শ্ৰী কৃষ্ণৰ জন্মাষ্টমীক-গকোলাষ্টমী আৰু শ্ৰী কৃষ্ণ জয়ন্তীও কোৱা হয়।শ্ৰী কৃষ্ণৰ জন্ম ভাদমাহৰ-কৃষ্ণ পক্ষৰ অষ্টমী তিথিত হৈছিল। ( Religious Studies )
*ভগৱান শ্ৰী কৃষ্ণৰ জন্মোৎসৱ,জন্মাষ্টমী ভাদমাহৰ কৃষ্ণ পক্ষত পালন কৰা হব।হিন্দু ধৰ্মত শ্ৰী কৃষ্ণৰ জন্মাষ্টমী প্ৰমুখ উৎসৱ হয়।শ্ৰী কৃষ্ণ-জন্মাষ্টমীক-গকোলাষ্টমী আৰু শ্ৰী কৃষ্ণ জয়ন্তী নামেৰেও জনা যায়।
শ্ৰী কৃষ্ণৰ জন্মোউৎসৱ বহু আনন্দ উল্লাহেৰে পালন কৰা হয়।শ্ৰী কৃষ্ণৰ জন্মো উৎসৱত-ভক্তসকলে ব্ৰত আদি ৰাখে আৰু নিশালৈ নাম-কীৰ্তন কৰে।শ্ৰী কৃষ্ণৰ জন্ম-ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত হৈছিল।
*২০২২বৰ্ষৰ ১৮আগষ্টৰ-ভাদমাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথি-নিশা-৯বাজি ২২মিনিটৰ পৰা আৰম্ভ হব।১৯আগষ্টৰ-নিশা ১১বজালৈ থাকিব।
*বৈষ্ণৱ আৰু স্মাৰ্ত-দুয়ো তিথি অনুসাৰে দুদিনীয়াকৈ জন্মোউৎসৱ পালন কৰে।জন্মাষ্টমীৰ তিথি সামান্য হোৱাৰ বাবে-স্মাৰ্ত আৰু বৈষ্ণৱ সম্প্ৰদায় একেদিনাই জনাষ্টমী পালন কৰে।বেলেগ-বেলেগ তিথি হোৱাত-বেলেগ বেলেগ দিনা জন্মাষ্টমী পালন কৰা হয়।প্ৰথম দিনা স্মাৰ্ত আৰু দ্বিতীয় দিনা বৈষ্ণৱ সম্প্ৰদায় সকলে পালন কৰে।
*স্মাৰ্ত ইষ্কানৰ আধাৰিত কৃষ্ণৰ জন্মৰ তিথিত পালন কৰা নহয়।বৈষ্ণৱ সংস্কৃতিত অষ্টমী তিথি আৰু ৰোহিণী নক্ষত্ৰৰ অনুসাৰে জন্মাষ্টমী উৎসৱ পালন কৰা হয়।স্মাৰ্ত সপ্তমী তিথিৰ আধাৰত কৃষ্ণ জন্ম উৎসৱ পালন কৰে।
*বৈষ্ণৱ সম্প্ৰদায় সকলে-কৃষ্ণ জন্মাষ্টমীৰ উৎসৱ হিন্দু কেলেণ্ডাৰত অষ্টমী আৰু নৱমী তিথিত আহে।হিন্দু কেলেণ্ডাৰ অনুসাৰে-শ্ৰী কৃষ্ণ জন্মাষ্টমী ভাদমাহৰ কৃষ্ণ পক্ষৰ-অষ্টমী দিনা পালন কৰা হয়।শ্ৰী কৃষ্ণৰ জন্মাষ্টমী নিশা পালন কৰা হয়।ধাৰ্মিক মান্যতা অনুসাৰে-ভগৱান শ্ৰী কৃষ্ণৰ জন্ম-গভীৰ নিশা হৈছিল। ( Religious Studies )
২০২২ বৰ্ষৰ জন্মাষ্টমী-ইংৰাজী ১৯আগষ্টত পালন কৰা হব।
জন্মাষ্টমীৰ পূজা-বিধি-
১)পুৱা সোনকালে উঠি স্নান-আদি কৰিব লাগে।
ঘৰৰ মন্দিৰ আদি চাফ-চিকূণ কৰিব লাগে।
ঘৰৰ মন্দিৰত বন্তি প্ৰজলিত কৰিব লাগে।
সকলো দেৱী-দেৱতাৰ জলাভিষেক কৰিব লাগে।
এই দিনা ভগৱান কৃষ্ণৰ বাল্য ৰূপ অৰ্থাৎ লড্ডু গোপালৰ পূজা কৰা হয়।
লড্ডু গোপালৰ জলাভিষেক কৰিব লাগে।
লড্ডু গোপালক জোলনাত দিব লাগে।
নিজৰ ইচ্ছা অনুসাৰে লড্ডু গোপালক ভোগ দিব লাগে।কিন্তু এই কথা মন কৰিব লাগে যে-ভগৱানক কেৱল সাত্তিক বস্তুৰে-ভোগ লগাব লাগে।
লড্ডু গোপালৰ সেৱা পুত্ৰৰ দৰে কৰিব লাগে।
জন্মাষ্টমিৰ ৰাতিৰ পূজাৰ মহত্ব থাকে।কাৰণ ভগৱান শ্ৰী কৃষ্ণৰ জন্ম ৰাত্ৰি হৈছিল।
এইদিনা ৰাত্ৰি ভগৱান শ্ৰী কৃষ্ণৰ বিশেষ পূজা অৰ্চনা কৰিব লাগে।
লড্ডু গোপাল মিচিৰি,মেৱা,আদিৰ ভোগ দিব লাগে।
লড্ডু গোপালৰ আৰতি কৰিব লাগে।
জনাষ্টমীৰ দিনে-বিশেষভাৱে লড্ডু গোপালৰ ধ্যান ৰাখিব লাগে আৰু সেৱা কৰিব লাগে
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment