সুপ্ৰভাত, বেদৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 23, 2020

সুপ্ৰভাত, বেদৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক


 “যজ্ঞাৰ্থাৎ কৰ্মণোহন্যত্ৰ লোকোয়ং কৰ্মবন্ধনঃ ৷

তদৰ্থং কৰ্ম কৌন্তেয় মুক্তসঙ্গঃ সমাচৰ” ৷৷(ভগৱদ্‌গীতা)

      অৰ্থাৎ, বিষ্ণুৰ সন্তুষ্টিৰ বাবে কৰা যজ্ঞ হিচাপে সকলো কৰ্ম কৰিব লাগে,নহলে কৰ্মই এই জড় জগতত আবদ্ধ কৰি ৰাখে ৷হে কুন্তীপুত্ৰ,সেয়েহে তোমাৰ নিৰ্দ্দিষ্ট কৰ্তব্য হল কৃষ্ণৰ সন্তুষ্টিৰ অৰ্থে কাম কৰি যোৱা আৰু তেনেদৰেই তুমি সদায় অনাসক্ত আৰু মুক্ত হৈ থাকিব পাৰিবা ৷কোনোবাই মাংস খাবৰ বাবে জন্তু বধ কৰিব পাৰে,কিন্তু তেওঁৰ সেই কৰ্মই তেওঁক কৰ্মৰ বন্ধনত আবদ্ধ কৰে ৷গতিকে পিছৰ জন্মত তেওঁ ছাগলী বা গৰু হৈ জন্ম লব আৰু গৰু বা ছাগলীটোৱে মানুহৰ জন্ম লৈ তেওঁক খাব ৷এইটোৱেই হৈছে বেদৰী উক্তি আৰু আন আন বৈদিক উক্তিৰ দৰে এই উক্তিও কোনোবাই ইচ্ছা কৰিলে মানিব পাৰে বা নামানিবও পাৰে ৷

      “দুৰ্ভাগ্যবশতঃ,বৰ্তমান সময়ত মানুহবোৰ এনেদৰে শিক্ষা প্ৰাপ্ত যে তেওঁলোকে পৰৱৰ্তী জীৱন আছে বুলি বিশ্বাসেই নকৰে ৷আচলতে এইটো দেখিবলৈ পোৱা যায় যে যিমানেই বেছি শিক্ষিত হয়,সিমান পৰিমানে ভগৱানৰ আইন,পৰবৰ্তী জীৱন,পাপ-পূণ্য কৰ্ম আদি কথাবোৰ অবিশ্বাস কৰিবলৈ লয় ৷গতিকে আধুনিক শিক্ষাই মানুহক কেৱল পশুলৈ পৰিবৰ্তন কৰিবলৈ প্ৰশিক্ষণ দি আছে ৷তেওঁ কোন, তেওঁ এই শৰীৰটো হয়নে নহয় এই বিষয়ে মানুহক জ্ঞান দিব পৰা শিক্ষা ব্যৱস্থা যদি নাথাকে,তেতিয়া হলে মানুহ গাধতকৈ উন্নত হব নোৱাৰিব ৷আন জন্তুবোৰৰ দৰেই গাধই ভাবে,“মই এই শৰীৰটোৱে” ৷

যদি মানুহেও যদি একেদৰে ভাবে,তেনেহলে আন জন্তু আৰু মানুহৰ মাজত পাৰ্থক্য কোনখিনিত থাকিব ?"""""কৃষ্ণ"""""   

   

বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমল লোচন পাঠকৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages