ঘৰুৱা চিকিৎসাৰে খৰ অথবা খজুৱতীৰ পৰা উপশম: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 16, 2020

ঘৰুৱা চিকিৎসাৰে খৰ অথবা খজুৱতীৰ পৰা উপশম:

 

খৰ  অথবা খজুৱতী  আমাৰ  ছালৰ বিভিন্ন অংশত হোৱা  এবিধ  সৰু অথচ বিৰক্তিকৰ ৰোগ ।   আঙুলিৰ ফাকত ,হাত ভৰি বা শৰীৰৰ  যিকোনো অংশত ঘামচিৰ দৰে গুটি গুটি হৈ    খুজাব পাৰে   বা 

      একে  ঠাইতে খজুৱাই  ঘুৰণীয়াকৈ বহল হৈ   বিয়পিব পাৰে ,যাক  খৰ বোলা হয় । আক্ৰান্ত  অংশত   খুব খজুৱায়,  মাখিছাল  এৰি গলেও  খজুৱাই  ভাল  লাগে  ।  কেতিয়াবা  খজুৱাই আনৰ ওচৰত লাজত পৰিবলগীয়াও হব পাৰে ।   এঠা ওলায়  বা কিছুমানৰ শুকানে  থাকে ।  ৰোগৰ প্ৰথম অৱস্থাত ভাল যতন বা    চিকিত্সা  নললে  এই সৰু ৰোগটোৱেই   বিয়পি  জটিল ৰুপ বা দীৰ্ঘদিনলৈ  স্থায়ী হব পাৰে ।   কিছুমানে এই ৰোগ বংশগত বুলিও কব খোজে ।

     বিভিন্ন কাৰনত খৰ /খজুৱতী হব পাৰে ,; বিশেষকৈ  গাৰ ছাল বা ব্যৱহাৰ কৰা কাপোৰ অপৰিস্কাৰ  , নিয়মিত গা নুধুৱা,  তিতা - সেমেকা  কাপোৰ  পিন্ধা, লেতেৰা পৰিৱেশ   ,   দেহৰ উপযুক্ত খাদ্যপ্ৰানৰ  অভাৱত,  তেজৰ দোষত ,  বিষাক্ত  পদাৰ্থ  গাত  লাগিলে , পোক পৰুৱাৰ কামোৰ নাইবা  বিভিন্ন দৰৱৰ পাৰ্শ্বক্ৰিয়াৰ বাবে  নাইবা

   বাত ,পিত্ত ,কফ আদিৰ  আধিক্য বা বৈষম্যৰ বাবেও হব পাৰে ।

   খৰ   আৰু খজুৱতী   ৰোগ হ'ল  কিছুমান পৰজীৱি  অতি ক্ষুদ্ৰ ভেকুৰৰ পৰা হোৱা     সোচৰা ৰোগ  ; যি আন ব্যক্তিৰ  সংস্পৰ্শৰ পৰা   বা  ওপৰত বৰ্নোৱা যিকোনো  কাৰনত সৰু বা ডাঙৰ সকলো  লোকৰে  দেহত বাহ লব পাৰে   ।  

     

  ঘৰুৱা চিকিৎসা :---

  ১।  পৰজীৱি ভেকুৰৰ পৰা  হোৱা ছালৰ সকলো প্ৰকাৰ  ৰোগৰ বাবে উৎকৃষ্ট  বনদৰৱ হল- #মহানিমপাত  ।

 খৰ ,খজুৱতী, বেচু ঘা ,ফোহা আদি সকলো প্ৰকাৰ চৰ্ম ৰোগৰ বাবে   নিমপাত   ভাজি খোৱা  আৰু নিমপাত সিজোৱা পানীৰে   গাধোৱা বা আক্ৰান্ত স্থান  ধোৱা  বা লেপ লগোৱা উত্তম  ব্যৱস্থা ।( কেচা হালধী মিহলাব পাৰে)     

 ক) খৰ বা খজুৱতী  বা    অন্যান্ন  চৰ্মৰোগ  হোৱা স্থান   খজুৱাই    অকনমান নিমখ মিহলি   গৰম  পানীৰে   ধুই মহানিমৰ গুটিৰ তেল   অলপ হালধী মিহলাই  নাইবা  নিমপাত  ভজা সৰিয়হ তেল  দিনে ২-৩ বাৰ লগালে   আৰোগ্য হয় ।

 খ)  সম পৰিমানৰ নিমপাত আৰু তুলসী পাতৰ ৰস  লগাব পাৰে ।

 গ) নিমৰ পাত,শিপা,ছাল আদি  মিহিকৈ থেতেলাই   অলপ এৱা গাখীৰত  কিছুসময়  সিজাই (পনীয়া নকৰিব) নাৰিকল তেল মিহলাই   দিনে ২-৩ বাৰ লগাব ।

 ২।   নাৰিকল তেলত গোলনেমু  নাইবা বিলাহীৰস  মিহলাই খজুৱতি স্থানত লগালে সোনকালে আৰোগ্য হয় ।

 ৩।   গাজৰ  খাব আৰু খজুৱতি স্থানত  ৰস লগাব ।

 ৪ । কেচা নহৰু  ৰস   দিনে ২-৩বাৰ  লগালে খৰ, 

       খজুৱতী  আদি দুৰ হয়। 

  ৫। অৰহৰ দাইল বতি  দৈ মিহলাই খজুৱতি স্থানত

       লগাব পাৰে ।

  ৬। ১০০ গ্ৰাম  দুবৰি  , ২৫ গ্ৰা: কেচা হালধী ভালদৰে থেতলাই   ১০০ মিলি:  সৰিয়হ তেলত    লোৰ কেৰাহীত  ভাজি   সেই তেল  খজুৱতীস্থানত লগালে সোনকালে অৰোগ্য হয় ।

 ৭।   খুদ  জলকীয়া  খজুৱতী হোৱা স্থানত লগালে

   নাইবা  জালুকৰ গুৰি  গৰু ঘিউৰ লগত মিহলাই 

   লগালে খজুৱতী ভাল হয় ।

 ৮।  চিৰতা  খোৱাৰ উপৰি  লগালে  খজুৱতী কমে ।

 ৯।  খৰ খজুৱতি বেচু আদি ৰোগত   নিৰোগী গৰুৰ

       মুত লগালে   আৰোগ্য হয় । অলপ হালধী আৰু 

        নাৰ্জি ফুল বা পাতৰ ৰস মিলাব পাৰে 

  ১০;।  বিলাহী ৰস , উৰহী পাত আৰু তুলসী পাতৰ

   ৰস সম পৰিমানে মিলাই   খৰ , খজুৱতী স্থানত 

    লগালে  উপসম হয় ।

 ১১।  হালধি  নাৰিকল তেলত ভাজি লগাব পাৰে ।

         নাইবা কেচা হালধী  দিনে দুই তিনিবাৰ  খৰ বা

         খজুৱতীত লগাব পাৰে ।

 ১২।   মাখিয়তী  গছৰ শিপাৰ ৰস    বা

          খৰ  গছৰ  পাতৰ ৰস       খৰৰ   বাবে

          উপকাৰী

  ১৩।   ক'লা তুলসীৰ পাতৰ ৰসত অলপ নিমখ মিহলাই খৰ হোৱা ঠাইত লগাতে আৰোগ্য হয়।

   ১৪।   অমিতাৰ  আঠা  খৰত লগালে  সহজে

             আৰোগ্য হয় ।

   ১৫।    কাপোৰত দিয়া   এটা  কৰ্পুৰ গুটি ,  এটা

            তিতাকেৰেলাৰ  ৰস    নাৰিকল তেলত

             ভাজি   খৰত   লগালে  উপসম হয় ।

        

 ১৬।    তুতিয়া ১০ গ্ৰাম, গন্ধক ২০ গ্ৰা :   ভালদৰে

          গুৰি কৰি ১০০মিলি নাৰিকল তেলত  মিহলাই 

         খৰ  বা খজুৱতীত লগালে সহজে আৰোগ্য হয়     নাইবা    গন্ধকৰ  গুৰিৰ লগত  নিমপাতৰ ৰস  আৰু 

         নাৰিকল তেল মিহলই লগাব পাৰে ।

    বি_দ্ৰ:  :-- খৰ বা খজুৱতি ৰোগ বিভিন্ন কাৰনত হয় ।   সেয়ে   ওপৰৰ বিধান  সমুহ  বাচনী বা সালসলনি  কৰি   নিয়ম মতে ব্যৱহাৰ  কৰক।  ফলাফল নিশ্চয়  জনাব। 

        ওপৰত উল্লখিত  সংগ্ৰহিত   ঘৰুৱা চিকিত্সা  বিধান  কেৱল  স্বাভাৱিক  খৰ  খজুৱতী  ৰোগ বুলি  চিনাক্ত ৰোগীৰ বাবেহে  প্ৰযোজ্য  ।   সেয়ে  অইন  অচিন  চৰ্মৰোগত #চিকিত্সকৰ_পৰামৰ্শ লয় যেন ।

     সোনকালে আৰোগ্য লাভৰ বাবে   ওপৰত উল্লেখিত  বিধানৰ উপৰি  খোৱা  পথ্যৰ ওপৰতো

গুৰুত্ব দিয়া ভাল । 

  ☑সুপথ্য ::----মাজে মাজে  মহানিম , চিৰতা, কেৰেলা  আদি তিতা  খাদ্য  খোৱা, কেচা হালধী ,আমলখি , ত্ৰিফলাচুৰ্ন ,গাজৰ  ,অমিতা , খুতুৰা  ,মানিমুনি,,

  বি  ভিটামিন যুক্ত খাদ্য  ,ৰসাল ফল  আদিৰ  লগতে  পৰ্যাপ্ত পৰিমানে বিশুদ্ধ পানী খাব । শৌচ খোলোচা    হোৱা খাদ্য  খাব ।

  ☑  বিজলুৱা বস্তু,বেঙেনা, জলা মচলা গুৰুপাক ভোজন ,নিচাদ্ৰব্য  আদি  #কুপথ্য ।

          আপোনাৰ  সুস্বাস্থ্য কামনাৰে

            শ্ৰী যতীন দাস  /মালয়বাৰী

               কামৰূপ -ম/অসম  চেপ্তে:২০১৯চন

     🎈 (পঢ়ি ভাল পালে  শ্বেয়াৰ কৰিব)


বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য যতীন দাস দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages