অসত্য কোৱাৰ পৰিণাম বহুত গম্ভীৰ হব পাৰে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 18, 2022

অসত্য কোৱাৰ পৰিণাম বহুত গম্ভীৰ হব পাৰে : Religious Studies

Religious Studies


ভাৰতত গৰুক মাতাৰ স্থান প্ৰাপ্ত হয়।পুৰাণত গৰুক সাক্ষাৎ দেৱৰ সংজ্ঞা দিয়া হৈছে।কোৱা হয় যে-কামধেনুৰ প্ৰতিটো অংশ-মানুহৰ বাবে বৰদান হয়।সুখ আৰু দুখৰ লগত জড়িত যিকোনো ধাৰ্মিক অনুষ্ঠান গৰু মাতাৰ লগত জড়িত থাকে। ( Religious Studies )


*কিয় খাব লগীয়া হয় গৰুৱে জোথা-


*মহাদেৱৰ এবাৰ দেৱী পাৰ্ৱতীৰ লগত ধেমালী কৰিবলৈ মন গল-


*এবাৰ ভগৱান শিৱ আৰু মা পাৰ্ৱতীয়ে সমুদ্ৰ পাৰলৈ ফুৰিবলৈ গল।সেই ভ্ৰমণৰ মাজতে-মহাদেৱৰ মনত-দেৱী পাৰ্ৱতীৰ লগত ধেমালী কৰিবলৈ মন মেলিলে।তেতিয়া মহাদেৱে-দেৱী পাৰ্ৱতীক কলে-দেৱী পাৰ্ৱতী-তৎক্ষণাত আৱশ্যকীয় কাম এটাৰ বাবে-মই এতিয়াই যাব লাগিব!মই কায্য পূৰ্ণ কৰি ঘূৰি আহিম।তুমি ইয়াতে মোলৈ প্ৰতীক্ষা কৰিবা।


আচলতে মহাদেৱে পাৰ্ৱতীক আমনি কৰিবলৈ বিচাৰিছিল।এই ধেমালী,আনজনে ইজনক জুকুৱাই হৈছে-শিৱ-পাৰ্ৱতীৰ দাম্পত্য জীৱনৰ-সকলোতকে মূল্যৱান বস্তু।এই কথাতে-শিৱ পাৰ্ৱতীৰ কথাত সকলোতকৈ আনন্দিত আৰু ৰসহ্যময়ী কৰি তুলে।


*মহাদেৱৰ কথা শুনি-দেৱী পাৰ্ৱতী অকলে সাগৰৰ পাৰতে ৰৈ-মহাদেৱলৈ বাট চাই ৰল।তেনেদৰে আবেলি হল।সেইদিনাই তীজৰ তিথি আছিল।যেতিয়া নিশালৈকে মহাদেৱ ঘূৰি নাহিল-তেতিয়া দেৱী পাৰ্ৱতীয়ে সাগৰৰ পাৰতে-বালিৰে শিৱ লিংগ নিৰ্মিত কৰি ওচৰে-পাজৰে পোৱা পূজাৰ সামগ্ৰীৰ দ্বাৰা-নিশাটো মহাদেৱৰ নিৰ্জলা,নিৰাহাৰ ব্ৰত পালন কৰিলে।


মহাদেৱ সুক্ষ্ম ৰূপে সেই ঠাইতে উপস্থিত আছিল আৰু প্ৰতিটো গতিবিধিৰে সাক্ষী আছিল।পুৱা হলত দেৱী পাৰ্ৱতীয়ে সাগৰত-বালিৰে নিৰ্মিত শিৱলিংগ আৰু পূজনৰ সামগ্ৰীসমূহ বিৰ্সজন কৰি দিলে।ইয়াৰে কিছু সময়ৰ পাছত মহাদেৱ প্ৰকট হল-আৰু দেৱী পাৰ্ৱতীক কলে যে-দেৱী পাৰ্ৱতী-তুমি যোৱা কালি তীজৰ তিথিত মোৰ পূজা নকৰিলা?


