জুয়ে পোৰা বা আঘাতৰ পৰা পোৱা ৰৈ যোৱা দাগ আঁতৰ কৰিবলৈ এইসমূহ ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰক : Assamese Beauty Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 10, 2022

জুয়ে পোৰা বা আঘাতৰ পৰা পোৱা ৰৈ যোৱা দাগ আঁতৰ কৰিবলৈ এইসমূহ ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰক : Assamese Beauty Tips

Assamese Beauty Tips


 আঘাত পোৱা বা, জুয়ে পোৰাৰ ফলত ছালত ৰৈ যোৱা দাগৰপৰা বহুলোকে অস্বস্তিত ভুগা দেখা যায়। আঘাত বা পোৰাৰ দাগবোৰ ইমানে গভীৰ হৈ পৰে যে, সেইবোৰ পাছলৈ ছালৰ আকৰ্ষণ হ্ৰাস কৰে।  ( Assamese Beauty Tips )


সৰিয়হ আৰু হালধি

আয়ুৰ্বেদিৰ মতে, ছালত ৰৈ যোৱা আঘাত বা পোৰা দাগসমূহ আঁতৰ কৰাৰ বাবে হালধি আৰু সৰিয়হৰ তেল যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয়। ই এই দাগবোৰ পাতল কৰাত সহায় কৰে আৰু আপোনাৰ ছালখন নিখুঁত কৰি তোলে। পোৰা আৰু আঘাতৰ দাগ আঁতৰাবলৈ সৰিয়হ আৰু হালধিৰ ব্যৱহাৰ যথেষ্ট কাৰ্য্যকৰী। 


হালধি আৰু এলোভেৰা

যেতিয়া ভুলতে গৰম পানী বা গৰম বস্তুৰ সংস্পর্শলৈ অহা যায়, তেতিয়া ছালত জ্বলা ফুটে আৰু ছাল ক্ষতিগ্রস্ত হয়। পাছলৈ এই পোৰা দাগ বহু দিনলৈ ৰৈ যায়। এই পোৰা দাগবোৰ আঁতৰ কৰিবলৈ হালধিৰ সৈতে এলোভেৰা জেলি যোগ দি ব্যৱহাৰ কৰক। ই ছালৰ কোষবোৰ সতেজ কৰিব আৰু দাগবোৰ পাতল কৰিব। 


পোৰা দাগবোৰ আঁতৰ কৰিবলৈ এই ঘৰুৱা প্ৰতিকাৰৰ নিয়মীয়া ব্যৱহাৰে দাগবোৰ সম্পূর্ণৰূপে নাইকিয়া কৰিব। যদিহে পোৰা দাগবোৰ বহু পুৰণি হয়, তেন্তে হালধি আৰু এলোভেৰা জেলিৰ সৈতে সৰিয়হৰ তেল যোগ দি ব্যৱহাৰ কৰক।  ( Assamese Beauty Tips )


চকুৰ তলত পৰা কলা দাগ আঁতৰ কৰাৰ পদ্ধতি


চকুৰ আদ্ৰৰ্তা আৰু পুষ্টি কমি যোৱাৰ ফলত, চকুৰ তলত কলা দাগ পৰা দেখা যায়। অৱশ্যে এই কলা অথবা ডাৰ্ক চাৰ্কল আঁতৰাবলৈ এবিধ আয়ুর্বেদিক প্ৰতিকাৰ ব্যৱহাৰ কৰিব পাৰে। 


ইয়াৰ বাবে, ১/৪চামুচ হালধিৰ সৈতে ১চামুচ মৌ আৰু ২চামুচ দৈ যোগ দিয়ক। এই সংমিশ্রণটো চকুৰ তলৰ পৰা কলা দাগ বোৰত প্ৰয়োগ কৰক। আৰু ইয়াক ২০ৰপৰা ২৫ মিনিটৰ বাবে শুকাবলৈ থৈ দিয়ক। তাৰ পিছত পৰিষ্কাৰ পানীৰ ধুই পেলাওক। এটা সপ্তাহত ১-২দিন ব্যৱহাৰ কৰিব পাৰে।।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Beauty Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages