আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত বিভিন্ন জনৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ দুখ প্ৰকাশ কৰিছে।তেওঁ প্ৰতিক্ৰিয়া আগবঢ়াইছে যে -
"কেইদিনমান আগলৈকে সপ্ৰতিভ হৈ থকা মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী, মোৰ পিতৃসম তৰুণ গগৈ ডাঙৰীয়াৰ দেহাৱসানত অতিকৈ মৰ্মাহত হৈছোঁ। তেখেতৰ সহজ-সৰল ব্যক্তিত্ব আৰু অক্লান্ত কৰ্মস্পৃহাই কেৱল অসমৰে নহয়, দেশৰে ৰাজনীতিৰ পথাৰত এক শক্তিশালী চানেকি দেখুৱাই থৈ গ'ল।
পৰম শ্ৰদ্ধাৰ গগৈ ডাঙৰীয়াৰ বিয়োগ মোৰ বাবে এক ব্যক্তিগত ক্ষতি। এইগৰাকী মহীৰূহৰ প্ৰস্থানে অসমৰ ৰাজনীতিত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে।
এই শোকস্তব্ধ মুহূৰ্তত তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জনালোঁ আৰু বিদেহ্ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।
ঔঁ শান্তি" - সৰ্বানন্দ সোণোৱাল
No comments:
Post a Comment