আমি সাধাৰণতে তিতা কেৰেলাক পাচলিৰ দৰে ব্যৱহাৰ কৰো যদিও ইয়াৰ কেইটামান বিশেষ ঔষধি গুণ আছে ।
তিতা কেৰেলাই আমাৰ শৰীৰৰ তেজ শুদ্ধি কৰে , চালৰ উজ্জলতা বঢ়ায় , ওজন কম কৰে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়োৱাৰ লগতে আন বিভিন্ন ৰোগত ই মহৌষধী ।
আয়ুৰ্বেদত ইয়াক মধুমেহ নিৰ্মূলৰ বাবে বহুলকৈ ব্যৱহাৰ কৰা হয় । মধুমেহ ৰোগীৰ বাবে ই মহৌষধী হয় ।
যেতিয়া কোনো ধৰণৰ ঔষধ সেৱন কৰিও শৰীৰৰ শৰ্কৰাৰ পৰিমাণ কমাব নোৱাৰে , তেতিয়া কেৰেলা ৰসে বিশেষ উপকাৰ দিয়ে ।
জৈৱিক কেৰেলা 100 গ্ৰাম লৈ অলপ থেতেলী লৈ এক গিলাচ পানীত উটলাই সেই পানী কমি আধা গিলাচ হলে ৰাতিপুৱা খালি পেটত বা গৰম পানী খোৱাৰ এক ঘণ্টা পাছত খাব পাৰে ৰাতিপুৱা ।
ইয়াৰ উপৰিও শৰ্কৰাৰ পৰিমাণ খুব বেছি থাকিলে শগুনী লতাৰ ৰস সপ্তাহত 3 দিন , কেৰেলাৰ ৰস সপ্তাহত 3 দিনকৈ নিয়মিত খালে বহুত সোনকালে সকাহ পাব ।
শগুনী লতাৰ ৰস আৰু কেৰেলাৰ ৰস আমাৰ সামগ্ৰী বিক্ৰী কৰা সকলো দোকানত পোৱা যায় ।
-আচাৰ্য পংকজ পাঠক
No comments:
Post a Comment