মৃতদেহ জ্বলোৱাৰ সময়ত-কিয় কৰা হয়-চিতাৰ পৰিক্ৰমা!মৃতদেহক অগ্নি দিয়াৰ পাছত-কিয় পাছলৈ ঘূৰি চাব নালাগে! ( Religious Studies)
গৰুড় পুৰাণত-মৃত্যুৰ লগত সম্বন্ধিত-প্ৰশ্নৰ উত্তৰ দিয়া হৈছে।
*মৃত্যু জীৱনৰ সত্য হয়।যাক কোনেও আঁতৰাব নোঁৱাৰে।যেতিয়া কোনো জীৱই কোনো শৰীৰ ধাৰণ কৰি-এই পৃথিৱীলৈ আহে,সেই সময়তে সেই জীৱই-নিজৰ লগত মৃত্যু তিথি আৰু সময় লৈ আনে।যিটো সেই জীৱৰ জ্ঞান নহয়।
ভগৱান শ্ৰী কৃষ্ণই গীতাত কৈছে যে-এটা শৰীৰ সমাপ্ত হোৱাৰ পাছত,আত্মাই নতুন শৰীৰ ধাৰণ কৰে।জীৱন আৰু মৰণৰ ঘূৰণি,তেতিয়ালৈকে চলি থাকে,যেতিয়ালৈ আত্মা,পৰমাত্মাৰ চৰণত বিলীণ হৈ নাযায়।যেতিয়া কোনো ব্যক্তিৰ মৃত্যু প্ৰাপ্ত হয়,আৰু তেওঁৰ আত্মাই শৰীৰ এৰে,তেতিয়া শৰীৰৰ পৰা আত্মাৰ মোহ সোনকালে সমাপ্ত নহয়।এনেতে-সেই আত্মাৰ মোহক সমাপ্ত কৰিবলৈ-অন্তিম সংস্কাৰ কৰাৰ সময়ত কিছু নিয়ম বনোৱা হৈছে।
*এই নিয়মসমূহ-
*চিতাৰ পৰিক্ৰমা-
হিন্দু ধৰ্মত যেতিয়া কোনো ব্যক্তিৰ দাহ-সংস্কাৰ কৰা হয়,তেতিয়া সেই চিতাৰ পৰিক্ৰমা কৰা হয়।পৰিক্ৰমাৰ সময়ত কলহত ফুটা কৰি-কলহত পানী ভৰাই পৰিক্ৰমা কৰা হয়।আৰু শেষত কলহটো ভাঙি দিয়া হয়।এই পৰিক্ৰমাত-পৰিক্ৰমামৃত ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাৰ প্ৰতীক হয়।আৰু কলহটো ভাঙি দিয়াৰ অৰ্থ হৈছে-সেই আত্মাৰ মোহ ভংগ কৰাৰ,চিহ্ন দিয়ে।যাতে-আত্মাই সত্যটো মানি লয়। ( Religious Studies)
*এই সামগ্ৰীৰ দান প্ৰয়োজনীয়-
মৃত্যুৰ সময়ত আত্মাৰ লগত কেৱল আত্মাৰ কৰ্মই লগত যায়।সেইবাবে-মৃত্যুৰ আগত-ব্যক্তিক-
তিল,লোহা,সোণ,কপাহ,নিমখ,সাত প্ৰকাৰৰ অন্ন,ভূমি,জলপাত্ৰ আৰু পাদুকা,আদি দান কৰাৰ কথা কোৱা হৈছে।মনা হয় যে-দান কৰা এই সামগ্ৰী যম'মাৰ্গত সেই আত্মাৰ প্ৰাপ্ত হয়।মৃতকৰ ঘৰৰ লোকে বিচাৰিলে-মৃত্যুৰ পাছতো মৃতজনৰ নামত-এই সামগ্ৰীসমূহ দান কৰিব পাৰে।এনে কৰিলে-যম'মাৰ্গত আত্মাই কষ্ট পাবলগীয়া নহয়।
মৃতজনৰ দাহ কৰাৰ পাছত-কিয় ঘূৰি চোৱা নহয় পাছলৈ-
গৰুড় পুৰাণৰ অনুসাৰে-মৃতজনক দাহ কৰাৰ পাছটো আত্মাৰ মোহ ভংগ নহয়।কাৰোবাৰ নহয় কাৰোবাৰ শৰীৰত প্ৰৱেশ কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰে।সেইবাবে মৃতদেহক জ্বলাই নষ্ট কৰা হয় আৰু এই প্ৰক্ৰিয়াৰ পাছত পাছলৈ ঘূৰি চোৱা নহয়।যাতে-আত্মাই বুজি পায় যে-তেওঁৰ আত্মীয়ই-এতিয়া তেওঁৰ মোহ ভংগ কৰিছে।এতিয়া আত্মাইও নিজৰ বাটত আগবাঢ়ি যাব লাগে।
*ব্ৰহ্মচাৰী সকলে পাব লাগে-এওঁলোকল কন্ধা-
গৰুড় পুৰাণ অনুসাৰে যি ব্ৰহ্মচাৰী হয়-সেইজনে মাতা-পিতা আৰু গুৰুজনৰ বাহিৰে-আন কোনোৱে কন্ধা দিব নালাগে।নহলে-ব্ৰহ্মচাৰ্য্য ভংগ হয়।মৃতদেহক দাহ কৰাৰ আগে-গংগা জ্বলেৰে স্নান কৰাব লাগে।আৰু চন্দন,ঘীউ,তিল তেলৰ লেপ দিব লাগে।
*মৃতদেহ দাহ কৰি ঘৰলৈ অহাৰ পাছত-কিয় খোৱা নিমপাত-
মৃতদেহ দাহ কৰি ঘৰলৈ অহাৰ পাছত-ঘৰত সুমুৱাৰ আগে-জলকীয়া বা নিমপাত চুবাব লাগে,আৰু ভালদৰে স্নান কৰিব লাগে।ইয়াৰ পাছত-লোহা-জল-অগ্নি আৰু পাথৰক স্পৰ্শ কৰি-ঘৰত প্ৰৱেশ কৰিব লাগে।ঘৰৰলোকে মৃতকৰ নিমিত্তে-১১দিনলৈ ঘৰৰ বাহিৰত-আবেলি পৰত বন্তি জ্বলাব লাগে।(সংগ্ৰহিত)।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies)
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment