ভাৰতীয় মহিলা ক্ৰিকেটৰ ১৯ অনূৰ্ধ্ব দলত স্থান পাবলৈ সক্ষম হ'ল অসমৰ জীয়ৰী জিণ্টিমণি কলিতাই ( Assamese News )
জিণ্টিমণি কলিতাই মঙলদৈ ষ্টেডিয়ামত কিশোৰ-কিশোৰীসকলৰ লগত অনুশীলন কৰি আজি এই সফলতা লাভ কৰে।
জিণ্টিয়ে প্ৰথম অৱস্থাত নিজৰ জিলাক প্ৰতিনিধিত্ব কৰি তাত দেখুওৱা সুন্দৰ প্ৰদৰ্শনৰ ভিত্তিত তেওঁক পিছত অসম দলত স্থান দিয়া হয়। ( Assamese News )
অসম দলত ধাৰাবাহিকভাৱে কৰা শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবেই তেওঁ ১৯ অনূৰ্ধ্ব ভাৰতীয় মহিলা দলত স্থান পাবলৈ সক্ষম হয়। জিণ্টিৰ সফলতাত পিতৃ নকুল কলিতা আৰু মাতৃ মামন কলিতাৰ লগতে তেওঁৰ সৈতে অনুশীলন কৰা আৰু খেলা সকলো খেলুৱৈ আনন্দত আত্মহাৰা হৈ পৰিছে। ( Assamese News )


No comments:
Post a Comment