মহাদেৱৰ কথা শুনি-দেৱী পাৰ্ৱতীয়ে কলে যে-মই যোৱাকালি পূজা কৰিলো আৰু এতিয়া পূজাৰ সামগ্ৰী সাগৰত বিৰ্সজন কৰিলো।মহাদেৱে তেতিয়াও আৰু কিছু পৰ দেৱী পাৰ্ৱতীৰ লগত ধেমালী কৰিব বিচাৰিছিল।মহাদেৱে কলে-মইটো কোনো পূজাৰ চিহ্ন দেখা নাই!যদি তুমি পূজা কৰিছিলা-প্ৰমাণ দিয়া? ( Religious Studies )


*তেতিয়ালৈকে মা পাৰ্ৱতীয়ে মহাদেৱৰ কথা বুজিছিল যে-মহাদেৱে তেওঁক জানি বুজি আমনি কৰি আছে।যি জগতৰ প্ৰতিটো ঘটনাৰে সাক্ষী হয়।তেওঁক আকৌ প্ৰমাণৰ কিয় আৱশ্যক।


তেতিয়া দেৱী পাৰ্ৱতীয়ে এই হাঁহি ধেমালীৰ সম্পূৰ্ণ ৰূপে ভোগ কৰিছিল।মহাদেৱৰ কথা শুনি-দেৱী পাৰ্ৱতীয়ে ওচৰে-পাজৰে চাবলৈ ধৰিলে।তেতিয়া কিছু দূৰত দেৱী পাৰ্ৱতীয়ে এজনী গায় গৰুক দেখা পালে।


গায় গৰুক দেখা পায় দেৱী পাৰ্ৱতীয়ে কলে যে-গায় গৰু মোৰ সাক্ষী হয়।মই পূজা কৰাৰ সময়ত এই গায় গৰু উপস্থিত আছিল।তেতিয়া মহাদেৱে গায় গৰুক সুধিলে যে-পাৰ্ৱতীয়ে সঁচাকে পূজা কৰিছিল নে! কিন্তু গায় গৰুৱে নাইকৰা বুলি মূৰটো লৰালে।


তেতিয়া মহাদেৱে গায় গৰুৰ কথি শুনি-দেৱী পাৰ্ৱতীক কলে যে-দেৱী তুমি অসত্য কৈছা!গায় গৰুৱে-তোমাৰ ফালে সাক্ষী নিদিলে!মহাদেৱৰ সন্মুখত অকাৰন্তে নিজকে মিছলীয়া হৈ দেৱী পাৰ্ৱতীয়ে সহিব নোঁৱাৰিলে।সেই সময়তে-দেৱী পাৰ্ৱতীয়ে গৰুক শাপ দিলে যে-তুমি দিব্য জন্মিছা।জগতৰ কল্যাণৰ বাবে প্ৰকট হৈছা সেইবাবে জনহিতৰ বাবে তোমাৰ গুণ যথাবত থাকিব।কিন্তু যি মুখেৰে তুমি মিছা সাক্ষী দিলা-সেইখন মুখে দণ্ড ভূগিব লাগিব।মিছাকোৱাৰ বাবে-এতিয়াৰপৰা তোমাৰ জুঠাই তোমাৰ আহাৰ হব।


*এইদৰে মিছা কোৱাৰ বাবে-গায় মাতা ক্ৰোধৰ অংশীদাৰ হল।আৰু আজিলৈকে তেওঁৰ সন্ততি ভাল ভোজনৰ প্ৰাপ্ত হোৱাৰ পাছটো জুঠা খাবলৈ বাধ্য হয়।


#এই কথায় আমাক শিক্ষা দিয়ে যে-অসত্য কোৱাৰ বাবে তাৰ পৰিণাম বহুত গম্ভীৰ হব পাৰে।লগতে দাম্পত্য জীৱনৰ ৰসপূৰ্ণ কৰি মধুৰতা ভাৱে জীৱন-যাপন কৰিবলৈ শিক্ষা দিয়ে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages