বৰ্তমান সংকতজনক অৱস্থাত জি এম চি এইছত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লবলৈ আজি জি এম চি এইছত সপৰিয়ালে উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।পত্নী ৰিণিকী ভূঞা শৰ্মা, পুত্ৰ নন্দিল আৰু কণ্যা সুকন্যাৰ সৈতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁৰ আশু আৰোগ্যও কামনা কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।
অসুস্থ তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লৈ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগ বঢ়াই যে - "প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সকলোবোৰ অংগ প্ৰায় বিকল। বৰ্তমান চিকিৎসকৰ হাতত একো নাই, সকলোবোৰ ভগৱানৰ হাতত আছে। অসমবাসীৰ প্ৰাৰ্থনাৰ প্ৰয়োজন। তেখেতে যাতে শীঘ্ৰে সুস্থ হৈ উঠে তাৰ বাবে পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।"
No comments:
Post a Comment