মই অৱসৰ লোৱা নাই - লুৰিন জ্যোতি গগৈ - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 23, 2020

মই অৱসৰ লোৱা নাই - লুৰিন জ্যোতি গগৈ


অলপতে দুলীয়াজানত অনুষ্ঠিত হৈ যোৱা আছুৰ অধিবেশনত আছু ত্যাগ কৰা আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে আগবঢ়াইছে কিছু বিশেষ প্ৰতিক্ৰিয়া।চাও আহক কি কৈছে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক গৰাকীয়ে-

'সদৌ অসম ছাত্ৰ সন্থা'ৰ বৰ্ণময়,বাৰ্তাবাহী সপ্তদশ দুলীয়াজান অধিৱেশনৰ সফল পৰিসমাপ্তি ঘটিল। দিবাৰাত্ৰি পৰিশ্ৰমেৰে এই সফলতা কঢ়িয়াই অনা সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা, দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্হা, সদৌ অসম ছাত্র সন্থাৰ প্ৰতিজন কৰ্মী আৰু অভ্যৰ্থনা সমিতিৰ প্ৰতি শ্ৰদ্ধাভৰা কৃতজ্ঞতা জনাইছোঁ।কৃতজ্ঞতাৰ শৰাইৰে সেৱা জনাইছোঁ দুলীয়াজানৰ লগতে ডিব্ৰুগড় জিলাবাসী ৰাইজক। 

    

                             পূৰ্বৰ ঘোষণা কাৰ্যকৰী কৰি নতুনৰ নেতৃত্বৰ বাবে আছুৰ মঞ্চৰপৰা অব্যাহতি লৈছো| কিন্তু, অসমবাসীৰ সন্মুখত 'লুৰীণজ্যোতি গগৈ' নামৰ আপোনালোকৰ সন্তানটোক এটা পৰিচয় দিয়া আছুৰ প্ৰতি সদায় থাকিব এই নিঃকিনৰ দায়বদ্ধতা আৰু শ্ৰদ্ধা।

মই অৱসৰ লোৱা নাই।

জাতিৰ বাবে অৱ্যাহত থাকিব মোৰ সংগ্ৰাম।

পথ নতুন হ'ব।

মই জানো সেই পথ মসৃণ নহয়, কাঁইটীয়া।

আপোনালোকৰ মৰম বুকুত লৈ , আশীষ শিৰত লৈ  সেই কাঁইটীয়া পথেৰেই আগুৱাম।

কাৰণ মোৰ বিবেক ,হৃদয় আৰু মন-মগজুৱে সময়ৰ আহ্বানক নেওচা দিব নোৱাৰে। 


                           যোৱা ৫ বছৰে আছুৰ মজিয়াত মোক সৰ্বতোপ্ৰকাৰে সংগ দিয়া ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আৰু দিপাংক কুমাৰ নাথ ডাঙৰীয়াৰ প্ৰতি জনালো অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা।

লগতে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিজন আছু কৰ্মীলৈ থাকিল শুভকামনা। সদৌ অসম ছাত্র সন্থাৰ নৱ-নিৰ্বাচিত সমিতিলৈও সংগ্ৰামী শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো।

অসম অসমীয়াৰ হৈ ন-উদ্যমেৰে জাতি ৰক্ষাৰ স্বাৰ্থত অধিক বলিষ্ঠ ৰূপত আছু আগুৱাই যাওক।


                           মই বিচাৰো অসমবাসী ৰাইজে মোৰ প্ৰতিটো খোজতে সতৰ্ক দৃষ্টি ৰাখক।

প্ৰয়োজন অনুভৱ কৰিলেই মোক জৱাবদিহি কৰক। মই নিজকে আপোনালোকৰ বাবে উৎসৰ্গা কৰিছো। 


                        ।।   জয় আই অসম  ।।"  - লুৰিন জ্যোতি গগৈ


No comments:

Post a Comment

Advertisement

Pages