অধমকো কৰে নামে পৰম নিৰ্মল ৷৷
ৰাম কৃষ্ণ নামৰ বল কেনে চোৱা,উত্তমৰ কথাই নাই অধম লোককো নামে পবিত্ৰ কৰে ৷অধম লোকে মহাপাপী ৷অধম লোকৰ কথা নামঘোষাত কৈছে----
অধমে কেৱল দোষ লৱয় মধ্যমে গুণ,
দোষ লৱে কৰিয়া বিচাৰ ৷
উত্তমে কেৱল গুণ লোৱয় উত্তমোত্তমে ,
অল্প গুণ কৰয় বিস্তাৰ ৷৷
যিয়ে নিজৰ দোষ নেদেখে,পৰৰ দোষ দেখা লোকৰ অন্তৰ পাপেৰে ভৰা বুলি কৈছে ৷পৰৰ দোষ চিন্তা কৰা বাবে তেওঁৰ অন্তৰৰ মল নাশ নহয় সদায় অপবিত্ৰ হৈ থাকে ৷কিন্ত ভকতৰ সংগত অধমলোকে সদায় হৰি নাম শ্ৰৱণ কীৰ্তন কৰাৰ ফলত তেওঁৰ অন্তৰ নিৰ্মল হয় ৷অন্তৰৰ পাপ নাশ হৈ অজ্ঞানত নাশ হৈ চিত্ত নিৰ্মল হয় ৷
নামৰ মহা মহিমাৰ ফলত দুৰাচাৰ অধম লোকেও ভকতৰ সংগত হৰিনাম শ্ৰৱণ কীৰ্ত্তন কৰাৰ ফলত তেওঁৰ চিত্ত শুদ্ধ হয় ৷তেতিয়া অধম পাপীও শুদ্ধ হয় ৷ৰত্নাকৰ দস্যু ৰাম নাম অবিৰাম লোৱাৰ ফলত বাল্মিকী ঋষি হৈছিল ৷মহাপাপী অজামিলে নাৰায়ণ নাম উচ্চাৰণ কৰি যমৰ যাতনাৰ পৰা ৰক্ষা পৰি,হৰিক ভজি শেষত পাৰিষদী তনু লাভ কৰিছিল ৷
ভগৱানৰ নামৰ মহিমাৰ কৌটি জন্মৰ দুৰ্বাসনা হ্ৰিদয়ত থাকে ভগৱানে অধমলোককে পৰম নিৰ্ম্মল কৰে ৷৷কৃষ্ণ ৷৷
বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমল লোচন পাঠকৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment