" মা, মোক আৰু এইবোৰ কৈ নাথাকিবা দেই, বিতৃষ্ণা আহিছে । "
--" নহয় অ, মাজনী , দিনকাল ভাল নহয় , ন'গলে নহয়নে ,আৰু কেইদিনমান সাৱধান চলিব নোৱাৰনে ।
--"নোৱাৰো , এনেকৈ ঘৰত সোমাই থাকিলে পাগল হ'ম । ইমান ভয় কৰিব ল'গা বেমাৰ নহয় দিয়া । "
--' হ'লেও দেচোন, সকলোৱে ঘৰতে সোমাই আছে, টিভিত ইমানকৈ কৈ আছে তোৰহে ইমান জৰুৰী কাম থাকেনে । " মাকে ক্ষোভেৰে কয় ।
--" অ, থাকেতো , তুমি ঘৰৰ ভিতৰত সোমাই থাকি টিভিটো গলত ওলোমাই লোৱা , হুহ , টিভিত কেতিয়াবা সঁচা কথা কয় নেকি , চব মিছা, এইবোৰ ৰাজনীতি চলি আছে ভিতৰি ভিতৰি । মই যাও দেই মা , বাই ।"
মাকৰ কথাত গুৰুত্ব নিদি মাজনীয়ে স্কুটিখন লৈ ওলাই গ'ল । বাটতে লগৰ এজনীক পিছফালে উঠাই লকডাউনৰ মাজতে এপাক ফুৰি আহিম বুলি স্কুটিখন বেগাই চলাই পানবজাৰৰ ফালে গ'ল । অলপ দূৰ যোৱাৰ পিছত দেখিলে পুলিচৰ তালাচী । মাজনীৰ হেলমেটো নাই , মাস্কখনো নাই । পুলিচে হুইছেল মাৰি ৰখাব খোজোতেই ষ্কুটিৰ গতিবেগ বঢ়াই দি সিহঁতে আতৰি গ'ল । পিছৰজনীয়ে " বাই বাই আংকলজী " বুলি পহৰাদাৰী পুলিচক একপ্ৰকাৰ ভেঙুচালি কৰি গ'ল ।
মাজনীয়ে লকডাউনৰ সময়ত এনেদৰে মাক দেউতাকৰ কথা অমান্য কৰি প্ৰায়ে ওলাই যায় । কেতিয়াবা বজাৰ কৰাৰ অজুহাতত বা কেতিয়াবা ঔষধ অনাৰ অজুহাত দেখুৱাই ওলাই যায় আৰু বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰি পলমকৈ ঘৰত সোমাই , কলেজ বন্ধ গতিকে ঘৰৰ সোমাই থাকি বিৰক্ত হৈছে । মাস্ক নিপিন্ধে , উশাহ লোৱাত কষ্ট হয় বোলে । কথা ক'লেও নুশুনে , ঘুৰি ফুৰি আহি ভালদৰে হাত ভৰিও নোধোৱে । লগৰবোৰৰ লগতটো সামাজিক দূৰত্ব বজাই ৰখাৰ কথাই নাই ।
ইফালে দেউতাকৰ কিছুদিন আগতে অপাৰেচন হৈছে , ডাক্তৰে কমেও তিনিমাহ জিৰণি ল'ব দিছে । ঘৰত অসুখীয়া মানুহ থাকিলে বেছি সাৱধান হ'ব লাগে , কিন্তু মাজনীৰ এইবোৰক লৈ কাণসাৰ নাই ।
এদিন সন্ধিয়া গোটেইকেইজনে একেলগে টিভি চাই থকাৰ সময়তে মাকে অলপ অসুস্থ অনুভৱ কৰিলে । মাজনীৰ হাহিঁ উঠি গ'ল , তাই ক'লে --" এতিয়া চাগে তোমাৰ টেনশ্যনতে কৰোণা হ'ব , আৰু ৰাতি ভাত ৰন্ধা পালা মোৰেই হ'ব চাগে । " মাকে সেমেকা হাহিঁটো মাৰি বিছনাত বাগৰ দিলে । দেউতাকে অসহায় ভাবে মাজনীৰ ফালে চাই ক'লে --" ভাতকেইতা তয়ে ৰান্ধিব লাগিব ও মাজনী , মাৰৰ গাটো সচাকৈ বেয়া , ময়ো নোৱাৰো নহয় । "
--" হ'ব দিয়া বনাম , কিন্তু পলম হ'ব । "
দেউতাকে ক'ব খুজিছিল যে মই সময়মতে ঔষধ খাব লাগে , কিন্তু ন'কলে , কাৰণ তেওঁ জানে মাজনীয়ে নিজৰ মৰ্জিতহে কৰিব , কৈ লাভ নাই।
মাজনিশা হঠাতে মাকে বেছি অসুস্থ অনুভৱ কৰিলে । উশাহ লোৱাটো কষ্ট পাইছে , জ্বৰো উঠিছে । অসুস্থ দেউতাকে কোনোমতে উঠি আহি মাকক পানী খাবলৈ দিলে আৰু মাজনীক মাতি এম্বুলেঞ্ছলৈ ফোন কৰিবলৈ কাতৰ ভাবে অনুৰোধ কৰিলে । কিন্তু মাজনীৰ খংহে উঠিল , তাইৰ মতে মাকৰ আগৰ পৰা এজমা ৰোগ আছে গতিকে ইমান হাহাকাৰ কৰিব ল'গা নাই , ৰাতিপুৱালৈ ভাল পাব । এম্বুলেঞ্ছ মাতিলে মাকক লৈ যাব আৰু কৰোণা বুলি হাৰাশাস্তি কৰিব ।
কিন্তু মাকে বেছি অসুস্থ অনুভব কৰাত দেউতাকে ১০৪ নম্বৰত ফোন কৰিলে আৰু কিছুসময় পিছতে এম্বুলেঞ্ছ আহি মাকক লৈ গ'ল আৰু ৰাতিপুৱা মাজনী আৰু দেউতাকৰ নমুনা সংগ্ৰহ কৰিবলৈ স্বাস্থ্য কৰ্মী আহিব বুলি কৈ গ'ল ।
দেউতাক অজান আশংকাত ভয়তে কঁপি উঠিল । হে ভগৱান , কি হ'বলৈ গৈ আছে এইবোৰ !
ৰাতিপুৱা স্বাস্থ্য কৰ্মী আহি দেখে দেউতাকো অসুস্থ হৈছে । মাজনীৰ কিছু ভয় লাগিব ধৰিলে , সচাকৈ কিবা হৈছে নেকি !! মাক দেউতাকটো বহুদিন বাহিৰলৈ যোৱাই নাই, তেন্তে তাইয়ে কৰবাত সংক্ৰমিত হৈ আহিল নেকি !!! নাই নাই , এইবোৰ মিছা । মাক দেউতাকৰ একো হ'ব নোৱাৰে । স্বাস্থ্য কৰ্মীয়ে দেউতাককো এম্বুলেঞ্ছত লৈ গ'ল । মাজনীয়ে বাধা দিব নোৱাৰিলে, মাথো অসহায় ভাবে চাই থাকিল । লাহে লাহে মাজনীৰ ভয় লাগিব । ঘৰখন হঠাতে নিমাওমাও হৈ পৰিল । তাই লগৰ দুজনমানক ফোন কৰি কথাটো ক'লে আৰু অকলে থকা কাৰণে মাতিলে । কিন্তু এই সময়ত কোনো এজন বন্ধু আহিবলৈ মান্তি নহ'ল । যিকেইটা বন্ধু বান্ধৱীয়ে সকলো সময়তে মাজনীক সংগ দিছিল , এতিয়া কোনো এজনে তাইৰ ঘৰলৈ আহিবলৈ সন্মত নহ'ল , সকলোৰে ভয় । ভয় শংকা আৰু হতাশাত মাজনীৰ অন্তৰাত্মা কপি উঠিল ।
মাজনীয়ে সচাকৈ বৰ অকলশৰীয়া অনুভৱ কৰিলে । এই মুহূৰ্তত কোনো নাই তাইৰ কাষত । প্ৰতি মুহূৰ্ততে লগত থকা বন্ধু বান্ধৱীৰ এজনো নাই , নাহে ,আহিব নিদিয়ে ঘৰৰ পৰা সিঁহতক, ভয় কৰে । মাজনীয়ে ফোন কৰি নিকট আত্মীয় কিছুমানক খবৰটো দিলে , সকলোৱে ফোনতেই মাজনীক সাহস দিলে , সান্তনা দিলে ।
সদায় মাকক আবদাৰ ধৰি ধৰি বিভিন্ন বস্তু খাই ভাল পোৱা ছোৱালীজনী আজি নোখোৱাকৈয়ে উৎকন্ঠাৰ মাজেৰে দিনটো পাৰ কৰিলে
আবেলি অগা পিছাকৈ দুবাৰ ফোন আহিল , মাক আৰু দেউতাক দুয়োৰে পজেটিভ । দুয়োজনকে আই চি ইউ ত ভৰ্তি কৰিছে , মাজনীৰ মুৰটো আচন্দ্ৰাই কৰিলে । ফোনটো থৈয়েই তাই চকীত বহি পৰিল । কি হ'ব বাৰু এতিয়া ? তাই কি কৰিব অকলে ? মেডিকেললৈও যাব নোৱাৰে ! তেন্তে কি কৰা যায় !! ভাবি ভাবি একো উৱাদিহ নাপালে মাজনীয়ে।
কিমান দেৰি হৈছিল গম পোৱা নাছিল মাজনীয়ে , চাৰিওফালে এন্ধাৰ , তাই লাইটটো জ্বলাই দিবলৈ উঠিল ,কিন্তু তাইৰ গাটো দেখোন বেয়া লাগিছে, জ্বৰ জ্বৰ ভাব , ডিঙিটোও বিষাইছে । ভালদৰে উশাহ ল'ব পৰা নাই । তাই উঠিব নোৱাৰিলে , এন্ধাৰৰ মাজতে বহী থাকিল । অলপ পিছত আকৌ ফোনটো বাজিল , তাই কোনোমতে ৰিচিভ কৰিলে --" হেল্লো , মাজনীয়ে কৈছো "
--" কোভিড হস্পিতালৰ পৰা কৈছিলোঁ আপোনাৰ মা আৰু দেউতা এডমিত হৈ আছিল "
--" হয় , এতিয়া কেনে আছে । "
---" ----- ----– ---
--" কি ???? ' সিফালৰ পৰা অহা খবৰটো শুনি মাজনীয়ে এটা বিকট চিঞৰ মাৰিলে আৰু এন্ধাৰৰ মাজতে পৰি গ'ল। চাৰিওফালে এন্ধাৰ, কেৱল এন্ধাৰ ।
বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমলেন্দ্ৰ শৰ্মাৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment