ৰাম ৰাম হৰি----
জগতৰ হৰি নাৰায়ণে আজিৰ এই পবিত্ৰ কৃষ্ণপক্ষত দৈৱকীৰ গৰ্ভত কংস কাৰাগাৰত কৃষ্ণ ৰূপে জন্মিছিল ৷ নানান বিপদ বিঘিনি নেওচি কংসৰ অত্যাচাৰ সহিব নোৱাৰি বসুদেৱে টুকুৰিত ভৰাই মুৰত তুলি যমুনা পাৰ কৰি নন্দ যশোদাৰ গৃহ গকুলত থৈ আহিছিল আৰু তাতেই নানা মায়া ৰচি বহুতো অসুৰৰ বধ কৰি ডাঙৰ দীঘল হৈ কংস মামাক বধ কৰিছিল ৷ কৃষ্ণ অৱতাৰৰ মূল অৰ্থই হৈছে জীৱৰ প্ৰতি প্ৰেম মৰম ভালপোৱা ৷ কৃষ্ণৰ জন্ম নহলে আমি মানৱ জাতিয়ে প্ৰেম শিকিব নোৱাৰিলোহেতেন ৷ কৃষ্ণৰ মুখমণ্ডল হাহিৰে ভৰা আৰু প্ৰেমময় ৷ গৰুৰ লগত সম্পৰ্ক বাবে গোপাল বুলিও কৈছে অৰ্থাৎ গোপালক ৷ জগতৰ নাৰায়ণে নিজেই লীলা ৰচি এই পৃথিৱীত বহুকেইবাৰ জন্ম ধৰিছে কেৱল আমি এই পাপী মনুষ্যক পূণ্যৰ বাট দেখুৱাবলৈ ৷ এই সংসাৰত খোজে প্ৰতি আমি পাপ কাম কৰি আছো আৰু পূণ্য সঞ্চয় কৰিবলৈ হলে আমি হৃদয়ত কৃষ্ণভক্তি জগাব লাগিব ৷ কৃষ্ণ ভক্তি কৰা ভজনা কৰা কীৰ্তন কৰা আৰু বৈকুণ্ঠলৈ যোৱাৰ বাট মুকলি কৰা ৷ জয় শ্ৰীকৃষ্ণ ৷৷
বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমল লোচন পাঠকৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment