ত্ৰীদেৱৰ সম্বন্ধত তিনিটা কথা প্ৰচলিত আছে। শিৱ পুৰাণ, ভাগৱত কথা, সপ্তৰ্ষি শিৱ পুৰাণৰ অনুসাৰে, এবাৰ ব্ৰহ্মা আৰু শ্ৰী বিষ্ণুৰ মাজত তৰ্ক হল যে, তেওঁলোকৰ মাজত সকলোতকৈ ডাঙৰ আৰু মহান কোন হয়! ( Religious Studies )
এসময়ত তৰ্ক ইমানে ডাঙৰ হল যে, যুদ্ধৰ প্ৰয়োজন হল। তেতিয়া তেওঁলোকৰ মাজত এক প্ৰজলিত স্তম্ভ প্ৰকট হল। তেতিয়া ব্ৰহ্মা আৰু শ্রী বিষ্ণুৰ মাজত এয়া নিৰ্ণয় হল যে, যিয়ে এই স্তম্ভৰ আৰম্ভণি শিখা আৰু অন্ত শিখা বিচাৰি উলিয়াব, তেওঁকে শ্ৰেষ্ঠ বুলি গণ্য কৰা হব।
তেতিয়া ব্ৰহ্মা আৰু শ্রী বিষ্ণুয়ে সেই স্তম্ভৰ আৰম্ভণি শিখা আৰু অন্ত শিখা বিচাৰিবলৈ আগবাঢ়ি গল। কিন্তু সেই অগ্নি স্তম্ভ ইমানে বিশাল আছিল যে, সেই স্তম্ভৰ আৰম্ভণি শিখা দেখা পোৱা গৈছিল নে অন্ত!
কিছুসময় পাচত শ্রী বিষ্ণুয়ে নিজৰ পৰাজয় স্কীকাৰ কৰিলে। কিন্তু ব্ৰহ্মাই মিছা মাতিলে যে, তেওঁ স্তম্ভৰ আৰম্ভণি শিখা দেখা পালে। এইদৰে ব্ৰহ্মাই মিছা কোৱাত সেই স্তম্ভৰ পৰা ভগৱান শিৱ প্ৰকট হল।
ব্ৰহ্মাৰ পাঁচখন মুখৰ পৰা যিখন মুখে মিছা মাতিছিল, সেই মুখ'খন ভগৱান শিৱই কাটি পেলালে। আৰু ভগৱান শ্রী বিষ্ণুক শিৱই নিজৰ সমান হবলৈ বৰদান দিলে। এইদৰে শিৱ পুৰাণৰ অনুসাৰে ভগৱান শিৱ ত্ৰীদেৱৰ মাজত সকলোতকৈ ডাঙৰ হয়।
দ্বিতীয় কথাৰে,
এবাৰ সপ্ত মুনিসকলৰ মাজত কথা হল যে, দেৱৰ মাজত সকলোতকে ডাঙৰ কোন! তেতিয়া সকলো ঋষিয়ে ভৃগু মুনিক তেওঁলোকৰ পৰীক্ষা লবলৈ কলে।
সকলো ঋষিৰ কথাত ভৃগু মুনি প্ৰথমে ব্ৰহ্মাৰ কাষলৈ গল আৰু তেওঁক অপমান কৰিলে। ভৃগু মুনিয়ে অপমান কৰা দেখা পায় ব্ৰহ্মা ক্ৰধিত হল।
তাৰপিছত ভৃগু মুনি মহাদেৱৰ কাষলৈ গল। আৰু তেওঁকো অপমান কৰিলে। তেতিয়া মহাদেৱো ক্ৰধিত হল। অৱশেষত ভৃগু মুনি শ্রী হৰিৰ নিবাস স্হান বৈকুণ্ঠ ধাম পালেগৈ। আৰু বৈকুণ্ঠ ধাম গৈ পায় ভৃগু মুনিয়ে শ্ৰী বিষ্ণুৰ বুকুতে লঠিয়াই দিলেগৈ। ( Religious Studies )
এনে হোৱাত ভগৱান শ্রী বিষ্ণুয়ে ভৃগু মুনিৰ শ্রী চৰণত ধৰি লে আৰু সুধিলে, আপুনি কৰবাত দুখ পালে নি! কাৰণ মোৰ বক্ৰ স্হল বহুত কঠোৰ! ভগৱান শ্রী বিষ্ণুৰ এই কোমল স্বভাৱক দেখা পায় ভৃগু মুনিয়ে কলে, ত্ৰীদেৱৰ মাজত সকলোতকৈ ডাঙৰ ভগৱান শ্রী বিষ্ণু হয়।
তৃতীয় কথাৰে,
এবাৰ ত্ৰীদেৱ একেলগে বহি আছিল। তেতিয়া ভগৱান শিৱৰ মনত এক বিচাৰ আহিল যে, যদি মই সৃষ্টিৰ সংসাৰক হয়, কাৰণ মই ব্ৰহ্মাৰ বিনাশ কৰিব পাৰো।
তেওঁ কাষতে বহি থকা ব্ৰহ্মা আৰু শ্রী বিষ্ণুয়ে শিৱৰ কথা বুজিলে। তেতিয়া ব্ৰহ্মাই কলে, হে মহাদেৱ মই জানিব বিচাৰো যে আপোনাৰ শক্তিয়ে মোৰ ওপৰত কি প্ৰভাৱ পেলাব! আপুনি আপোনাৰ শক্তি দ্বাৰা মোক ভষ্ম কৰিবলৈ চেষ্টা কৰক।
তেতিয়া শিৱই ব্ৰহ্মাৰ কথা মতে, তেওঁৰ শক্তি ব্ৰহ্মাৰ ওপৰত প্ৰয়োগ কৰিলে। আৰু কিছু ক্ষণতে ব্ৰহ্মা চাই হৈ পৰিল। তাকে দেখা পায় ভগৱান শিৱ চিন্তিত হল, আৰু তাকে দেখা পায় ভগৱান শ্রী বিষ্ণুয়ে কলে, আপুনি আপোনাৰ শক্তি মোৰ ওপৰতো প্ৰয়োগ কৰি চাওক যে, ইয়াৰ কি পৰিণাম হয়!
তেতিয়া ভগৱান শিৱই নিজৰ সকলো শক্তি ভগৱান শ্রী বিষ্ণুৰ ওপৰত প্ৰয়োগ কৰিলে, আৰু কিছু ক্ষণতে ভগৱান শ্রী বিষ্ণু চাই হৈ পৰিল। তাকে দেখা পায় ভগৱান শিৱ আৰু বেছিকৈ চিন্তিত হৈ পৰিল। তেনেতে সেই চাইৰ মাজৰ পৰা মাত দিলে যে, মই ব্ৰহ্মা হয়, যত নিৰ্মাণ হয়, তাত মই নিশ্চিত ভাৱে থাকো। ইয়াত মোৰ ভষ্ম দ্বাৰা চাই উৎপন্ন হল। সেইবাবে মই ইয়াত আছো।
দ্বিতীয় চাই দৌলটোৱে মাত দিলে যে, মহাদেৱ চিন্তিত নহব। মই ইয়াতে আছো কাৰণ যি ঠাইত যি বস্তুৰ নিৰ্মাণ হয়। তাত সেই বস্তুৰ সুৰক্ষা দায়িত্ব মোৰ ওপৰত থাকে। সেইবাবে মই ইয়াতে আছো।
ইয়াৰ পাছত মহাদেৱে নিজকে বিনাশ কৰিবলৈ চেষ্টা কৰিলে। ভগৱান শিৱই ভাৱিলে যে, যদি মই নিজকে বিনাশ কৰোঁ, তেতিয়া বিষ্ণু, ব্ৰহ্মা বিনাশ হব। ইয়াৰ পাছত শিৱই নিজকে বিনাশ কৰিলে। যেনেদৰে মহাদেৱে ভাৱিছিল, ঠিক তেনেদৰে হল। ব্ৰহ্মা, বিষ্ণু বিনাশ হল।সেই ঠাইত তিনিটা ভষ্মৰ দৌল হল।
তেতিয়া প্রথম ভষ্মই মাত দিলে, মই ব্ৰহ্মা হয়। যি ঠাইত যি বস্তুৰ নিৰ্মাণ হয়, তাতে মই থাকো। দ্বিতীয় দৌলৰ পৰা ভগৱান শ্রী বিষ্ণুয়ে মাত লগালে, মই বিষ্ণু হয়। যত যি বস্তুৰ নিৰ্মাণ হয়, সেই ঠাইত সেই বস্তুৰ সুৰক্ষা বাবে মই থাকো। সেইবাবে মই জীৱিত আছো। সকলোতকৈ প্ৰথমে ব্ৰহ্মাই মাত দিছিল। সেইবাবে সৰ্বপ্ৰথম তেওঁ নিৰ্মাণ হৈছিল। এই কথা অনুসাৰে ব্ৰহ্মাক সকলোতকৈ ডাঙৰ কোৱা হয়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment