আজি মৃত্যুৰ চতুৰ্থ দিনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ ৰাতিপুৱাৰ ভাগত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা তেখেতৰ চৰকাৰী বাসগৃহলৈ অনা হয়। বাসগৃহত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নিয়মেৰে তেখেতৰ নশ্বৰ দেহক চিৰ বিদায় দিয়া হয়।
বাসগৃহৰ পৰা নৱগ্ৰহলৈ লৈ যোৱা পথত প্ৰথমে ৰুক্মিণীগাঁও স্থিত গীৰ্জাত তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়।
ইয়াৰ পিছতে পুষ্প সজ্জিত বাহনেৰে সহস্ৰ সহস্ৰ জনতাৰ সৈতে তেখেতৰ নশ্বৰ দেহ লৈ যোৱা হয় জু-ৰোড নামঘৰলৈ।
জু ৰোড নামঘৰত তেখেতলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পিছতে আমবাৰীৰ বুঢ়া মছজিদতো তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়।
আৰু বুঢ়া মছজিদৰ পৰা মহান নেতা গৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে লৈ যোৱা হয় উগ্ৰতাৰা দেৱালয়লৈ।
বুঢ়া মছজিদ আৰু উগ্ৰতাৰা দেৱালয়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হয় নৱগ্ৰহ শ্মশানলৈ।
আৰু নৱগ্ৰহ শ্মশানতেই যেন চিৰ নিদ্ৰাত শুই পৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী। সহস্ৰ সহস্ৰ গুনমুগ্ধৰ অশ্ৰুসিক্ত নয়নেৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ অন্তিম যাত্ৰাৰ সহযাত্রী হল।
No comments:
Post a Comment