হিন্দু ধৰ্ম গ্ৰন্থ অনুসৰি-বৰাহ অৱতাৰ ভগৱান বিষ্ণুৰ ১০ অৱতাৰৰ ভিতৰত তৃতীয় অৱতাৰ। ( Religious Studies )
হিৰণাক্ষ্য আৰু হিৰণ্যকশিপুৰ যেতিয়া দিতিৰ গৰ্ভৰ পৰা জন্ম ললে-তেতিয়া গোটেই পৃথিৱী কঁপি উঠিছিল।হিৰণাক্ষ্য আৰু হিৰণ্যকশিপুৰ জন্ম হৈয়ে ডাঙৰ হৈ গৈছিল।ডাঙৰ হোৱাৰ লগে লগে পৃথিৱীত অত্যাচাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে।হিৰণাক্ষ্য আৰু হিৰণ্যকশিপুৰ দুয়োয়ে বৰ বলবান আছিল।কিন্তু তথাপিও সুখী নাছিল।
তেওঁলোকে পৃথিৱীত স্বাধীনভাৱে আৰু অমৰ প্ৰাপ্ত কৰিব বিচাৰিছিল।তাৰ পাছত ব্ৰহ্মাক প্ৰসন্ন কৰিবলৈ ঘোৰ তপস্যা আৰম্ভ কৰিলে।তপস্যাত ব্ৰহ্মাদেৱ সন্তুষ্ট হৈ-ব্ৰহ্মাই বৰ বিচাৰিবলৈ কোৱাত-তেওঁলোকে বিজয়তা আৰু অমৰতাৰ বৰদান বিচাৰিলে।
ব্ৰহ্মাই বৰদান প্ৰদান কৰিলে।বৰদান লাভ কৰি দুয়ো বৰ উৎফুল্লিত হল আৰু নিজকে সকলোতকে সৰ্বশ্ৰেষ্ট বুলি জ্ঞান কৰিলে।হিৰণাক্ষ্যই গৰ্ভীত হৈ-স্বৰ্গ,মত্য,পাতাল সকলোতে ৰাজত্ব কৰাৰ কথা ভাবিলে।
হিৰণাক্ষ্য বীৰে হাতত গডা লৈ ইন্দ্ৰলোকত গৈ ওলাল।হিৰণাক্ষ্যৰ যোৱাৰ বাতৰি পাই-সকলোৱে ইন্দ্ৰলোকৰ পৰা পলাবলৈ ধৰিলে।চাওঁতে-চাওঁতে ইন্দ্ৰলোকত হিৰণাক্ষ্য বীৰৰ ৰাজত্ব আৰম্ভ হবলৈ ধৰিলে।
*যেতিয়া ইন্দ্ৰলোকত যুদ্ধ কৰিবলৈ হিৰণাক্ষ্যই কাকো লগ নাপালে-তেতিয়া হিৰণাক্ষ্য বীৰে বৰুণ দেৱতাৰ ওচৰলৈ গল।তেতিয়া বৰুণ দেৱতাই বৰ মৰমৰে কলে-তুমি মহান বীৰ।তোমাৰ লগত যুদ্ধ কৰিবলৈ মোৰ সামৰ্থ নাই।এই সংসাৰত মাত্ৰ এজনে আছে-যিয়ে তোমাৰ লগত যুদ্ধ কৰিব পাৰিব।সেইজন হল ভগৱান বিষ্ণু।তুমি ভগৱান বিষ্ণুৰ ওচৰলৈ গৈ-মনৰ শান্তনা পূৰ্ণ কৰা। ( Religious Studies )
*বৰুণ দেৱতাৰ কথা শুনি হিৰণাক্ষ্য বীৰে-ভগৱান বিষ্ণুক বিচাৰি সমুদ্ৰৰ তল পালেগৈ।সমুদ্ৰৰ তললৈ গৈ-হিৰণাক্ষ্যকে এটা অদ্ভুত দৃশ্য দেখা পালে।যে-এটা বৰাহে-তাৰ দাঁতৰ সহায়ত পৃথিৱীখনক উঠাই লৈ গৈছে।সেয়াকে লক্ষ্য কৰি হিৰণাক্ষ্যকে মাত লগালে যে-তই নিশ্চয় ভগৱান বিষ্ণু হয়!এইটো কলৈ নিয়!এইটো দৈত্য সকলৰ উপভোগৰ বস্তু হয়।এইটো থৈ দে।তই অনেক বাৰ দেৱতাসকলৰ কল্যাণৰ বাবে-দৈত্যসকলৰ লগত চল কৰি পৰাস্ত কৰি আহিছ!আজি মোক পৰাস্ত কৰি দেখুৱা!
হিৰণাক্ষ্যৰ কথা শুনি ভগৱান বিষ্ণু শান্ত হৈয়ে আছিল।ভগৱান বিষ্ণুৰ খং উঠা নাছিল।ভগৱান বিষ্ণুৱে হিৰণাক্ষ্যৰ কথাত গুৰুত্ব নিদি আগবাঢ়ি গৈ থাকিল।তেতিয়া বৰাহ ৰূপী ভগৱান বিষ্ণুৰ পাছে পাছে গৈ থাকিল।ভগৱান বিষ্ণুৱে পৃথিৱীখনক সাগৰৰ তলিৰ পৰা আনি-সাগৰৰ পৃষ্ঠত স্থাপিত কৰে।তাৰ পাছত হে-ভগৱান বিষ্ণুৱে হিৰণাক্ষ্যৰ ফালে মন দিলে।
তেতিয়া ভগৱান বিষ্ণুৱে হিৰণাক্ষ্য বীৰক কলে-তুমিতো মহান বলৱান,বলবানলোকে কয় নাথাকে-কৰিহে দেখুৱাই!অৱশেষত ভগৱান বিষ্ণু আৰু হিৰণাক্ষ্য বীৰৰ মাজত যুদ্ধ হল আৰু শেষত ভগৱান বিষ্ণুৱে হিৰণাক্ষ্য বীৰক বধ কৰে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment