কালি ওৰেটো নিশা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ জি এম চি এইচত ৰখাৰ পিছত আজি পুৱাৰ ভাগত তেখেতৰ নশ্বৰ দেহ লৈ যোৱা হয় চৰকাৰী বাসভৱনলৈ।প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু আন সহযোগী সহ চিকিৎসালয়ৰ পৰা পুত্ৰ গৌৰৱ গগৈয়ে কান্ধত তুলি আনে প্ৰয়াত পিতৃৰ নশ্বৰ দেহ৷
উল্লেখ্য যে চৰকাৰী বাসভৱনত তেখখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত ৰাজীৱ ভৱন আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈও লৈ যোৱা হব তেখেতৰ নশ্বৰ দেহ।আৰু অহা ২৬ নৱেম্বৰত ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ অন্তেষ্টিক্ৰিয়া।
No comments:
Post a Comment