প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ আজি নৱগ্ৰহ শ্মশানত পঞ্চভূতত বিলীন হোৱাৰ প্ৰাকক্ষণত তেখেতৰ সহস্ৰাধিক গুণমুগ্ধৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অন্তিমবাৰৰ বাবে অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
সোণোৱালে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক পুষ্পৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ ওপৰিও তেখেতৰ চৰণত ধৰি সেৱা জনাই।আৰু "বিদায় তৰুণ গগৈদা" বুলি বিদায় জনাই তেখেতৰ বিদেহ্ আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
আজি সৰ্বানন্দ সোণোৱালৰ সৈতে দেখা পোৱা গল স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসক।
No comments:
Post a Comment