প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত বিধায়ীকা আঙুৰলতা ডেকাই গভীৰ দুখ প্ৰকাশ কৰি প্ৰতিক্ৰিয়া আগবঢ়াইছে এনেধৰে -
"অৱশেষত সেই অনাকাংক্ষিত খবৰটোৱে অসম বাসীক শোকস্তব্ধ কৰিলে৷ মৃত্যু অৱধাৰিত, হলেও এই মৃত্যু এটা যুগৰ অৱসান৷ স্বভাৱসুলভ হাঁহি টোৰে অসম বাসীৰ হৃদয়ত স্থান লাভ কৰা আপোন নেতা জনক হেৰুৱাই সমগ্ৰ অসম বাসী শোকত ম্ৰিয়মাণ৷ তেখেত কেৱল এজন ৰাজনৈতিক নেতা নাছিল, তেখেত আছিল অসমৰ ৰাইজৰ বাবে অভিভাৱক স্বৰূপ আৰু প্ৰতিজন ৰাজনৈতিক ভাৱে জড়িত ব্যক্তিৰ বাবে এখন আদৰ্শৰ প্ৰতিচ্ছবি৷
এটা চিৰতৰুণ হাঁহিৰে প্ৰতিজন অসমীয়াৰ অন্তৰত সাঁচ বহুৱাই যোৱা তৰুণ গগৈ ডাঙৰীয়াৰ মহাপ্ৰয়াণৰ বেলা তেখেতৰ বিদেহ আত্মাৰ সৎগতিৰ বাবে ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনালোঁ আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷ ঔঁম শান্তি৷
Rest In Peace Tarun Gogoi Sir... Om Shanti." - আঙুৰলতা ডেকা
No comments:
Post a Comment