নিমপাত বীজাণুনাশক। তিতা খাদ্যৰ ভিতৰত নিমপাত বৰ উপকাৰী। নিমপাতত আইৰণ যথেষ্ট পৰিমাণৰ পোৱা যায়। নিমপাতত এন্টি অক্সিডেন্ট, এন্টিবায়োটিক গুণ আছে বুলি কোৱা হয়। ( Assamese Fact )
ছালৰ ৰোগৰ মহৌষধ-গাৰ খজুৱতি দূৰ কৰে। মহানিমে বসন্ত আৰু মেলেৰিয়া ৰোগ প্ৰতিৰোধ কৰে বুলিও কোৱা হয়।
নিমপাতে মানুহৰ ৰক্তাল্পতা ৰোগ দূৰ কৰিব পাৰে। ছাল বা চুলি যিকোনো বেক্টেৰিয়াই আকৰ্ষণ কৰিলে, নিমপাতৰ ৰস লগালে যথেষ্ট সুফল পোৱা যায়।
pimples, আৰু acne সমস্যা বহুতৰে থাকে। বহুতো ট্ৰিতমেন্ত বা ক্ৰীম লগোৱাৰ পাছটো সুফল নাপায়, অশান্তিত ভূগে। কিন্তু নিমপাতে দিয়ে ইয়াৰ সমাধান। সতেজ নিমপাত লব প্ৰয়োজন অনুসৰি, আৰু ভালদৰে গুড়ি কৰি লব। আৰু তাতে অলপমান গোলাপ জল আৰু হালধি মিহলাই লব। এই মিশ্রণটো আপুনি পৰিষ্কাৰ মুখত ভালদৰে লগাব। লগোৱাৰ ১৫মিনিটৰ পাছত পৰিষ্কাৰ পানীৰে ধূই দিব। এই পেকটোৱে আপোনাৰ মুখৰ Pimples, আৰু acne সমস্যাৰ পৰা মুক্ত কৰিব আৰু আপোনাৰ ছালখনো উজ্জ্বল হব।
ৰদে পোৰা ছালৰ বাবে নিমপাত মহৌষধ- কেইখিলামান নিমপাত গুৰি কৰিব তাতে এলোভেৰা জেল আৰু হালধি অলপ মিহলাই লৈ ৰদে পোৰা অংশত ভালদৰে ঘঁহি ঘঁহি লগাব। দেখিবলৈ পাব যে, ৰদে পোৰা ছালখন বহুত উজ্জ্বল হৈছে। নিয়মিত এনে কৰি লগালে আপোনাৰ ছালখন উজ্জ্বল হৈ থাকিব।
ভৰিৰ গোৰোহা ফটা সমস্যা বহুতৰে থাকে। আপুনি জানেনে নিমপাতৰ দ্বাৰা এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। এটা গামলাত অলপমান কুহুমীয়া গৰম পানী লব আৰু তাতে এচামুচ নিমখ, এচামুচ হালধি আৰু এফাল নেমু চেপি লব। চেপি লোৱা নেমু ফালে গোৰোহা চফা কৰি গৰম পানীয়ে ভৰি দুখন ধুই লৈ ভালদৰে মুহাৰি লব। এতিয়া নিমপাত এমুঠি ভালদৰে পেষ্ট বনাই ভৰিত লগাই ৰাখিব ২০মিনিটৰ বাবে। সপ্তাহত ২বাৰকৈ এনেদৰে ভৰিৰ যত্ন ললে, গোৰোহা ফটা সমস্যাৰ পৰা সকাহ পাব। ( Assamese Fact )
আপোনাৰ চুলিৰ growth হোৱা নাই নেকি বা সৰিছে নেকি! তেতিয়া হলে নিমপাতে দিব ইয়াৰ প্ৰতিকাৰ। এমুঠি নিমপাত আৰু এটা পিয়াঁজ ভালদৰে ধুই লব। এতিয়া পানী অলপ দি মিক্সিত দি লব। তাৰপাছত এখন চেকনিৰ সহায়ত পিচি লোৱা পেষ্টটোৰ ৰস খিনি এটা স্প্ৰে বটলত ভৰাই লৈ চুলিত স্প্ৰে কৰিব। চুলিত স্প্ৰে ১৫ মিনিটৰ পাছত পৰিষ্কাৰ পানীৰে চুলিখিনি ধুব। সপ্তাহত ২_৩বাৰ এনেদৰে চুলিৰ যত্ন ললে, আপোনাৰ চুলিখিনি শক্তিশালী, চাইনি হোৱাৰ লগতে চুলি সৰা আৰু চুলিৰ growth নোহোৱা সমস্যাৰ পৰা মুক্ত হব।
উফিৰ সমস্যাতে যদি ভূগিছে, নিমপাত গুৰি কৰি আৰু এটা কণী মিহলাই লৈ এটা পেষ্ট বনাই লব আৰু গোটেই চুলিতে এই পেষ্টটো ভালদৰে লগাব। মাহত এনেদৰে ২বাৰ কৰিলে উফিৰ সমস্যাই আপোনাক বিৰক্ত কৰিব নোঁৱাৰে।
ঘামচি দূৰ কৰিবলৈও নিমপাতৰ ভূমিকা অপৰিসীম। এমুঠি নিমপাত ২লিটাৰ পানীত উতলাই, ১লিটাৰ হলে চেকি লৈ ঠাণ্ডা হলে ফ্ৰীজত ভৰাই থব। আৰু সদায় সেই পেষ্টটো টোনাৰ হিচাপে ব্যৱহাৰ কৰিলে, অতি সোনকালে ঘামচিৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিব।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment