ৰুমি: - আহ আমি অকমান খেলো |
মধু : - থিক আছে | ঐ তহত ওঁ আহ |
(সকলোৱে আহিলে | মাত্র জিনা আৰু তাইৰ ভন্টী হে নাহিলে | )
ৰাজু : - জিনা তই নাহিলি যে,,,,
জিনা : - তহতে মোক বেয়া নাপাবি | আজি মই খেলিৱ নোবাৰিম |
জিনাৰ কথা শুনি ইহতৰ ও খেলিৱ মন নগল | কিন্তু ইহতৰ মনত এটি প্রশ্ন উদয় হ'ল | জিনাই বাৰু কিয় নেখেলে আজি ! তাইৰ কি হ'ল বাৰু |
ৰুমি : - জিনা তই আমাক কিবা কথাত বেয়া পালি নেকি ?
মধু : - অ তই নেখেলো বুলি কৈ দিলি যে
ৰাজু : - অ , অইন দিনাটো তই নেখেলো বুলি কোৱা নাছিলি |
জিনা : - মোৰ আজি গা ভাল নহয় !
ৰুমি : - কি ! গা ভাল নহয় |
আটায়ে গৈ জিনাৰ কাষত বহি ললে | আৰু তাইৰ কপালত সিহতে হাত খন লগাই চালে |
মধু : - উম জিনাৰ গাত জ্বৰ থকা যেন লাগে
জিনা : - কালিৰ বৰুষুন জাকত বৰ বেয়াকে তিতিলো |
ৰাজু : - কি ! কিন্তু তইটো সৌ দোকান খনৰ বাৰান্দাত আছিলি |
জিনা : - আছিলো | কিন্তু কালি দোকান খনৰ দোকানী জনে তাত নাথাকিৱলৈ আমাক ধমকি দিলে অ',,,,,
ৰুমি : - তই সচাঁই কৈছ নে জিনা ?
জিনা : - মোৰ আকৌ মিছা কবলৈ কি আছে তহতক | তাৰপাছত ৰাতি তিকলি আৰু মই ফুটপাথতে পৰি থাকিলো |
জিনাৰ কথাবোৰ শুনি সিহতৰ হিয়া বোৰ কপি উঠিল |
জিনা :- ৰাতি বৰুষুনত তিতি তিতি বহুত ঠান্দা লাগিছিল অ' | গোটেই কাপোৰ বোৰ তিতি গৈছিল |
মধু : - আৰু তিকলি ?
জিনা :- তাই আৰু কি কৰিৱ | তাইওঁ কপি কপি মোৰ বুকুৰ মাজত সোমাই থাকিল গোটেই ৰাতিটো |
মাজে মাজে জিনাৰ ভন্টিয়ে কান্দি আছিলে |
তিকলি - বা বা মোৰ ভোক লাগিছে !
সকলো একে বাতৰ পথিক | সিহতে নো কি সান্তনা দিৱ তাইক | উপায়বিহীন হ'ল আটায়ে | কিন্তু সেই সময়তে তিকলিজনীয়ে জিনাক বৰ আমনি কৰিৱ ধৰিলে | বেচেৰীয়ে ভোকৰ জ্বালাত চিঞৰিছে,,,,,
কিন্তু সকলোকে আচৰিত কৰি জিনাৰ এক অস্বাভাবাবিক আচৰন |
তাই হেপাহ পলাই সেই কনমানি ভনিয়েক জনীক পিটিলে,,,,,
জিনা :- তোৰ কাৰনে, তোৰ কাৰনে আজি মোৰ এই অৱস্থা | ম'ৰি নগলি কিয় ? কিয় মোক এনেকে সাস্তি দি আছ' |
ৰাজু :- এই জিনা তই পাগল হৈছ নেকি ? সেই কনমানি জনীক যে তই তেনেকুৱা খন কৰিছা | তাইৰ কি ভুল ?
জিনা :- তাইৰ কি ভুল ? তাই নথকা হলে আজি মই লুইতৰ বুকুত জাপ দি মৰি থাকিৱ পাৰিলো হৈ | তহতে ক'চোন এইবোৰ ও এটা জীৱন হ'ল নে ? মা নাই দেউতা নাই | থাকিৱলৈ এটা ঘৰ নাই |
মধু :- কিন্তু এয়াটো আমাৰ ভাগ্য !
জিনা :- ভাগ্য ! শুন ভাগ্য দোষ দি কাম নাই | সমাজৰ এচাম কামাতুৰ পুৰুষ আৰু চৰিত্রহীনা নাৰীৰ কামনাৰ বাসনা আমি |
কনমানি জনীয়ে কান্দি কান্দি ভাগৰি পৰিছে | কাৰন তাইৰ পেটত ভোক |
সিহতে এটা বুদ্ধি উলিয়ালে | গোটেই কেইজনে পথিকক আগুছি পইচাঁ সংগ্রহ কৰিলে | কোনোবাই দিছে | কোনোবাই কথা শুনাইছে | তেনেকে সিহতে কিছু পইচাঁ সংগ্রহ কৰি তিকলি জনীক কিবা এটা খোৱাৰ ব্যৱস্থা কৰি দিলে | তাই বহুত তৃপ্তিৰে খালে,,,,,,,
ৰুমি :- কিন্তু আমাৰ জীৱনত ভোক কেতিয়াওঁ নুগুছে |
আটায়ে আনন্দৰে তিকলিক সন্তুষ্ট কৰি খেল খেলাৰ বাবে প্রস্তুত হ'ল গৈ |
একতাৰ বান্ধোনত অসম্ভৱ বোৰ ও সম্ভৱ হয় |
আপোনালোকে চাগে ভাৱিছে ৰাগ ৰঞ্জন চাগে পাগল হ'ল এইবোৰ কি লিখিছে |
কিন্তু কিবা এটা এনে লিখিৱ মন গ'ল আজি সেয়েহে লিখিলো |
বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment