপৰীত গুনধৰ্মৰ হয় ।
যেনে মাছ মাংস খাই উঠি গাখীৰৰ বস্তু খোৱা বা গাখীৰ আদি খোৱা , গাখীৰৰ লগত নিমখ বা চেনী মিহলি কৰি খোৱা , গৰমত ঠাণ্ডা পানী খোৱা , ফল খাই উঠি গৰম বস্তু খোৱা , ঠাণ্ডা বস্তুৰ লগে লগে গৰম বস্তু আদি খোৱা আদিবোৰ হল বিৰোধ বা পৰস্পৰ বিপৰীত ধৰ্মৰ খাদ্য ।
আটাইতকৈ বেছি হয় মাছ-মাংসৰ লগত গাখীৰৰ বস্তু খোৱাৰ পৰা । আজিকালি প্ৰায়বোৰ বিয়া-সবাহত মাছ-মাংসৰ লগতে একেলগে মানুহে মিঠাই , দৈ , পনীৰ আদিও খায় । ইয়াৰ পৰাই লিভাৰ নষ্ট হোৱাৰ সম্ভাৱনা থকাৰ উপৰিও ছালৰ দুৰাৰোগ্য হোৱাৰ সম্ভাৱনা বেছি থাকে ।
শ্বেত কুষ্ঠ বা বগা দাগৰ বাবে
250 গ্ৰাম বাকুচী বীজ অলপ খুন্দি লৈ এক লিটাৰ গৌমূত্ৰত 48 ঘণ্টা তিয়াই থওঁক । 48 ঘণ্টা পিছত পতাত পিচি লৈ এক গ্ৰামৰ বড়ি বনাই ছায়াত শুকাই লওঁক 4-5 দিন ।
সেই বড়ি ৰাতিপুৱা 3 টা গৰম পানীৰ লগত আৰু ৰাতি 3 টা গৰম পানীৰ লগত দুই বছৰ বা ততোধিক খাওঁক । ভালকৈ ভাল নোহোৱালৈকে খাওঁক ।
কলা তুলসীৰ পঁচাং 100 গ্ৰাম লৈ আধা লিটাৰ কালজিৰাৰ তেলত ভাজি লওঁক । সেই তেল নিয়মিত ৰাতি শোৱাৰ সময়ত গাত লগাওঁক ।
এইদৰে দুই বছৰ বা ততোধিক সময় কৰিলে এই ৰোগবিধৰ পৰা পৰিত্ৰাণ পাব পাৰে । মনত ৰাখিব , ওপৰৰ নিয়মখিনি মানি নচলিলে ভাল হোৱাৰ সম্ভাৱনা কম ।
ৰাজহুৱা স্বাৰ্থত share কৰক
-আচাৰ্য পংকজ পাঠক
No comments:
Post a Comment