১ম খণ্ড : পৃথিৱীত ইজনৰ লগত সিজনৰ ভাগ্য কোনোপধ্যে একে নহয় ।। বাস্তৱ ক্ষেত্ৰত কোনো ব্যক্তিৰ লগত পৰস্পৰ ভাৱৰ কিছু মিল থাকিলেও জীৱন শৈলীৰ সকলো দিশতে কোনো পধ্যে কাৰো লগত কোনো জনৰ মিল নাথাকে । লাগিলে একে পিতৃ মাতৃৰ যমজ সন্তানেই হওঁক বা একে সময়তে জন্মা নাইবা দেখাত একেযেন লগা আন কোনোবা হওক । হস্তৰেখাবিদ সকলৰ মতেও পৃথিৱীৰ কোনো দুজন ব্যক্তিৰ হাতৰ ৰেখা আৰু ভাগ্যফল একে নহয় ।
ইয়াৰ কাৰন_কি ?
ৰহস্যময় বিশ্বব্ৰহ্মান্ডৰ এনেবোৰ কাৰন জনাটো মানৱৰ অগোচৰ ।
ভাৰতীয় জ্যোতিষ শাস্ত্ৰৰ গনণামতে মানুহৰ জন্ম কুন্ডলীত ১২টা ৰাশিৰ স্থানত অৱস্থান কৰা গ্ৰহসমুহৰ দৃষ্টি আৰু দশাৰ ওপৰতহে জাতকৰ গোটেই জীৱনৰ কৰ্মভাগ্য বা আন সকলো ক্ৰিয়া কান্ড নিৰূপন হয় ।
পুৰ্বজন্মৰ কৰ্মফল বিশ্বাসী সকলৰ মতে মানুহৰ ভাগ্য,কৰ্ম,ধৰ্ম বা জীৱনত ভোগ কৰা সুখ দুখ পুৰ্বজনমৰ পাপ পূণ্যৰ সঞ্চিত আৰু প্ৰাৰব্ধ কৰ্মফল অনুসৰিহে ভাগ্য নিৰূপিত হয়। সেইমতেই সৃষ্টিকৰ্তাই জন্মক্ষন নিৰ্ধাৰন কৰে ।
গ্ৰহৰ প্ৰভাৱ;------
কোনোবা অদৃশ্য শক্তিৰ সৃষ্টি এই ব্ৰহ্মান্ডখন আকাৰত কিমান ডাঙৰ সেয়া মানৱৰ আগোচৰ।আমাৰ সৌৰজগতৰ বিষয়ে কবলৈ গলে সূৰ্য্যকে ধৰি ইয়াৰ চাৰিওফালে প্ৰদক্ষিন কৰি থকা গ্ৰহ উপগ্ৰহ তথা আমি দেখা প্ৰকৃতিৰ জড় অজড় ,গছ লতা জীৱ জন্তু সৱাকো মিলি একেটাই পৰিয়াল । প্ৰত্যেকৰ লগত কিবা নহ্য় কিবা এটাৰ আকৰ্ষন আছে। অন্য গ্ৰহৰ নিচিনা পৃথিৱীৰ মাধ্যাকৰ্ষন শক্তিয়ে সকলোকে আকোৱালি লৈ আছে। এনেকি নিকটবৰ্তী গ্ৰহ উপগ্ৰহ বোৰৰ লগতো সম্বন্ধ থাকে ।
কবলৈ গলে ব্ৰহ্মান্ডৰ প্ৰতিতো বস্তুৰ নিজ নিজ চুম্বকীয় শক্তি আছে।
আপুনি জানেনে ? আমি মানুহ বা আন জীৱবোৰৰো ৫ৰ পৰা ৭মিটাৰ দুৰত্বলৈ চুম্বকীয় আকৰ্ষন আছে । সুক্ষ্ম অনুভুতিৰে সেই দুৰত্বত থকা আন জীৱৰ স্থিতি বুজিব পাৰি।
আনহাতে আমি যি পৰিৱেশত বাস কৰো তাৰ প্ৰভাৱ আমাৰ জীৱনলৈ অহাৰ নিচিনা সৌৰজগতৰ গ্ৰহ নক্ষত্ৰ সমুহৰ প্ৰভাৱো আমাৰ গাত পৰে । অৱশ্যে বেচি দুৰৈৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ আমাৰ জীৱনৰ ওপৰত নপৰে। সুৰ্য্যকে ধৰি ওচৰৰ গ্ৰহ-উপগ্ৰহ যেনে -- চন্দ্ৰ মংগল বুধ বৃহস্পতি শুক্ৰ শনি ৰাহু কেতু আদি নটা গ্ৰহ আৰু নক্ষত্ৰ যেনে --অশ্বিনী ভৰনী কৃত্তিকা ৰোহিণী আদি ২৭টা নক্ষত্ৰৰ প্ৰভাৱ জীৱ তথা পৃথিৱীৰ ওপৰত পৰে। আমাৰ ৭ বাৰ আৰু ১২ মাহৰ নামাকৰন গ্ৰহ নক্ষত্ৰ সমুহৰ প্ৰভাব অনুসৰি কৰা হৈছে।
মানুহৰ ওপৰত গ্ৰহৰ প্ৰভাব
জ্যোতিষ বিচাৰমতে এজন মানুহৰ সম্পুৰ্ণ জীৱন পঞ্জী জানিবলৈ জন্মৰ অৰ্থাৎ মাতৃ গৰ্ভৰ পৰা প্ৰকৃতিস্থ হোৱাৰ সঠিক সময় , দিন তাৰিখ ,বছৰ আদিয়েই যথেস্থ । সেই মুহুৰ্ত্তৰ গ্ৰহৰ স্থিতি , দৃষ্টি প্ৰভাৱ, দশাফল অনুসৰি গোটেই জীৱনকালৰ ভাল বেয়া ,সুখ দুখ,ধৰ্ম কৰ্মৰ ভাগ্যফল গণনা কৰা হয় । পৃথিৱীত কোনো দুজন লোকৰ জন্ম কুন্ডলী (দেখাত একে হলেও) গণনা বা ভাগ্যফল হুবহু একে নহয়।
কাৰন:-- আমি সকলোৱে জানো -সূৰ্য্যৰ চাৰিওফালে পৃথিৱী তথা গ্ৰহ সমুহ প্ৰদক্ষিণ কৰে আৰু নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি নিজেও অনৰ্গল ঘুৰি আছে । গতিকে পৃথিৱীৰ লগতে আমিও নিৰন্তৰ ঘুৰি আছো ।
আপুনি জানেনে ? আমি সদায় একে ঠাইতে থকা যেন লাগিলেও ঘুৰ্ণীয়মান পৃতিৱীৰ লগতে আমিও প্ৰতি ঘন্টাত কেবা হেজাৰ কিলোমিটাৰলৈ গতি কৰি আছো ।
গাড়ীত উঠি গৈ থাকোতে খিৰিকিৰে কেমেৰাত যদি দুবাৰ বা ততোধিক ফটো উঠোৱা হয় সেই দৃশ্যপটবোৰ একে নহয়। একেদৰে দুই নৱজাতকৰ জন্মক্ষণ বিন্দুমাত্ৰ পাৰ্থক্যত তীব্ৰ গতিশীল পৃথিৱী আৰু গ্ৰহৰ স্থিতি সলনি হয় । সেয়ে গণকৰ জ্যোতিষ গণনাত দুই জাতকৰ ভাগ্যচক্ৰ ভিনভিন হয় । এনেকি দুই যমজ সন্তানৰ মাজতো জন্মক্ষণৰ বিন্দুমাত্ৰ পাৰ্থক্যৰ বাবে ধৰন কৰন স্বভাব চৰিত্ৰৰ কিঞ্চিত হলেও অমিল দেখা যায়।
উল্লেখণী্য কথাটো হল -আমি জন্মা সময়ৰ লগে লগে গ্ৰহ সমুহৰ অৱস্থানৰ ফটো কপিযেই হল আমাৰ গোটেই জীৱনৰ #কুন্ডলী ।
সেই জন্ম কুন্ডলীমতে গ্ৰহসমুহৰ স্থিতি আৰু দৃষ্টি গণনা অনুসৰি জাতকে জীৱনত ভাল - বেয়া ফল ভুগিবলগা হয় । ....ক্ৰমশ
প্ৰিয়_ ন্ধুসকল,
মোৰ ক্ষুদ্ৰ জ্ঞানেৰে লিখা এই লিখনীত কিবা ভুল ত্ৰুটি দেখিলে আঙুলিয়াই দিবলৈ অনুৰোধ কৰিলো । ইয়াৰ দ্বিতীয় খন্ড সোনকালে আগবঢ়োৱা হব : নিশ্চয় পঢ়িব ॥
আপোনাৰ সেৱাত
শ্ৰী যতীন দাস।
মালয়বাৰী কামৰূপ -ম (অসম)
বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য যতীন দাসৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম-ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment