কম্পোজিট লেণ্ড ট্ৰেন্সফাৰ সেৱা, অনলাইনযোগে খাজানা আদায়, ডিজিটেল ষ্টাম্পিং আদি সময় নিৰ্ধাৰিত পদ্ধতিৰে প্ৰদান কৰা হ’ব - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 10, 2022

কম্পোজিট লেণ্ড ট্ৰেন্সফাৰ সেৱা, অনলাইনযোগে খাজানা আদায়, ডিজিটেল ষ্টাম্পিং আদি সময় নিৰ্ধাৰিত পদ্ধতিৰে প্ৰদান কৰা হ’ব

Assamese News


আজি জনতা ভৱনত অনুষ্ঠিত এক বৈঠকত ৰাজহ বিভাগৰ উচ্চপদস্থ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ড°  হিমন্ত বিশ্ব শৰ্মাই ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বসুন্ধৰা ২.০ কাৰ্যসূচীৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।   ( Assamese News )


বসুন্ধৰা ২.০ৰ অধীনত সমগ্ৰ অসমতে কম্পোজিট লেণ্ড ট্ৰেন্সফাৰ সেৱা (অটো-মিউটেচন), অনলাইনযোগে খাজানা আদায়, ডিজিটেল ষ্টাম্পিং আদি সময় নিৰ্ধাৰিত পদ্ধতিৰে প্ৰদান কৰা হ’ব। মিছনটো সময়োপযোগী আৰু সুচাৰুৰূপে ৰূপায়ণ নিশ্চিত কৰিবলৈ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে।   ( Assamese News )


মাননীয় বিভাগীয় মন্ত্ৰী শ্ৰীযোগেন মহন, মুখ্যমন্ত্ৰীৰ মাননীয় প্ৰধান সচিব শ্ৰীসমীৰ কুমাৰ সিনহা, ৰাজহ বিভাগৰ আয়ুক্ত সচিব শ্ৰী জি ডি ত্ৰিপাঠী, লেণ্ড ৰেকৰ্ডছৰ মাননীয় সঞ্চালক শ্ৰীশান্তনু গোটমাৰেও বৈঠকত উপস্থিত থাকে।  ( Assamese News )

No comments:

Post a Comment

Advertisement

Pages