নিত্য নিৰঞ্জন শুদ্ধ বুদ্ধ বেদ বাদী ৷৷
ভগৱান অনন্ত গুণৰাশিৰ মূৰ্ত্তি ৷ তেওঁৰ অৱতাৰী লীলাত গুণবোৰ প্ৰকাশ পায় ৷ তেওঁৰ গুণবিলাকহে হৰি নাম বোলা হয় ৷ ভগৱানৰ নাম কেশৱ-ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰৰো পৰমেশ্বৰ ৷ কইশ পদে ব্ৰহ্মা,বিষ্ণু-মহেশ্বৰ ,ৱপদে নাৰায়ণ ,তিনিকো আছয় চান্দি এহিহেতু কেশৱ বোলয়
কমলাকান্ত---লক্ষ্মীপতি মাধৱ ৷
অনন্ত---দেশে কালে একোৱে ভগৱানৰ আদি--মূল বিচাৰি নাপায় ৷ ঈশ্বৰে জগতৰ সৃষ্টি কোনদিনা আৰম্ভ কৰিছিল---ইয়াৰ কোনেও সীমা নিৰ্ণয় কৰিব নোৱাৰে ৷ সেয়ে তেওঁক অনন্ত বোলে ৷
অনাদিঃ---যাৰ আদি অন্ত নাই ৷
নিত্যঃ--সত্য সনাতন,সৃষ্টিৰ আগত,মাজত আৰু শেষত কব পাৰি --প্ৰলয়তো এই ঈশ্বৰ থাকে নিত্য ৷
নিৰঞ্জনঃ---অহংকাৰ আদি কোনো গুণে ঈশ্বৰক ঢাকি ৰাখিব নোৱাৰে ৷ তেওঁ বিকাৰ শূণ্য নিৰ্ম্মল ৷
শুদ্ধঃ---ঈশ্বৰ নিৰ্ম্মল,পবিত্ৰ,নিৰ্ভূল ৷
বুদ্ধঃ--অখণ্ডিত জ্ঞানময় ৷
বেদবানীঃ----বেদৰ সৃষ্টিকৰ্ত্তা ৷ বেদবেত্তা ৷ যাৰ প্ৰথম নিশ্বাসতে বেদৰ সৃষ্টি হৈছিল ৷ এইদৰে ভগৱানৰ নাম গুণ শ্ৰৱণ কীৰ্ত্তন কৰাৰ আৰ্হি দিছে ৷৷ কৃষ্ণ ৷৷
বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমল লোচন পাঠকৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment