অৱশ্যে হৈবাহা ভাই তৰু তৃণ শিলা ৷৷
দেৱৰ বাঞ্চনী মানৱী জন্ম ধৰি আদি যদি কোনোৱে হৰিক নভজে তেন্তে সেইজনে অৱশ্যে পৰকালত তৰু তৃণ আৰু শিল হৈ জন্মিব লাগিব ৷ ৮৪ লক্ষ যোনী ভ্ৰমণ কৰি বহু পুণ্যৰ ফলত মনুষ্য তনু লাভ হয় ৷ হৰিৰ চৰণ ভজা মনুষ্য জন্মৰ সাৰ্থকতা ৷ কিন্তু বহু লোকে মনুষ্য জন্ম ধৰি পশু-পক্ষীৰ দৰে কেৱল বিষয় সুখত মজি থাকে হৰিৰ চৰণ নভজে ফলত নিজ কৰ্ম্মফল ভোগ কৰাৰ বাবে মৃত্যুৰ পিছত তামসিক জন্ম লাভ কৰি তেনে লোক তৰু তৃণ শিল হৈ জন্ম গ্ৰহণ কৰে ৷
মহাপুৰুষ মাধৱদেৱে একান্ত ভক্তিভাৱে হৰিৰ চৰণ ভজি আমাক নিকৃষ্ট জন্ম,তৰু তৃণ শিল যোনিত জন্ম ধৰাৰ পৰা নিস্তাৰ পাৱলৈ উপদেশ দিছে ৷৷ কৃষ্ণ ৷৷
বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমল লোচন পাঠকৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment