স্বাস্থ্য ৰক্ষাৰ বাবে আপোনাৰ নাভি পৰিস্কাৰ কৰি ৰাখক - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 27, 2020

স্বাস্থ্য ৰক্ষাৰ বাবে আপোনাৰ নাভি পৰিস্কাৰ কৰি ৰাখক

নাভি হল আমাৰ শৰীৰৰ কেন্দ্ৰ বিন্দু , যাক আয়ুৰ্বেদত 72000 নাড়ীৰ সংযোগস্থল বুলি কোৱা হয় । 

ভগৱান বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাৰ জন্ম হৈছিল । ব্ৰহ্মা হল জ্ঞানৰ দেৱতা । অৰ্থাৎ জ্ঞানৰ উৎপত্তি স্থল হল নাভি । আমি মগজুৰে ভবা-চিন্তা কৰিলেও সেইবোৰ নাড়ীৰেই কাম , যাৰ switch ৰ দৰে সকলোবোৰ নাভিত সংযোগ হৈ থাকে । 

আয়ুৰ্বেদত নাভি শাস্ত্ৰৰ বিশদ বিৱৰণ পোৱা যায় । এই নাভি শাস্ত্ৰৰ পৰাই আজিৰ acupuncture ৰ চিকিৎসা ওলাইছে ।


যি মানুহৰ নাভি তেৰা বা বিচলিত হৈ থাকে , সেই মানুহ মানসিক ৰোগী নাইবা বিভিন্ন ধৰণৰ নাৰ্ভৰ সমস্যাৰ দ্বাৰা কষ্ট পাই থাকে । 

এই নাভিৰ দ্বাৰাই গৰ্ভত থকা শিশুৱে মাকৰ পৰা পুষ্টি পাই গোটেই শৰীৰক বিলাই পুষ্টি দিয়ে । অৰ্থাৎ নাভি হল গোটেই শৰীৰৰ সংযোগস্থল । 


তলত নিজৰ নাভিত সুস্থ কৰি কেনেকৈ ৰাখিব আৰু কি কি ৰোগত কি কি কৰিব লাগে জানি লওঁ আহক ।।।


1. গা ধুৱাৰ আগত আঙুলিৰে অলপ পানী লৈ নাভিত লগালে উচ্চ ৰক্তচাপ থকা মানুহৰ strock হোৱাৰ chance কমি থাকে ।  


2. গা ধুই উঠি আঙুলিত অলপ নাৰিকলৰ বা মিঠাতেল লৈ নাভিত নিয়মীত লগালে  নাভি লৰাৰ সম্ভাৱনা কম হৈ থাকে আৰু  নাৰ্ভৰ সমস্যা কম হয় । 


3. গোটেই বছৰ গোৰোহা আৰু ওঁঠ ফাটি থকা সকলে নিয়মীত নাভিত নাৰিকলৰ তেল বা মিঠাতেল আঙুলিৰে লগালে কিছুদিনতে সুফল পায় । 


4. লৰা-ছোৱালীৰ পঢ়াত অমনোযোগিতাৰ বাবে দৈনিক 2 টোপাল ঘিউ কিঞ্চিত গৰম কৰি ড্ৰপৰেৰে নাভিত দিব আৰু অলপ আঙুলিত লৈ 1" ব্যাসাৰ্ধত ঘূৰাই দিব । 


5. কোনো কাৰণ নোহোৱাকৈ শিশুৰ জ্বৰ উঠিলে নাৰিকলৰ তেলৰ লগত হিং মিহলাই নাভিৰ চাৰিফালে লেপ দিয়ক । কেতিয়াবা কেতিয়াবা শিশুৰ অত্যন্ত পেট বিষ হয় , তেতিয়াও এইটো কৰিব পাৰে । 


6. যদি নাভি লৰিছে , তেন্তে নাভিৰ এক ইঞ্চি ব্যাসাৰ্ধত কেঁচুমাটিৰ লেপ দিয়ক । নাভি লৰিলে তেৰা হৈ খোজ কাঢ়ে আৰু নাভিৰ ওচৰে পাজৰে বিষ হয় । 


7. চকুৰ আৰু কাণৰ নাৰ্ভ শুকাই গলে ৰাতি শুৱাৰ সময়ত নাভিত বৈদিক ঘিউ 2 টোপাল গৰম কৰি ড্ৰপৰেৰে দিব নিয়মীত 3-4 মাহ ।


8. যদি বেঁকা বেকিকৈ বা এফালে হাউলি খোজ কাঢ়িছে বা সম্পূৰ্ণ চিধা হৈ খোজ কাঢ়িব নোৱাৰে , সেইজন মানুহৰ যিফালে হাউলি গৈছে , তাৰ বিপৰীতে ভৰিৰ বুঢ়া আঙুলিত এটা সূতা গাঁঠি থৈ দিয়ক । এমাহৰ ভিতৰৰ চিধা হৈ খোজ কাঢ়িব । 


মানুহৰ চিন্তা ধৰা , মানুহৰ প্ৰবৃত্তি , বুদ্ধিমত্তা আদি সকলো নাভিৰ ওপৰত নিৰ্ভৰ কৰে ।  নাভি সেইবাবেই ব্ৰহ্মাৰ স্থান বুলি কোৱা হয় । ব্ৰহ্মা মানে হল জ্ঞান । 

এই নাভিৰ দ্বাৰাই আমাৰ শৰীৰৰ 10 টা অংগ পৰিচালিত হয় । 

5 টা কৰ্মনেন্দ্ৰীয় আৰু 5 টা জ্ঞাননেদ্ৰীয় ।এই 10 টা অংগৰ দুৰ্ব্যৱহাৰ আৰু সৎ ব্যৱহাৰ নাভিৰ ওপৰত নিৰ্ভৰ কৰে । যদিও মনে আমাৰ এইবোৰ নিয়ন্ত্ৰণ কৰে , তথাপিও বহু সময়ত বেয়া কাম কৰিবলৈ বাধ্য কৰায় নাভি প্ৰদেশ নিয়ন্ত্ৰণত নথকা বাবে । 


যিদৰে ৰাবনে সকলো গম পায় যে ৰামৰ লগত যুদ্ধ কৰিলে হাৰিব ,তথাপিও ৰাৱণৰ আত্মা নাভিত থকা বাবে ৰাৱণৰ 10 খন অসুৰৰ মুখে ৰাবনক যুদ্ধ কৰিবলৈ বাধ্য কৰাইছিল । ৰাৱণৰ সেই 10 খন অসুৰৰ  মুখ হল শৰীৰৰ 10 টা অংগ , 5 টা কৰ্মনেন্দ্ৰীয় আৰু 5 টা জ্ঞাননেদ্ৰীয় । 

যিকেইটা ৰাৱণৰ নিজৰ মনে বশ কৰি ৰাখিব পৰা নাছিল ।  


অৰ্থাৎ ভাল-বেয়া বেছিভাগ কামেই আমি কৰো বা আমাক কৰায় নাভিৰ দ্বাৰা নিয়ন্ত্ৰিত অংগসমূহে । 


আমি সাধাৰণতে   মানসিক ৰোগী বা স্মৃতি শক্তি লোপ পোৱা ৰোগীক ব্ৰাহ্মী শাক খাবলৈ কওঁ । ব্ৰাহ্মী শাক হল ব্ৰহ্মাৰ দ্বাৰা উৎপত্তি  হোৱা বা ব্ৰহ্মা থকা শাক । ব্ৰহ্মা মানে হল জ্ঞান । মানুহৰ শৰীৰত ব্ৰহ্মাৰ স্থান হল নাভি । 

ব্ৰাহ্মী শাক খালে মানুহৰ নাভি প্ৰদেশৰ দোষ দূৰ হয় । নাভি প্ৰদেশৰ দোষ দূৰ হল মানে নাভিৰ লগত সংযোগী মগজুৰ শিৰা-উপশিৰা সমূহো সক্ৰিয় হয় আৰু ভালদৰে কাম কৰিব ধৰে ।


গতিকে নাভি সদায় পৰিষ্কাৰ কৰি ৰাখক , নাভি প্ৰদেশ ভালে ৰাখিবলৈ বছৰত কমেও এমাহ ব্ৰাহ্মী শাক , অপৰাজিতা বা অশ্বগন্ধা গুড়ি খাওঁক । গা ধুই উঠি সদায় নাভিত তেল লগাব আঙুলিৰে আৰু 20 চেকেণ্ড লাহে লাহে মালিচ কৰিব ।

নাভি সদায় পাতল কাপোৰেৰে ঢাকি ৰাখিব লাগে । বেছি বতাহ বা ধূলি মাকটি আদি লগাটো নাভিৰ বাবে বেয়া । 


নিজৰ নাভি নিজে পৰীক্ষা কৰক মাজে মাজে । নাভিৰ ওচৰে পাজৰে যদি বিষ অনুভৱ হয় , তেন্তে নাভি স্থানচ্যুত হব পাৰে । 

নাভি পৰীক্ষা কৰিবলৈ এপাত সূতা লৈ নাভিৰ পৰা স্তনলৈ জুখি চাওক । দুয়োফালৰ স্তনৰ জোখ সমান হব লাগে । যদি এফালে দীঘল আৰু এফালে চুটি হয় , তেন্তে আপোনাৰ নাভি স্থানচ্যুত হৈ আছে । 

 

-আচাৰ্য পংকজ পাঠক

No comments:

Post a Comment

Advertisement

Pages