সুস্থ হৈ থাকিবৰ বাবে গা ধোৱাৰ কেইটামান কিটিপ: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 20, 2020

সুস্থ হৈ থাকিবৰ বাবে গা ধোৱাৰ কেইটামান কিটিপ:

ঠাণ্ডাৰ দিনকেইটাত বহুতো লোকৰ বাবে গা ধোৱাতো বৰ সমস্যাৰ বিষয় ,নহয়নে বাৰু

? গৰম পানী হলে যেনবা ধুব পাৰি । যদিহে ৰাতিপুৱাই বাহি ঠাণ্ডা পানীৰে ধুব লগা হয় তেতিয়াহলেতো আৰু ডাঙৰ সমস্যা । কিছুমানেতো বহুদিনলৈ সেইফেৰা নকৰেই  ।অৱশ্যে সকলোকে কোৱা নাই দেই ।

   যাহক শীতকালত যিসকলৰ  নিয়মিত ঠাণ্ডা পানীৰে (বিশেষকৈ ৰাতিপুৱা)গা ধোৱা অভ্যাস সেইটো খুবেই উত্তম । কিন্তু যিসকলৰ গৰম পানীৰে গাধোৱা অভ্যাস তেওলোকৰ বাবেহে দুআষাৰ লোখিবলৈ ওলাইছো ।

    আমি শীত বা গ্ৰীষ্ম সকলো সময়তে  কুহুমীয়া গৰম পানী খোৱাতো   দেহৰ বাবে হিতকাৰক যদিও সুস্থ্য ব্যক্তিৰ বাবে  গৰম পানীৰে গাধোৱাতো ক্ষতি কাৰক । পাৰিলে ঠাণ্ডা পানী  বা অতি শীতত সাধাৰন কুহুমীয়া গৰম পানী বা ৰ'দত তপতোৱা পানী বেয়া নহয় ।   অবশ্যে  ৰুগীয়া বা বয়সীয়াল ব্যক্তিৰ ক্ষেত্ৰত  সুকীয়া । 

🚫মনত ৰাখিব :- শিশু,ডেকা বুঢ়া যিকোনো বয়সৰ লোকেই নহওক  গৰম পানীৰে গা ধুলে কেতিয়াও মুৰত আৰু চকুত গৰম পানী নাঢালিব । এনে কৰিলে   মানসিক তথা কফজনীত বিভিন্ন ৰোগ হব পাৰে । শিশুৰ মুৰ আৰু চকুত কোনোপধ্যে গৰম পানী নলগাব । 

    🌫গাধোৱোতে   প্ৰথমে  আঠুৰ তলঅংশত পানী ঢলাতো আৰু ক্ৰমান্বয়ে বাহু পেট মুৰত ঢলাতো  স্বাস্থ্যসন্মত । সেয়ে প্ৰথমে মুৰত কেতিয়াও পানী নাঢালিব ।

    বহুতে ঠাণ্ডা লাগিব, চৰ্দি জ্বৰ হব বুলি  ৰাতিপুৱা গাধোৱাত অৱহেলা কৰে । কিন্তু সেইতো ভ্ৰান্ত ধাৰনা । বৰং ঠাণ্ডা গৰম সকলো সময়তে সুস্থ্য বা ৰুগীয়া লোকেও ৰাতিপুৱা গাধোৱাতো  দেহ মনৰ সুৰক্ষাৰ বাবে অতি হিতকাৰক । চৰ্দি,জ্বৰ কফ, বাতবিষ জনীত ৰোগীয়ে কুহুমীয়া গৰম পানীৰে ধুব 

    তেনেকৈ নিৰোগী শিশুক  সদায়   ৰাতিপুৱা গা মালিচ কৰাই ৰদত তপতোৱা পানীৰে গা ধুউৱাতো অতিকে উত্তম । 

        

বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য যতীন দাসৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages