"বিদায় তৰুণ গগৈ ছাৰ" - আৰু কি কলে আঙুৰলতাই ? - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 24, 2020

"বিদায় তৰুণ গগৈ ছাৰ" - আৰু কি কলে আঙুৰলতাই ?


গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহত আজি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে বিধায়ীকা আঙুৰলতা ডেকাই।প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিধায়ীকা গৰাকীৰ প্ৰতিক্ৰিয়া আছিল এনেধৰনৰ-

"জনসেৱাৰ জৰিয়তে জনতাৰ আস্থাভাজন হৈ পৰা স্থিতপ্ৰজ্ঞ ব্যক্তি, সুদক্ষ প্ৰশাসক তথা মূল্যবোধৰ ৰাজনীতিক মান্যতা প্ৰদান কৰা এগৰাকী দক্ষ তথা যোগ্য ৰাজনৈতিক নেতা, প্ৰাক্তন সাংসদ আৰু অসমৰ সন্মানীয় প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ তৰুণ গগৈ ডাঙৰীয়াৰ নশ্বৰ দেহক আজি শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ৷ তেখেতৰ অজস্ৰ গুণমুগ্ধ তথা শুভাকাংক্ষীয়ে আজি কলাক্ষেত্ৰ প্ৰাংগনত তেখেতৰ অন্তিম শয়নৰ দৰ্শন কৰি শোকস্তব্ধ হৈ পৰে৷ 

অসমৰ তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ পদ অলঙ্কীত কৰাৰ সমান্তৰালভাৱে তেখেতে অসমৰ জাতীয় অনুষ্ঠান শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰো সন্মানীয় সভাপতিৰ পদ অলঙ্কীত কৰি আছিল৷ শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজৰ সন্মানীয় সভাপতি হিচাপে কলাক্ষেত্ৰ সমাজ তথা অসমৰ সমূহ কলাপ্ৰেমী ৰাইজৰ লগত তেখেতৰ এক নিবিড় সম্পৰ্ক আছিল৷ আজি তেখেতৰ নশ্বৰ দেহ তেখেতৰ এসময়ৰ কৰ্মস্থলী শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনলৈ শেষ বাৰৰ কাৰণে আনি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় আৰু অজস্ৰ জনৰ লগতে আমাৰ কলাক্ষেত্ৰ সমাজেও প্ৰাক্তন সভাপতি গৰাকীক শেষ বাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ আত্মাৰ সৎগতিৰ বাবে ঈশ্বৰৰ চৰণত সেৱা জনাই৷ বিদায় তৰুণ গগৈ ছাৰ৷" - আঙুৰলতা ডেকা



No comments:

Post a Comment

Advertisement

Pages